ETV Bharat / state

APSC 2022 ৰ ফলাফলত বিসংগতিৰ অভিযোগ - Assam Government

APSC 2022: অথন্তৰ, অভিযোগে লগ এৰা নাই অসম লোকসেৱা আয়োগক ৷ আয়োগৰ শেহতীয়া পৰীক্ষাতো বহু বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে ৷ ইফালে পূৰ্বৰ বহু কেলেংকাৰীও গাপ দিয়াৰ অভিযোগ উত্থাপিত কৰিছে Fight against injustice of APSC এ ৷

APSC 2022
অসম লোকসেৱা আয়োগ
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 4:28 PM IST

APSC 2022 ৰ ফলাফলত পুনৰ কেলেংকাৰিৰ অভিযোগ

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: নিকা আৰু স্বচ্ছ নিযুক্তিৰ বচন আওৰোৱা বিজেপি চৰকাৰৰ দিনত এটাৰ পিচত আনটো নিযুক্তি পৰীক্ষাৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ অভিযোগ গাপ দি চৰকাৰখনে ৰেকৰ্ড কৰিছে ৷ এই মন্তব্য Fight against injustice of APSC ৰ Admin মানস প্ৰতীম বৰুৱাৰ ।

দেওবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে যিদৰে বিজেপি নেত্ৰীৰ আত্মহত্যাৰ লগে লগে উন্মোচিত হোৱা ভয়ংকৰ নিযুক্তি কেলেংকাৰি গাপ দিবলৈ সমর্থ হ’ল, জালুকবাৰীৰ 50 বছৰীয়া বৃদ্ধৰ নিযুক্তিৰ অভিযোগ গাপ দিলে, সেইদৰে 2020 চনৰ অসামৰিক সেৱা পৰীক্ষাৰ EWS নিযুক্তি কেলেংকাৰি গাপ দিলে ৷

ইয়াৰোপৰি মানস প্ৰতীম বৰুৱাই কয় যে পালৰ আমোলত ঠগ প্ৰৱঞ্চনাৰে বাচনিভুক্ত বিষয়াক এখন ন্যায়িক তদন্ত আয়োগে অভিযুক্ত কৰাৰ পিচতো পদোন্নতি দি গাপ দিয়াৰ চেষ্টা কৰিলে, সেইদৰেই এই বছৰো বেংকৰ জালিয়াতিৰ গোচৰত বৰ্খাস্ত হোৱাৰ লগতে এপিএচচি কাৰ্যালয়ৰ জনৈক পাটোৱাৰী উপাধিৰ কৰ্মচাৰীৰে মিলি চাকৰিৰ বজাৰ চলাই থকাৰ অভিযোগ থকা প্ৰিয়ংকা বৰুৱাই অসামৰিক সেৱালৈ বাচনিভুক্ত হোৱা সন্দৰ্ভত উন্মোচিত হোৱা কেলেংকাৰিৰ তথ্যও গাপ দিবলৈ সমর্থ হ’ল ।

শেহতীয়াকৈ প্ৰিয়ংকা বৰুৱাক অসম চৰকাৰে নিযুক্তিপত্ৰ প্ৰদান কৰা নাই বুলি মন্তব্য কৰে মানস প্ৰতীম বৰুৱাই । প্ৰিয়ংকা বৰুৱাই একমাত্ৰ বক্ৰপথেৰে বাচনিভুক্ত বিষয়া নেকি বুলি তেওঁ প্ৰশ্ন কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে 2016-17 চনৰ পৰা অসম লোকসেৱা আয়োগে প্ৰাৰ্থীসকলক নিজৰ উত্তৰবহীখনো প্ৰদান কৰা নাই ।

আনকি পৰীক্ষাৰ ফলাফল ওলোৱাৰ প্ৰায় এমাহৰ পিচত প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ প্ৰদান কৰিলে যদিও আজিলৈকে কাট অফ নম্বৰ প্ৰকাশ নকৰিলে । যিজন মুখ্যমন্ত্ৰীযে এসময়ত আয়োগৰ সংস্কাৰ আৰু স্বচ্ছতাক লৈ প্ৰবন্ধ লিখিছিল, সেইজন মুখ্যমন্ত্ৰীৰ দিনতেই অসম লোকসেৱা আয়োগে তথ্য জনাৰ অধিকাৰ আইনক বাৰে বাৰে ভেঙুচালি কৰিছে বুলি অভিযোগ তুলিছে Fight against injustice of APSC ৰ Admin মানস প্ৰতীম বৰুৱাই ।

বৰুৱাই কয় যে উচ্চতম ন্যায়ালয়ে অংগেছ কুমাৰ বনাম কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ক্ষেত্ৰত দিয়া এক ৰায়ৰ উদ্ধৃতি দি বিগত সময়ত এপিএচচিয়ে প্ৰার্থীসকলক আনকি নিজৰ উত্তৰবহীখনো নিদিয়ে । অথচ আজি পর্যন্ত ইউপিএছছিৰ দৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নম্বৰসহ এখন সামগ্ৰিক মেধাৰ তালিকা প্ৰকাশ কৰিবলৈ সক্ষম নহ’ল ।

লক্ষ্যণীয় কথা যে ইমান সংগোপনে প্ৰাৰ্থীসকলৰ নম্বৰ দিয়া স্বত্তেও দুই এজন বাচনিভুক্তৰ নম্বৰ দেখি বহু প্ৰাৰ্থীৰ চকু কপালত উঠিছে । কিয়নো সাধাৰণ অধ্যয়নত 30 শতাংশ নম্বৰ লাভ নকৰা এচামে ৰচনাৰ (Essay) কাকতত লাভ কৰিছে 95 শতাংশ নম্বৰ ।

তদুপৰি মূল পৰীক্ষাৰ আটাইকেইখন কাকতত উত্তীর্ণ বহু প্ৰার্থীক অনুপস্থিত বা ৰোল নং ভুল দেখাইছে । এই সকলো দিশ চালিজাৰি চাই বহু প্ৰাৰ্থীযে এই বছৰো আয়োগৰ পৰীক্ষাত এক বৃহৎ কেলেংকাৰি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । তদুপৰি বিগত বছৰত মৌখিক পৰীক্ষাৰ দুদিন পিচতেই ফলাফল দিয়া আয়োগে এই বছৰ সন্দেহজনকভাবে মৌখিক পৰীক্ষাৰ দুসপ্তাহৰ পিচতহে ফলাফল ঘোষণা কৰে ।

তদুপৰি, এপিএচছিৰ পৰা অসমীয়াৰ যোগ্যতামূলক কাকতখনো কৰ্তন কৰা ড৹ শৰ্মা চৰকাৰৰ দিনত অসমীয়াৰ ‘অ’টোও নজনা বহু অনা অসমীয়া প্ৰার্থী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বিষয়টোৱে ৰাজনৈতিক তুষ্টিকৰণৰ বাবেই যে আয়োগৰ পৰা অসমীয়াৰ কাকত প্ৰত্যাহাৰ কৰা হৈছিল সেয়া প্ৰমাণিত কৰিলে বুলি কয় মানস প্ৰতীম বৰুৱাই । আজিলৈকে আনকি অসমীয়াত প্ৰশ্ন কাকতো প্ৰকাশ নহ'ল বুলিও বৰুৱাই সদৰী কৰে ।

আয়োগক অতিশীঘ্ৰে উত্তীর্ণ প্ৰার্থীসকলৰ সকলো বিষয়ৰ নম্বৰসহ এখন সামগ্ৰিক মেধাৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনায় Fight against injustice of APSCএ । ইয়াৰোপৰি অসম চৰকাৰক আয়োগৰ পৰীক্ষাৰ দুৰ্নীতিৰ অভিযোগসমূহ গাপ দি নাৰাখি ক্ষিপ্ৰতাৰে তদন্ত কৰিবলৈ তেওঁলোকে আহ্বান জনোৱাৰ লগতে বাকী ৰৈ যোৱা পদসমূহৰ বাবে মেধাৰ ভিত্তিত এখন অপেক্ষা তালিকা প্ৰকাশ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: ভেকো-ভাওনাত পৰিণত এ পি এছ চি কেলেংকাৰীৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.