ETV Bharat / state

কাজিৰঙাত হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰ্যটকক দুৰ্ব্যৱহাৰৰ অভিযোগ - Misappropriation of tourists

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 1:54 PM IST

Shoolin Woods Resort : বুধবাৰে কলকাতাৰ পৰা কাজিৰঙা ভ্ৰমণলৈ বুলি আহিছিল পৰ্যটকৰ এটা দল ৷ এই দলটোক তেওঁলোকে নৈশ যাপনৰ বাবে লোৱা অতিথিশালাৰ পৰিচালক ৰিচা চেত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷

Shoolin Woods Resort
পৰ্যটকক দুৰ্ব্যৱহাৰৰ অভিযোগ (Source : Etv Bharat Assam)

পৰ্যটকক দুৰ্বব্যহাৰৰ অভিযোগ (Source : Etv Bharat Assam)

কাজিৰঙা, 17 মে’ : কাজিৰঙাৰ পৰ্যটন নিবাসত পৰ্যটকক দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ শ্বুলিন উডচ নামৰ পৰ্যটন নিবাসটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ কাজিৰঙা ভ্ৰমণলৈ অহা কলকাতাৰ এটা পৰ্যটকৰ দলক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিপৰীতে সমগ্ৰ অভিযোগ খণ্ডন কৰিছে নিবাসটোৰ পৰিচালকগৰাকীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে কলকাতাৰ পৰা কাজিৰঙা ভ্ৰমণলৈ বুলি আহিছিল পৰ্যটকৰ এটা দল ৷ দলটোৱে কাজিৰঙা-কাৰ্বি আংলং সীমান্তৰ কঁহৰাৰ পাহাৰৰ পাদদেশত অৱস্থিত শ্বুলিন উডচ্ নামৰ পৰ্যটন নিবাসটোত নৈশ যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

দলটোৱে অতিথিশালাটোৰ পৰা কিছু দূৰৈত হৈ থকা পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি পুনৰ উভতি অহাৰ পিছত পৰ্যটকসকলক দুৰ্ব্যৱহাৰ কৰা বুলি নিবাসটোৰ পৰিচালক ৰিচা চেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ কেৱল এয়াই নহয়, পৰ্যটকৰ দলটোৰ লগতে তেওঁলোকৰ বাহনৰ চালকগৰাকীককো আৱদ্ধ কৰি ৰাখে পৰিচালকগৰাকীয়ে ৷

জানিব পৰা মতে, পৰ্যটকৰ দলটো কোনোবা ট্ৰেভেল এজেন্সীৰ জৰিয়তে আশ্ৰয় লৈছিল শ্বুলিন উডচ্ নামৰ পৰ্যটন নিবাসটোত ৷ পিছে এজেন্সী আৰু পৰ্যটন নিবাসৰ লেনদেন সম্পূৰ্ণ নোহোৱাৰ বাবেই পৰ্যটকৰ দলটোৱে দুৰ্ভোগ ভূগিবলগা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ আনহাতে, শ্বুলিন উডচ্‌ৰ তৰফৰ পৰা এই সমগ্ৰ অভিযোগ নসাৎ কৰিছে পৰিচালক ৰিচা চেত্ৰীয়ে ৷

উল্লেখ্য যে, অতিথি দেৱো ভৱঃ - এই নীতিক সাৰোগত কৰি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে পৰ্যটকসকলক সেৱা আগবঢ়াই আহিছে ৷ পিছে কাঠফুলাৰ দৰে য’তে-ত’তে গঢ়ি উঠা একাংশ হোটেল, ৰিছ’ৰ্ট কৰ্তৃপক্ষই মাথো কেইটামান টকাৰ বিনিময়ত নিম্নমানৰ সেৱা আগবঢ়াই পৰ্যটকসকলক ৷ সঁচাকৈয়ে আৰু সঘনে এনে অভিযোগ উত্থাপিত হৈ থাকিলে ৰাজ্যৰ পৰ্যটন খণ্ডত যে ইয়াৰ প্ৰভাৱ নপৰিব তাক নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক:

আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰথমে কি নামেৰে পৰিচিত আছিল ? - History Of Kaziranga National Park

ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগৰ পূৰ্বে সাৱধান, জাৰি কৰা হৈছে কেতবোৰ নিয়ম - Rules For Kaziranga Visitors

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.