ETV Bharat / state

চাহ শ্ৰমিকসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰৰ নামত লুণ্ঠনৰ অভিযোগ - Skill Development Centre

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:46 PM IST

Misappropriation of funds: চাহ শ্ৰমিকসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰত গোহালি সদৃশ পৰিৱেশ । আওপুৰণি প্ৰশিক্ষণ ব্যৱস্থাৰে চলি থকাৰ বাবে সমূহীয়া উন্নয়ন কেন্দ্ৰলৈ কোনো প্ৰশিক্ষাৰ্থী নহাৰ অভিযোগ । দীৰ্ঘদিনে বন্ধ হৈ থকা কেন্দ্ৰসমূহ শীঘ্ৰে খুলি দিবৰ বাবে চৰকাৰলৈ অনুৰোধ আটছাৰ ।

Allegations of loot of funds of tea workers' community development centre
সমূহীয়া উন্নয়ন কেন্দ্ৰৰ নামত লুণ্ঠনৰ অভিযোগ (ETV Bharat Assam)

তিনিচুকীয়া, ২৮ জুন: তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ কিছু নিলগৰ তালাপত স্থাপন কৰা হৈছিল উজনি অসমৰ একমাত্ৰ চাহ শ্ৰমিকসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰ ৷ তেজক পানী কৰি উপাৰ্জন কৰা চাহ শ্ৰমিকৰ দৰমহাৰ এটা অংশ কাটি কাটি নিৰ্মাণ কৰা হৈছিল চাহ শ্ৰমিকসকলৰ বাবে সামুহিক উন্নয়ন কেন্দ্ৰটো । চাহ শ্ৰমিকসকলক স্বনিৰ্ভৰশীল কৰি তুলিবৰ বাবে ১৯৬৫ চনতে কাটিং, টেইলাৰিং, এম্বদাৰী বিভাগৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যৰে স্থাপন কৰা হৈছিল কেন্দ্ৰটো ।

ৰাজ্যৰ শ্ৰম বিভাগৰ অধীনত আৰু চাহ শ্ৰমিক কল্যাণ পৰিষদৰ নিয়ন্ত্ৰণত সমগ্ৰ ৰাজ্য ১৮ টা এনে কেন্দ্ৰ আছে । কিন্তু যুগ যুগ ধৰি ধৰি আওপুৰণি প্ৰশিক্ষণ ব্যৱস্থাৰে চলি থকাৰ বাবে কেন্দ্ৰসমূহত প্ৰশিক্ষণ ল'বলৈ কোনো আগ্ৰহী নহয় বুলি উত্থাপন হৈছে অভিযোগ । ইয়াৰোপৰি চাহ শ্ৰমিকৰ উন্নয়নৰ নামত চাহ শ্ৰমিক কল্যাণ পৰিষদে ভয়ংকৰ লুণ্ঠনৰ চলোৱাৰ অভিযোগ কৰে চাহ শ্ৰমিকসকলে ।

যি সময়ত ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ নামত মোকোলাই দিয়া পুঁজিৰে শ্ৰমিকৰ উন্নয়ন হৈ আছে বুলি নিশ্চিন্ত হৈ বহি আছে । সেই সময়তে চাহ শ্ৰমিক কল্যাণ পৰিষদৰ আয়ুক্তজনে বিদ্যুৎ সংযোগ নথকা প্ৰশিক্ষণ কেন্দ্ৰত কম্পিউটাৰ যোগান দিয়া দেখুওৱাই লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

তালাপত অৱস্থিত অসম চৰকাৰৰ নিয়ন্ত্ৰণাধীন চাহ মজদুৰসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা সঁজাতি দল উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰি কম্পিউটাৰ শিক্ষা প্ৰদানৰ নামত লুণ্ঠনৰ বাহিৰে একো হোৱা নাই বুলি ক্ষোভ উজাৰে ।

স্কীল ডেভেলপমেণ্ট চেণ্টাৰটোত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ বিপৰীতে কেন্দ্ৰটো গোহালিসদৃশ পৰিণত হৈছে বুলি আটছাৰ বিষয়ববীয়াসকলে দাবী কৰে । অভিযোগ অনুসৰি আচবাবসমূহ একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে । বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে স্কীল ডেভেলপমেণ্ট চেণ্টাৰসমূহ, যোগান ধৰা কম্পিউটাৰ আৰু জেনেৰেটৰ চেট ।

ইফালে ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে মোকলাই দিয়া পুঁজি একাংশ চৰকাৰী বিষয়াৰ পকেটত সোমোৱাৰো অভিযোগ কৰে আটছাই । সেয়েহে অতি শীঘ্ৰে কেন্দ্ৰসমূহ খুলি দিবৰ বাবে চৰকাৰক অনুৰোধ জনাই আটছাৰ নেতৃত্বই ।

লগতে পঢ়ক: দীপাংকৰ গগৈৰ মৃত্যুৰ আঁৰৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী : উত্তাল তিতাবৰৰ আৰক্ষী থানা - ULFA I GRENADE ATTACK

বহু চিকিৎসকে ভয় কৰে এন্টিভেনম বেজী দিবলৈ : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.