ETV Bharat / state

বোকাখাতত বান সাহায্যত দুৰ্নীতি ! ৬ বছৰ ধৰি গুদামত পৰি আছে ৫০০ কুইণ্টল চাউল - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:15 PM IST

Flood Relief Scam in Bokakhat : কি পৰিস্থিতিত বানাক্ৰান্তৰ সাহায্যৰ বাবে অহা ৫০০ কুইণ্টল চাউল ৬ বছৰ ধৰি পৰি আছে বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত ? তদন্তৰ নামত চলিল কি ?

Flood Relief Scam in Bokakhat
বোকাখাতত বান সাহায্যত দুৰ্নীতিৰ অভিযোগ (ETV Bharat Assam)

গোলাঘাট, ৫ জুলাই : বৰ্তমান বোকাখাতত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি । এমুঠি অন্ন, এখন বস্ত্ৰ আৰু নিৰাপদ বাসস্থানৰ বাবে আনৰ হাতলৈ বা মুখলৈ চাবলগা অৱস্থা এওঁলোকৰ । আনকি স্বয়ং মুখ্যমন্ত্ৰীয়ে বোকাখাতলৈ আহি বোকাখাতৰ বানাক্ৰান্তক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি উল্লেখ কৰি গৈছে । কিন্তু তেনে সময়ত পুনৰ পোহৰলৈ আহিছে বোকাখাতত বান সাহায্যৰ ক্ষেত্ৰত গাফিলতিৰ এক ঘটনা ।

সেয়া হৈছে ২০১৯ চনৰ কথা । তেতিয়াই বান সাহায্যৰ বাবে বোকাখাতলৈ আহিছিল ১০০০ কুইণ্টলতকৈ চাউল । ইয়াৰে বানাক্ৰান্তৰ মাজত বিতৰণ কৰা হৈছিল ৫০০ কুইণ্টল । কিন্তু ৰহস্যজনকভাৱে মহকুমা প্ৰশাসনৰ গুদামত নহয়, সেই চাউল জমা কৰা হৈছিল জলসম্পদ বিভাগৰ গুদামত । ইতিপূৰ্বে ছটা বছৰত কমেও ৬ৰ পৰা ১০ টা বান পাৰ হৈ গ'ল । কিন্তু এতিয়াও কুইণ্টলে কুইণ্টলে চাউল পচি আছে বোকাখাতৰ এইটো গুদামত ৷

বোকাখাত মহকুমা প্ৰশাসনে বানাক্ৰান্তক দিবলৈ অনা চাউল ২০১৯ চনৰে পৰা পচি আছে জলসম্পদ বিভাগৰ এই গুদামটোতে ৷ ব্ৰহ্মপুত্ৰৰ বলিয়া বানত পৰি বন্যাৰ্ত ৰাইজে যিসময়ত এমুঠি অন্নৰ বাবে হাহাকৰ কৰিব লাগিছে, সেই সময়ত বোকাখাতৰ এটা গুদামত কুইণ্টলে কুইণ্টলে চাউল পৰি আছে আলাই-আথানি হৈ ।

তদানীন্তন মহকুমাধিপতি বিবেক শ্যামৰ নিৰ্দেশতেই চাউলখিনি আনি গুদামটো ব্যৱহাৰ কৰি মজুত কৰি ৰাখিছিল ৷ কিন্তু বানাক্ৰান্তৰ বাবে অনা চাউলখিনি কি কাৰণত বিতৰণ নকৰি আজিও গুদামটোতেই পেলাই থ'লে সি ৰহস্যৰ আৱৰ্তত ৷

পৰৱৰ্তী সময়ত ডঃ নেহা যাদৱ মহকুমাধিপতি হিচাপে বোকাখাতলৈ আহে যদিও সংবাদ মাধ্যমে দৃষ্টিগোচৰ কৰাৰ পিচতো তেৱোঁ একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ কিন্তু ব্ৰহ্মপুত্ৰৰ বলিয়া বানত পৰি যিসময়ত বন্যাৰ্তই এমুঠি অন্নৰ বাবে হাহাকৰ কৰিব লাগিছে, সেই সময়ত বোকাখাতৰ এটা গুদামত কুইণ্টলে কুইণ্টলে চাউল পচিবলৈ আৰম্ভ কৰিছে । বৰ্তমান বোকাখাত মহকুমাত বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তো বোকাখাত মহকুমা প্ৰশাসনে কিয় আজিকোপতি একো ব্যৱস্থা গ্ৰহণ নকৰিলে ? ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে ?

যিসময়ত বন্যাৰ্তই এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিবলগা হৈছে, সেই সময়ত বোকাখাত মহকুমা প্ৰশাসনে জলসম্পদ বিভাগৰ গুদামটোত কুইণ্টলে কুইণ্টলে চাউল ছবছৰে কিয় পচাই ৰাখিছে সেইটো অতি ৰহস্যজনক ৷ বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তো বোকাখাত মহকুমা প্ৰশাসনে কিয় আজিও একো ব্যৱস্থা গ্ৰহণ নকৰিলে ?

উল্লেখ্য, ২০২২ চনতে এই বিষয়টো বোকাখাতৰ সাংবাদিকে পোহৰলৈ আনিছিল । ২০২১ চনৰ ২১ জুলাইত তদানীন্তন মহকুমাধিপতি ৰূপে ডঃ নেহা যাদৱে দায়িত্ব লোৱাৰ পাচতেই এই চাউলৰ তথ্য লাভ কৰিছিল । সংগ্ৰহ কৰিছিল চাউলৰ নমুনা । ২০২১ চনৰ ২৭ জুলাইত এই নমুনা প্ৰেৰণ কৰিছিল ফৰেনচিক লেবৰেটৰীলৈ । কিন্তু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াগৰাকীয়ে ফৰেনচিক লেবৰেটৰীৰ পৰা কোনো সদুত্তৰ নোপোৱা বুলি পাচত জানিবলৈ দিছিল।

কিন্তু এই কথাৰ বিশ্বাসযোগ্যতাৰ সন্দৰ্ভত সন্দেহ থাকি গৈছিল । বিশেষকৈ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি হৈছে বোকাখাত । ইয়াতেই আইনী মেৰপেঁচত জলসম্পদ বিভাগৰ গুদামত ছবছৰ ধৰি বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইণ্টল চাউল কিয় পৰি থাকিল সেয়াও চিন্তনীয় । ইফালে বোকাখাত উপ জিলাৰ বৰ্তমানৰ উপ-আয়ুক্ত চিমি কৰণ এই সন্দৰ্ভত জ্ঞাত হয়নে নহয় সেয়া জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024
লগতে পঢ়ক :বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.