ETV Bharat / state

জোনাইত এম জি এনৰেগা আঁচনিৰ ধন কুক্ষিগত কৰাৰ প্ৰতিযোগিতা ! - Scam in MGNREGA

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:50 AM IST

Scam in road construction : জোনাইৰ বিভিন্ন পঞ্চায়তত অবাধ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতি কাৰ্যতঃ ধোঁৱাচাঙত উঠিছে জোনাইত ৷ উচিত তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ৷

Scam in road construction
পথৰ অৱস্থা (ETV Bharat)

জোনাই, 30 জুলাই : ধোঁৱাচাঙত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতি ৷ জোনাইৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

জোনাইত এম জি এনৰেগা আঁচনিৰ ধন কুক্ষিগত কৰাৰ প্ৰতিযোগিতা ! (ETV Bharat)

জানিব পৰা মতে, একাংশ ঠিকাদাৰ, পঞ্চায়তৰ বিষয়া-অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াই মিলি আঁচনিৰ অধীনত অতি নিম্নমানৰ কাম কৰি লাখ লাখ টকা হস্তগত কৰিছে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, জোনাই খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাহিৰ জোনাই গাঁও পঞ্চায়তত 2022-23 বিত্তীয় বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত এটা পথ নিৰ্মাণৰ বাবদ প্ৰায় 11 লাখ 55 হাজাৰ ধন আৱণ্টন হৈছিল ।

বেৰাৰ পৰা লালী নদী হৈ হোমা হাউচক সংযোগ কৰা পথটো নিৰ্মাণৰ বাবে এই ধন আৱণ্টন কৰা হৈছিল ৷ কিন্তু নিৰ্মাণকাৰ্যৰ সময়ত অলপো মাটি নেপেলাই মাত্ৰ কেইট্ৰেক্টৰমান শিল-বালি পেলাই আঁচনিখনৰ লাখ লাখ ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকে ।

ইফালে এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ অভিযোগ কৰি আহিছিল যদিও ৰাইজৰ এই অভিযোগক নসাৎ কৰিছে আঁচনিখনৰ ঠিকাদাৰ, বিষয়া-অভিযন্তাৰ লগতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে । খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেবাখনো পঞ্চায়তত এইদৰে এতিয়া লুন্ঠনৰাজৰ প্ৰতিযোগিতা চলিছে বুলি অভিযোগ স্থানীয় লোকৰ ।

গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগতে উচ্চপদস্থ বিষয়াই আঁচনিসমূহৰ কামৰ নমুনাৰ চৰজমিন তদন্ত কৰি দুৰ্নীতি-অনিয়মৰ সৈতে জড়িত ঠিকাদাৰ, বিষয়া-অভিযন্তাৰ লগতে খণ্ড উন্নয়ন বিষয়াগৰাকীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে ।

লগতে পঢ়ক: দুৰ্নীতি সাংসদ পুঁজিত নে পঞ্চায়তৰ এম জি এনেৰেগাত ? - Scam in road construction

টকাৰ পাহাৰ; সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী - BENJAMIN BASUMATARY VIRAL PHOTO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.