ETV Bharat / state

চিলাপথাৰত জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ - Jal Jeevan Mission Corruption

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:23 PM IST

Jal Jeevan Mission in Assam:জল জীৱন মিছনৰ নামত চলিছে ব্যাপক অনিয়ম । একাংশ ঠিকাদাৰৰ মইমতালিৰ বাবেই প্ৰহসনত পৰিণত হৈছে জল জীৱন আঁচনি । এই আঁচনিখন ৰূপায়ণ হৈছে যদিও ৰাইজে পোৱা নাই পানী ।

Jal Jeevan Mission in Assam
জল জীৱন মিছন (ETV BHARAT ASSAM)

জল জীৱন মিছন (ETV BHARAT ASSAM)

জোনাই, ১১ মে: ৰাজ্য় চৰকাৰে জল জীৱন মিছনৰ জৰিয়তে ৰাইজক পানী যোগান ধৰা বুলি দাবী কৰি আহিলেও প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক অনিয়ম । ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে জোনাইত ইটোৰ পিছত সিটো জল জীৱন মিছন আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি আৰু অনিয়ম । এই আঁচনিৰ পৰা বিশুদ্ধ পানী লাভ নকৰা ৰাইজে ক্ষোভ উজাৰি কয় যে একাংশ ঠিকাদাৰৰ মইমতালিৰ বাবেই প্ৰহসনত পৰিণত হৈছে জল জীৱন মিছন ।

ধেমাজিত জল জীৱন মিছনৰ নামত আচলতে চলিছে কি ? এই প্ৰশ্ন ৰাইজে উত্থাপন কৰি অহাৰ মাজতেই বিশুদ্ধ খোৱা পানীৰ নামত চিলাপথাৰত ঠিকাদাৰে ৰাইজক খুৱাইছে বিৰবিহ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন আঁচনিৰ গুৰুত্ব প্ৰকৃততে কিমান দূৰ সঠিক ৰূপত বিভাগীয় কৰ্তৃপক্ষ অথবা ঠিকাদাৰে ৰূপায়ন কৰিব পাৰিছে সেই লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । ধেমাজি জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত চিলাপথাৰৰ পিৎয়াঙ চাপৰিত ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে কোটি টকা খৰচ কৰি জল জীৱন মিছনৰ আঁচনি ৰূপায়ন ঠিকেই হ'ল যদিও ৰাইজে নাপালে পানী । দুই এঘৰলৈ নল গ'ল, কিন্তু নোলাল পানী ।

এই প্ৰসংগত ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে মাহত দুই এবাৰ বিশুদ্ধ পানীৰ নামত ৰাইজক বৰবিহ খুৱাই চৰকাৰী ধন সৰকাই নিলে ঠিকাদাৰে । অভিযোগ অনুসৰি খগেন কোঁচ নামৰ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰজনে অঞ্চলটোৰ ৫০০ শ ঘৰৰো অধিক লোকক বিশুদ্ধ খোৱা পানী যোগানৰ নামত জল জীৱন মিছনৰ আচনি ৰূপায়ন কৰে যদিও আঁচনিখনৰ পৰা উপকৃত নহ'ল ৰাইজ । বৰ্তমান ধোৱা চাঙত থকা জল জীৱন আঁচনিখনে ঢোকে ঢোকে পানী খুৱাইছে ৰাইজক ।

অপৰিষ্কাৰ অৱস্থাত থকা আঁচনিখনৰ পৰা যোগান ধৰা পানীত ওলাই উৎকত গোন্ধ । মুঠেও খোৱাৰ উপযোগী নহয় পানী । যাৰ ফলত আঁচনি ৰূপায়নত ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতি কৰাৰ অভিযোগ তুলিছে ৰাইজে । জল জীৱন মিছনৰ নামত ৰাইজক বৰবিহ খুৱাই মৃত্যুমুখলৈ ঠেলি দিয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে অচিৰেই ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Corruption In Jal Jeevan Mission: জোনাইত জল জীৱন মিছনত দুৰ্নীতি

Jal Jeevan Mission : জোনাইৰ লাইমেকুৰীত JJM আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.