ETV Bharat / state

সমস্যা সমাধান হ’ব লাগিবই ! চৰকাৰক ছমাহৰ সময়সীমা নিৰ্ধাৰণ সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ - Demand for rights - DEMAND FOR RIGHTS

Hindu Bengalis in Assam: প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপি চৰকাৰক ২০২৬ ত টালি টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ ভাবুকি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ, ছমাহৰ ভিতৰত সমস্যা সমাধান নকৰিলে হ'ব তীব্ৰ গণতান্ত্ৰিক আন্দোলন, বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় সভাপতি দীপক দে’ৰ এই মন্তব্য ৷

DEMAND FOR RIGHTS
সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 7:32 PM IST

জোনাই, 10 জুন: ‘‘বাঙালী হিন্দুৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন অসম চৰকাৰেই দায়ী ৷ অখণ্ড ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হোৱাৰ পাচতো অসমত এক ষড়যন্ত্ৰমূলকভাৱে ডি ভোটাৰ, বিদেশী সমস্যাৰ সৃষ্টি কৰি বাঙালীসকলক হাৰাশাস্তি কৰা হৈছে । সমস্যা সমাধান কৰিম বুলি ভোট লৈ দিছপুৰত কংগ্ৰেছ, বিজেপিৰ যাৰেই চৰকাৰ আহে পাচত প্ৰতিখন চৰকাৰে সকলো প্ৰতিশ্ৰুতিকে সীমাবদ্ধ কৰি ৰাখে । হিন্দু বাঙালীসকলে অসমত বিজেপি চৰকাৰ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে, কিন্তু শাসনত অহাৰ লগে লগে সকলো ফোটোকাৰ ফেনলৈ পৰিণত হয় ।’’ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে'ই ৷

সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন (ETV Bharat Assam)

তেওঁ লগতে কয়, ‘‘বাঙালী জনগোষ্ঠীক অৰুণোদয়, পিএমএৱাই বা কাম কৰিবলৈ ঠিকা নেলাগে । বাঙালী জাতি আত্মনিৰ্ভৰশীল জাতি । এই জাতিয়ে কাৰো ওপৰত ভিত্তি কৰি জীয়াই থাকিব নিবিচাৰে । নিজে আত্মনিৰ্ভৰশীল হৈ জীৱন যাপন কৰি চলিব পৰা ক্ষমতা আছে । সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত সৰ্বাধিক বাঙালী ভোট বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰদান কৰাত ১১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ যিটো কোনেও নুই কৰিব নোৱাৰে ।’’

লগতে পঢ়ক: Bangali Yuva Satra Federation: বাঙালী বিদ্বেষী মন্তব্যৰে ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ সকীয়নি অখিল গগৈক

বৰাক উপত্যকাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অহা ছয় মাহৰ ভিতৰত বাঙালী হিন্দুৰ ডি ভোটাৰ, বিদেশী সমস্যা, আধাৰ কাৰ্ড, ভূমি পট্টাৰ সমস্যা সমাধান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু শেহতীয়াকৈ বিভিন্ন জিলাত বসবাস কৰা বাঙালীসকলৰ নামত যধে মধে ডি ভোটাৰৰ জাননী, বিদেশী জাননী প্ৰেৰণ কৰা হৈছে বুলি দীপক দে'ই অভিযোগ উত্থাপিত কৰে ।

তেওঁ পুনৰ কয় যে কথা দিয়া মতেই যদি অহা ছয় মাহৰ ভিতৰত বাঙালীসকলৰ জলন্ত-সমস্যাসমুহ সমাধান কৰি নিদিয়ে তেন্তে অসমৰ সকলো বাঙালী সংগঠনক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ।

লগতে পঢ়ক: অসম মুণ্ডা মহাসভাৰ উদ্যোগত শ্বহীদ বীৰ বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি - 124 th death anniversary of Birsa Munda

ইফালে ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঙালীসকলৰ সমস্যা সমাধান নকৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ বাঙালীয়ে একগোট হৈ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক টালি-টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত বিদায় দিয়াৰ বাবে সংকল্প ল'ব বুলি সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিত দেৱনাথে । ‘‘আহি থকা দিনত ভুৱা প্ৰতিশ্ৰুতি দি বিজেপিয়ে গাদী দখল কৰাৰ যি সপোন দেখিছে এয়া আৰু কেতিয়াও পূৰণ নহয়’’ বুলি তেওঁ মন্তব্য কৰে ।

সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয়, ‘‘সকলো জাতিৰে বিভিন্ন সমস্যা আছে । কিন্তু এটা জাতি আগুৱাই নিবলৈ হ'লে কেৱল সংগ্ৰাম কৰিলেও নহ'ব, শিক্ষা, সংস্কৃতি, সাহিত্য চৰ্চাৰ ওপৰতো গুৰুত্ব দিব লাগিব । বাঙালী ফেডাৰেশ্যনে জন্মলগ্নৰ পৰাই জনগোষ্ঠীৰ সমস্যাৰ ওপৰত মাত মাতি আহিছে । অসমত বিভিন্ন জনগোষ্ঠী, ভাষা-ভাষিক লোকে বসবাস কৰে । সকলোৱে সমন্বয়ৰ সাঁকো হৈ জীয়াই থাকিব লাগিব ৷’’

লগতে পঢ়ক: অনিৰ্দিষ্টকাললৈ চকাবন্ধ ঘোষণা ট্ৰেকাৰ-উইংগাৰ চালকৰ - Winger drivers strike

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.