ETV Bharat / state

খোৱাঙত জল জীৱন মিছন আঁচনিৰ আৰম্ভণিতেই লাগিল কেনা - Jal Jeevan Mission Assam

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 3:07 PM IST

Jal Jeevan Mission :ধোঁৱাচাঙত উঠিল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁ‌চনি । খোৱাঙত জল জীৱন মিছনত বিসংগতি । ৰাইজে মাহেকীয়া বৰঙণি সময়ত দিয়ো লাভ কৰা নাই পানী । টেংকিলৈ নুঠে পানী ।

Jal Jeevan Mission Corruption
জল জীৱন মিছন আঁচনি (ETV BHARAT ASSAM)

মৰাণ, ২ জুন: 'ঘৰ ঘৰ নল, ঘৰ ঘৰ জল’ এই শ্ল’গানেৰে প্ৰতি ঘৰতেই জল জীৱন আঁচনিৰ জৰিয়তে খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰৰ এই জল জীৱন মিছনৰ আঁচনি কাৰ্যকৰী কৰাৰ বাবে অধিক তৎপৰ হয় । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এই আঁচনিৰ কাম চলি আছে । কিন্তু ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফল ভুগিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ খোৱাংঘাটৰ পানী যোগান আঁ‌চনিৰ পৰা ৰাইজে কোনো সুফল নোপোৱাত ক্ষোভৰ সৃষ্টি হৈছে ।

জল জীৱন মিছন আঁচনি (ETV BHARAT ASSAM)

উত্থাপিত অভিযোগ অনুসৰি বিভাগীয় বিষয়াৰ দায়িত্বহীনতা আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই খোৱাঙত ধোঁৱাচাঙত উঠিল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁ‌চনি । ডিব্ৰুগৰ খোৱাং ঘাটৰ পানী যোগান আঁ‌চনিত সময়মতে পানী নাপায় ৰাইজে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰাণ উপ-সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা জল জীৱন মিছন আঁ‌চনিত নিৰ্মাণ কৰা পানী যোগান কেন্দ্ৰটো নিৰ্মাণৰ এবছৰ নৌহওঁতেই বিকল হৈ পৰিল যন্ত্ৰ । ফলত টেংকিলৈ নুঠে পানী ।

এই প্ৰসংগত ৰাইজে উত্থাপন কৰা অভিযোগ মতে, বিদ্যুৎ নাথাকিলে সময়মতে পানী নাপায় ৰাইজে । খোৱাং সোণোৱাল বঙালী গাঁৱৰ ২০০ টা পৰিয়ালে মাহে ৩০ টকাকৈ বৰঙণি পঞ্চায়তক দি আছে যদিও সময়মতে পানী নোপোৱাত হাহাকাৰ কৰিব লগা হৈছে । পানী যোগান কেন্দ্ৰটোত কৰ্মৰত জলমিত্ৰ আৰু মৰাণৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক ইয়াৰ অভিযোগ ৰাইজে বাৰম্বাৰ দি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । মূলতঃ ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফল ভুগিছে স্থানীয় ৰাইজে । শীঘ্ৰে এই কেন্দ্ৰটোত পানী যোগান নিয়মীয়া কৰিবলৈ ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক:চিলাপথাৰত জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ - Jal Jeevan Mission Corruption

কলিয়াবৰত প্ৰহসনত পৰিণত জল জীৱন মিছন - Jal Jeevan Mission Assam

কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ : পাইপ বহুৱালে, কিন্তু নলহে নাই - Jal Jeevan Mission Corruption

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.