ETV Bharat / state

চিকিৎসকৰ ভুৱা আশ্বাস, ভুল চিকিৎসাৰ বাবেই নৱজাতকৰ মৃত্যুৰ অভিযোগ - Doctors negligence - DOCTORS NEGLIGENCE

Allegation against Hospital: নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰায়েই ভুল চিকিৎসাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সুস্থ হৈ থকা বুলি কৈ নৱজাতকক এন আই চি ইউত ৰাখিলে সাত দিন ৷ নৱজাতকৰ পিত-মাতৃয়ে চিকিৎসকৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

Allegation against Hospital
চিকিৎসালয়ৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 9:13 PM IST

নলবাৰী, ১৩ জুলাই: পুনৰ বিতৰ্কত নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় । নলবাৰীৰ সাৰথি হাস্পতালত পুনৰ ভুল চিকিৎসাৰ বলি হৈ এটি নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পিতৃ-মাতৃয়ে । যোৱা ৩ জুলাইত এইখন হাস্পতালত এটি শিশুৰ জন্ম হয় । নলবাৰীৰ জিতু হালৈয়ে তেওঁৰ পত্নীক ভৰ্তি কৰাইছিল এই চিকিৎসালয়খনত । সন্তানটো জন্ম হোৱাৰ পিচতেই চিকিৎসকে মাতৃ আৰু নৱজাতক দুয়ো সুস্থ বুলি কয় । কিন্তু এসপ্তাহ পিচত হাস্পতালতেই শিশুটি মৃত্য়ুমুখত পৰে ।

চিকিৎসালয়ৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ (ETV BHARAT ASSAM)

পিতৃ জিতু হালৈয়ে অভিযোগ উত্থাপন কৰি কয় যে শিশুটিৰ জন্মৰ কিছুসময় পিচত মাতৃ আৰু কন্যাশিশুটিক অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই কেবিনত থয় । তাৰ কিছু সময় পিচতেই শিশুটিয়ে মাকৰ গাখীৰ খাবলৈ মন নকৰাত নাৰ্ছক খবৰ দিয়ে বুলি কয় জিতু হালৈয়ে । উত্থাপিত অভিযোগ মতে, নৱজাতকৰ শৰীৰ ভালকৈ পৰিস্কাৰ কৰা হোৱা নাছিল । সেই অভিযোগ উত্থাপনৰ পিচতে নাৰ্ছে শিশুটিক মাতৃৰ ওচৰৰ পৰা লৈ যায় আৰু দুঘন্টামান পিচত চিকিৎসকে ভালকৈ পৰিস্কাৰ কৰি মাকৰ কোলাত ওভোতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু সেই দুঘন্টা গৈ দিন বাগৰিল । মাকৰ কোলালৈ পুনৰ ঘুৰি নাহিল এই শিশুটি ।

চিকিৎসকে প্ৰথমতে সাধাৰণ অসুবিধা আছে বুলি কৈ এন আই চি ইউত ৰাখে । শিশুটি ভাল হ'ব বুলি কৈ এসপ্তাহ পিচত উলিয়াই দিলে । তেতিয়ালৈ এই পৃথিবীৰ পৰা মেলানি মাগিলে শিশুটিয়ে । এইদৰেই এটি দেৱশিশুক ভুল চিকিৎসাৰে হত্যা কৰা হ'ল বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালোটোৱে । উল্লেখযোগ্য যে নলবাৰীৰ এইখন হাস্পতালৰ বিৰুদ্ধে সঘনাই এনে ঘটনাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনহাতে, শিশুটিৰ পিতৃ-মাতৃয়ে চিকিৎসালয়খনৰ ডাঃ বিনয় শৰ্মাৰ বিৰুদ্ধেও চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:Magisterial inquiry order: আদিত্য নাৰ্ছিং হোমত গৰ্ভৱতীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Tense in Jorhat Hospital: ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি উত্তপ্ত যোৰহাটৰ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.