ETV Bharat / state

প্ৰয়োজনত গণতান্ত্রিকভাৱে ওলাই অহাৰ হুংকাৰ প্ৰাক্তন আলফাৰ - Ex ULFA Coordination Committee

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:26 PM IST

EX ULFA PRESS MEET : অসমত চিৰদিন খিলঞ্জীয়াৰ দপদপনি থাকিব বুলি মন্তব্য় সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ । বাংলাদেশীমূলৰ লোকৰ লগতে অনা অসমীয়াক সকীয়নি ।

EX ULFA PRESS MEET
সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি (ETV Bharat Assam)

বৰপেটা, ২৬ আগষ্ট : সাম্প্রতিক সময়ৰ ৰাজনৈতিক পৰিস্থিতিত প্ৰাক্তন আলফাই জাতি-মাটি-ভেঁটিৰ পক্ষত অৱস্থানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সোমবাৰে বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মিনাৰাম গগৈ, সম্পাদক ৰমেন ডেকা, ধ্ৰুৱজ্যোতি কলিতা আৰু মৃদুল বৰাই প্ৰাক্তন আলফাই এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে । প্ৰয়োজনত গণতান্ত্রিকভাৱে ওলাই অহাৰ হুংকাৰ দিয়ে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে ।

  • অৰ্থনৈতিক সংগ্রাম গঢ়ি তোলাৰ পণ :

প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মিনাৰাম গগৈয়ে এই প্ৰসংগত কয়, "অসমত চিৰদিন খিলঞ্জীয়াৰ দপদপনি থাকিব । বাংলাদেশীমূলৰ লোকৰ অথবা অনা অসমীয়াৰ দপদপনি সহ্য কৰা নহব ।"

প্ৰাক্তন আলফাৰ অসমত অৰ্থনৈতিক সংগ্রাম গঢ়ি তোলাৰ পণ বুলি উল্লেখ কৰি তেওঁ কয়, "অৰ্থনৈতিকভাৱে ভেঁটি সবল নহ'লে জাতি-মাটি-ভেঁটি ৰক্ষা নহ'ব । পথাৰ আৰু বজাৰৰ সৈতে সম্পর্ক গঢ়ি তুলিব লাগিব ।"

  • পূৰ্ববংগীয় লোকৰ দ্বাৰা জাতিটো অবদমিত হৈছে :

ইপিনে, খিলঞ্জীয়া অসমীয়াৰ ওপৰত চলা আক্ৰমণ কঠোৰ হাতেৰে দমন কৰিবলৈকো চৰকাৰক দাবী জনাইছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। বিশেষভাৱে ৰাজ্যখনত বিশেষ সম্প্ৰদায়ৰ লোকৰ কৃষিৰ ফচল ব্যবহাৰ নকৰিবলৈ খিলঞ্জীয়া লোকৰ প্ৰতি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে আাহ্বান জনায় ৷

তেওঁলোকে কয়, "পূৰ্ব বংগীয় লোকৰ দ্বাৰা জাতিটো অবদমিত হৈ আহিছে । তাৰ বাবে খিলঞ্জীয়া লোকসকল কৃষি কাৰ্যত জৰিত হ'ব লাগিব । এলেহুৱা হৈ বহি থাকিলে জাতি বাচি নাথাকে । ৰাজ্যৰ বিভিন্ন জিলাত প্ৰাক্তন আলফাই ইতিমধ্যে অৰ্থনৈতিক সংগ্ৰামখন আৰম্ভ কৰিছে ।’’

‘‘ইতিমধ্যে ধুবুৰী ৩৫৪ বিঘা মাটিত মেহেগনি গছৰ লগতে উদ্যান শস্য আৰু ছাগলী ফাৰ্ম আৰম্ভ কৰা হৈছে । দৰঙৰ কুৰুৱাত ২০০০ বিঘা মাটিত অচিৰেই কৃষি কাৰ্য আৰম্ভ কৰা হ'ব । মাজুলীত ১৭০০ বিঘা মাটিত সৰিয়হৰ খেতিৰ লগতে মিঠাতেলৰ ঘানি স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । তিনিচুকীয়াত ১০০ বিঘাত ভোট জলকীয়া, ৫০ বিঘাত মাকৈ, ধেমাজিত ১০০ বিঘা মাটিত তিল খেতি কৰাৰ লগতে গোলাঘাটতো এই অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ হ'ব ।" তেওঁলোকে কয় ৷

  • অৰ্থনৈতিক সংগ্ৰামত জৰিত প্ৰাক্তন আলফা :

তেওঁলোকে পুনৰ কয়, "প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে জনোৱা মতে, ৰাজ্যখনৰ ৭৬৪২ জন প্ৰাক্তন আলফাৰ ভিতৰত ইতিমধ্যে ৪৫০০জনে এই অৰ্থনৈতিক সংগ্ৰামত জড়িত হৈ পৰিছে ।" ইপিনে, অসমৰ স্বাধীনতাৰ দাবী সম্পৰ্কেও মন্তব্য কৰি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে কয়, "অসমৰ স্বাধীনতাৰ ঐতিহাসিক ভিত্তি আছে যদিও আজিৰ পৰিস্থিতিত স্বাধীনতাৰ বাস্তৱ ভিত্তি নাই । সেয়ে আমি অবাক জীৱন আৰু সময় অপচয় হোৱাটো নিবিচাৰো । আমি শান্তি আলোচনা নহয় সমস্যাৰ সমাধানহে বিচাৰো ।"

এই সংবাদমেলত উদ্ধৱ ভৰালীৰ লগতে বিভিন্ন ক্ষেত্রত প্ৰতিষ্ঠিত কেইবাজনো প্ৰাক্তন আলফাৰ নাম উল্লেখ কৰে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে ।

লগতে পঢ়ক:নিৰ্দোষী প্ৰাক্তন আলফা সদস্য হাৰাশাস্তিৰ সন্মুখীন হ’লে পুনৰ ৰাষ্ট্ৰবিৰোধী চিন্তা কৰিব : জীতেন দত্ত - Ex ULFA Coordination Committee

অৰ্থনৈতিক বিপ্লৱ কৰি পিঠিত লাগি থকা ছালফা শব্দটো আঁতৰাব বিচাৰিছোঁ : জিতেন দত্ত - Ex ULFA militant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.