ETV Bharat / state

৫ হাজাৰ কোটিৰ পেকেজ পাই নির্যাতিতক পাহৰাৰ অভিযোগ আলোচনাপন্থী আলফাৰ বিৰুদ্ধে - Package to Disbanded ULFA

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:36 PM IST

Financial Package to Disbanded ULFA : শীঘ্ৰেই আলফা আৰু চৰকাৰৰ সংঘাতৰ সময়ত উভয় পক্ষৰ দ্বাৰা নির্যাতিত হোৱা লোকক ৫ হাজাৰ কোটি টকাৰ অৰ্থনৈতিক পেকেজত অন্তৰ্ভুক্ত কৰিবলৈ দাবী নির্যাতন-বিৰোধী ঐক্যমঞ্চ, অসমৰ । ডিব্ৰুগড় সাহিত্য সভা প্ৰেক্ষাগৃহত সংবাদমেল অনুষ্ঠিত কৰি এই দাবী সংগঠনটোৰ ।

Financial Package to Disbanded ULFA
আলোচনাপন্থী আলফাৰ বিৰুদ্ধে নিৰ্যাতন-বিৰোধী ঐক্যমঞ্চৰ গুৰুতৰ অভিযোগ (ETV Bharat Assam)

ডিব্ৰুগড়, ২২ জুলাই : বহু চৰ্চিত আলফা-চৰকাৰৰ মাজৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ল । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলোচনাপন্থী আলফা গোটৰ নেতৃত্বই কেইটামান মাহৰ পূৰ্বে চুক্তিত স্বাক্ষৰ কৰে । এই শান্তি চুক্তিক বহুতে আদৰণি জনালেও একাংশই এই চুক্তিক গুৰুত্বহীন আখ্যা দিছে ।

নিৰ্যাতন-বিৰোধী ঐক্যমঞ্চ, অসমৰ সংবাদমেল (ETV Bharat Assam)

আনহাতে, আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতেই ৫ হাজাৰ কোটি টকাৰ অৰ্থনৈতিক পেকেজ চৰকাৰে প্ৰদান কৰিছে শান্তি চুক্তি স্বাক্ষৰিত আলফা সদস্যৰ বাবে । কিন্তু এই অৰ্থনৈতিক পেকেজক লৈ আৰম্ভ হৈছে টনা-আঁজোৰা । ইয়াৰ মাজতেই সোমবাৰে নির্যাতন-বিৰোধী ঐক্যমঞ্চ অসমে কেইবাটাও বিষয়ক লৈ ডিব্ৰুগড় সাহিত্য সভা প্ৰেক্ষাগৃহত এক সংবাদমেল অনুষ্ঠিত কৰে ।

সংবাদমেলত নির্যাতন-বিৰোধী ঐক্যমঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই কয় যে আলফা আৰু চৰকাৰৰ সংঘাতৰ সময়ত উভয় পক্ষৰ দ্বাৰা নির্যাতিত হোৱা লোকসকলৰ পৰিচয় আৰু তথ্য সংগ্ৰহৰ স্বাৰ্থত এখন আবেদন-পত্ৰ প্ৰস্তুত কৰা হৈছিল । কিন্তু এতিয়া পত্রখনক লৈ একাংশ লোকে বিভ্রান্তি সৃষ্টি কৰি সংঘাত আৰম্ভ কৰাৰ উপৰি এচামে জালিয়াতিৰে নির্যাতন-বিৰোধী ঐক্যমঞ্চই ব্যৱহাৰ কৰা আবেদনখনৰ নকল কপি বনাই টকা সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নির্যাতন-বিৰোধী ঐক্যমঞ্চ, অসমৰ সাধাৰণ সম্পাদক লক্ষীনাথ ফুকনে ।

ইয়াৰ উপৰি আলফাৰ আলোচনাপন্থী গোটৰ একাংশ নেতাই শান্তি চুক্তিৰ নামত পুনৰ সংস্থাপন আৰু আর্থ-সামাজিক উন্নতিৰ বাবে চৰকাৰে আগবঢ়োৱা পাঁচ হাজাৰ কোটি টকাৰ পেকেজত নির্যাতিতসকলক সাঙুৰি লোৱাৰ দাবী উত্থাপন কৰিলেই লাখ লাখ নির্যাতিত বুলি ভেকাহি মাৰে একাংশ নেতাই । ৫ হাজাৰ কোটিৰ অৰ্থনৈতিক পেকেজ লাভ কৰাৰ পাচতেই আলফাক আশ্ৰয় দিয়া, বিভিন্ন ধৰণে সহায় কৰাসকল আজি উপেক্ষিত হৈ আছে ।

লগতে বহুতেই আজিও আইনী যুঁজ দি থাকিবলগা হৈছে বুলি উল্লেখ কৰে নিৰ্যাতন-বিৰোধী ঐক্যমঞ্চৰ নেতৃবৰ্গই । তেনেস্থলত আলফা-চৰকাৰৰ মাজৰ শান্তি চুক্তি স্বাক্ষৰিত কৰি সেইসকল নিৰ্যাতিতৰ কথা বিয়াগোম আলফা নেতাসকলে পাহৰি গ'লে এই শান্তি চুক্তি কেতিয়াও সফল নহ'ব বুলি তেওঁলোকে কয় । নির্যাতন-বিৰোধী ঐক্যমঞ্চই তাৰ প্ৰত্যাহ্বান স্বৰূপে নির্যাতিতসকলৰ তথ্য সংগ্ৰহ কৰি প্ৰকৃত সংখ্যা দাঙি ধৰিবলৈ আগ্রহী বুলি কোৱাৰ লগতে শীঘ্ৰেই আলফা আৰু চৰকাৰৰ সংঘাতৰ সময়ত উভয় পক্ষৰ দ্বাৰা নির্যাতিত হোৱা লোকক ৫ হাজাৰ কোটিৰ অৰ্থনৈতিক পেকেজত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক :নিৰীহ মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্য়া কৰাৰ অভিযোগ : প্ৰতিবাদত উত্তাল কাছাৰ - Hmar militants killed
লগতে পঢ়ক :এটা অধ্যায় যৱনিকাৰ দিশে: মঙলবাৰে শাস্তি শুনাব ন্যায়ালয়ে - APSC SCAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.