ETV Bharat / state

আজিৰে পৰা মহা অম্বুবাচী মেলা : 8 বাজি 35 মিনিট 14 ছেকেণ্ডত হ’ল প্ৰবৃত্তি - AMBUBACHI MELA 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 6:57 PM IST

Updated : Jun 22, 2024, 9:47 AM IST

Kamakhya Devalaya : শনিবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ল মহা অম্বুবাচী মেলা । প্রতি বছৰৰ দৰে এইবাৰো নীলাচলৰ বুকুত চলিছে মহা অম্বুবাচী মেলাৰ ব্যাপক আয়োজন । হাজাৰ-হআজাৰ দেশী-বিদেশী পর্যটকে ইতিমধ্যে ভিৰ কৰিছে নীলাচল পাহাৰত ।

MAA KAMAKHYA DEVALAYA
কিদৰে সাজু হৈছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ (ETV BHARAT ASSAM)

গুৱাহাটী, 22 জুন : আজিৰে (শনিবাৰ) পৰা আৰম্ভ হ'ল মহা অম্বুবাচী মেলা ৷ মহা অম্বুবাচীৰ মহাপৰ্বৰ বাবে বিগত কেবাদিনৰ পৰাই সাজু হৈ আছে ভক্ত, উদ্যোক্তা তথা প্ৰশাসন ৷ 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'ব এই অম্বুবাচী মেলা ৷ 22 জুনৰ পুৱা8 বাজি 35 মিনিট 14 ছেকেণ্ডত হ’ল অম্বুবাচীৰ প্ৰবৃত্তি ৷ অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ তিনিদিন বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷

শনিবাৰৰ পৰা মহা অম্বুবাচী মেলা (ETV BHARAT ASSAM)

26 জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ৷ ইফালে অম্বুবাচী মেলা উপলক্ষে ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিয়ে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ এই সন্দৰ্ভত কামাখ্যা ধামৰ মূল দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি অম্বুবাচী মেলাৰ সময়ত যাত্ৰীসকলক সুকলমে পৰিচালনা কৰিবলৈ যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি প্ৰশাসনৰ সহযোগত গ্ৰহণ কৰা হৈছে ৷

চাফ-চিকুণ তথা স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে 120 গৰাকী চাফাই কৰ্মী নিয়োগ কৰা হৈছে ৷ তেওঁ লগতে জনাই যে, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ 250 টা চি চি টভি কেমেৰাৰ লগতে পুনৰ নতুনকৈ 300 টা চি চি টিভি কেমেৰা দেৱালয়ৰ চৌপাশে সংস্থাপন কৰা হৈছে ৷ সুৰক্ষাৰ বাবে মন্দিৰৰ সুৰক্ষাকৰ্মীসকলৰ লগতে অতিৰিক্তভাৱে 300 গৰাকী স্কাউট এণ্ড গাইডক নিয়োগ কৰা হৈছে ৷

আনহাতে অম্বুবাচী মেলা উপলক্ষে যিসকল তীৰ্থযাত্ৰী বাহিৰৰ পৰা আহিব তেওঁলোকক পাণ্ডু পোষ্ট, মালিগাঁও ৰে’ল ষ্টেচন, আদাবাৰীত প্ৰশাসনৰ তৰফৰ পৰা কেম্পৰ ব্যৱস্থা কৰা হৈছে ৷ পাণ্ডুৰ পৰা কামাখ্যালৈ থকা উৰণ সেতুৰ তলত যাত্ৰীসকলৰ জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থাও কৰা হৈছে ৷

লগতে পঢ়ক : মূলদ্বাৰ বন্ধৰ পূৰ্বে মা কামাখ্যাৰ আশীষ ল'বলৈ নীলাচলত ভক্তৰ ভিৰ - AMBUBACHI MELA 2024

ইফালে যাত্ৰীসকলে তলৰ পৰা ওপৰলৈ পদপথে খোজকাঢ়ি আহিব লাগিব ৷ পদপথত থাকিব চিকিৎসা সেৱা, খোৱাপানী, জিৰণি চ'ৰাৰ ব্যৱস্থা ৷ নিশা 8 বজাৰ পিচত যাত্ৰীসকলে কামাখ্যাত পদাৰ্পণ কৰিব নোৱাৰিব ৷ 8 বজাৰ লগে লগে প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব ৷ পুনৰ পুৱা 5 বজাৰ পৰা কামাখ্যাত পদাপৰ্ণ কৰিব পাৰিব ভক্তসকেল ৷ আনহাতে এইবর্ষৰ অম্বুবাচীত 25 লাখ ভক্তৰ আগমনৰ আশা প্ৰকাশ কৰিছে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ৷

মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা মতে মেলা উপলক্ষে অহা 27 জুনলৈকে কামাখ্যা মন্দিৰত ভি আই পি পাছ বন্ধ ৰখা হৈছে । এই সময়ছোৱাত কামাখ্যাৰ মূল পথেৰে বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । পাণ্ডুৰ বিকল্প পথেৰেহে এটা দূৰত্বলৈকে বাহন চলাচল কৰিব পাৰিব । তাৰে পৰা শাৰীৰিকভাৱে অক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মন্দিৰৰ ওচৰলৈ যাবলৈ ফেৰীৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰ উপৰিও তীর্থযাত্ৰীৰ বাবে কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপত আৰু পাণ্ডু জাহাজঘাটত দুটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে ৷ য'ত 20-25 হেজাৰ তীৰ্থযাত্রী থকাৰ সুবিধা আছে । অম্বুবাচী উপলক্ষে নীলাচল পাহাৰ আৰু সমাগম থলীত পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা আৰু চি চি টি ভিৰ ব্যৱস্থা কৰা হৈছে

লগতে পঢ়ক : ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি, উথপথপ হ’ব নীলাচলৰ বাকৰি - AMBUBACHI MELA 2024

Last Updated : Jun 22, 2024, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.