গুৱাহাটী,১৮ মাৰ্চ: প্ৰথমে প্ৰেম তাৰ পিচত প্ৰৱঞ্চনা । প্ৰেমিকে প্ৰৱঞ্চনাৰে সৰকালে ১২ লক্ষাধিক টকা । জোন বুলি চিনাকি হোৱা মহিদুলে ইছলামে সৰকালে ১২ লাখ টকা । এই ঘটনাটো সংঘটিত হৈছে মহানগৰীত ।
ভুক্তভোগীয়ে অভিযোগ কৰা মতে, যুৱতীগৰাকীৰ পিতৃয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ সময়ত লাভ কৰা সমুদায় টকা সৰকালে মহিদুলে । মহানগৰীৰ এই যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভনেৰে চানমাৰিত আৰম্ভ কৰিছিল হোটেল ব্যৱসায় । ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃয়ে ঋণ লৈ চানমাৰীত খুলি দিছিল হোটেল । হোটেল ব্যৱসায় আৰম্ভ কৰাৰ নামত লুণ্ঠন চলালে মহিদুলে । যুৱতীগৰাকীৰ পৰিয়ালটোৰ পৰা এই ধন সৰকোৱাৰ পিচৰে পৰা মহিদুলে তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ লয় ।
যুৱতীগৰাকীৰ পৰিয়ালটোৰ পৰা সৰকোৱা ১২ লাখ টকা মহিদুলে এতিয়া তেওঁলোকক ঘূৰাই দিয়াৰ পৰিৱৰ্তে ভাবুকি প্ৰদান কৰিছে ভুক্তভোগী পৰিয়ালটোক । কেৱল ১২ লাখ টকাই নহয়, মহিদুলে পৰিয়ালটোৰ পৰা লৈছিল স্কুটী, সোণৰ অলংকাৰ, ডিএছএলআৰ কেমেৰা, এটিএম, চেক বুক আদি । ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, মহিদুল ওৰফে জোনৰ লগত চিনাকী হৈছিল প্ৰায় পাঁচ বছৰ পূৰ্বে । ভৰলুত থকা এখন ৰেষ্টুৰেন্টলৈ গৈ চিনাকী হৈছিল । চিনাকীৰ পিচত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । তেওঁলোকৰ সম্পৰ্কৰ কথা দুয়োখন ঘৰে জানিছিল ।
লকডাউনৰ পিচত ভুক্তভোগীৰ পিতৃয়ে বেংকৰ পৰা ঋণ লৈ চানমাৰিত এখন হোটেল খুলি দিছিল । পিচলৈ হোটেল বন্ধ হৈ থাকিল । ইমানলৈকে ঠিকেই আছিল । ইয়াৰ পিচত মহিদুলৰ চকু পৰিল ভুক্তভোগীৰ পিতৃয়ে পোৱা পেঞ্চনৰ টকালৈ । যুৱতীগৰাকীক ফুচুলাই ১২ লাখ সৰকালে মহিদুলে । টকাখিনি সৰকোৱাৰ পিচৰে পৰা যুৱতীগৰাকীৰ পৰা আঁতৰি থাকিবলৈ লৈছে অভিযুক্ত । এতিয়া ধনখিনি বিচাৰিলেই ভয় ভাবুকি দিয়ে বুলি অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালটোৱে ।