ETV Bharat / state

অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ - Assam Flood 2024 - ASSAM FLOOD 2024

Akhil Gogoi Slams BJP Govt : অসমৰ বৰ্তমান বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ । অসমক বানমুক্ত কৰিব লাগিলে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব বুলিও দাবী অখিল গগৈৰ । বিজেপিৰ ভিতৰচ'ৰাত বিদ্ৰোহৰ জুই উমি উমি জ্বলি আছে বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ । বদৰুদ্দিন আজমলক ৰাজনীতিৰ বেপাৰী আখ্যা অখিল গগৈৰ ।

Akhil Gogoi Slams BJP Govt
অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 4:25 PM IST

ধুবুৰী, ১৬ জুলাই : অসমৰ বান সমস্যাক লৈ সৰৱ বিধায়ক অখিল গগৈ । বিগত কেইটামান দিনৰে পৰা ধুবুৰীৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ বুজ লৈছে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে । ধুবুৰীত উপস্থিত হৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা অখিল গগৈৰ । অসমৰ বান আৰু খহনীয়াৰ সমস্যাক লৈ চৰকাৰৰ যথাযোগ্য সঁহাৰি নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ।

অসমৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈয়ে কয়, বিজেপি চৰকাৰখনে নামনি অসমৰ প্ৰতি বেছি অন্যায় কৰিছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভিন্ন অঞ্চলত ভয়ংকৰ ৰূপ লৈছে । কিন্তু তেনে ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ এই মুহূৰ্তলৈকে জলসম্পদ মন্ত্ৰী অহা নাই, মুখ্যমন্ত্ৰীও অহা নাই বুলি অভিযোগ কৰে অখিল গগৈয়ে । এইক্ষেত্ৰত বিজেপি চৰকাৰে সাংঘাতিক অন্যায় কৰিছে বুলি তেওঁ মন্তব্য কৰি কয় যে এয়া ইচ্ছাকৃত অন্যায় ।

আনহাতে, চৰকাৰে যদি বানমুক্ত অসম কৰিব খোজে, তেন্তে অসমক শদিয়াৰ পৰা ধুবুৰীলৈকে বানমুক্ত কৰিব লাগিব বুলি দাবী শিৱসাগৰৰ বিধায়কগৰাকীৰ । নামনি অসমৰ জিলাকেইখন বানত ডুবাই ৰাখিলে কেনেকৈ অসম বানমুক্ত হ'ব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

ইফালে মথাউৰিৰ প্ৰসংগ উল্লেখ কৰি অখিল গগৈয়ে কয় যে অসমত পাঁচ হাজাৰ কিলোমিটাৰ মথাউৰি পূৰ্বৰে পৰা আছে । বিজেপি চৰকাৰৰ দিনত মাত্ৰ ২১৭ কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰিয়েই ফিতাহি মাৰি থাকে চৰকাৰখনে । ১৯৫৪ চনৰ পৰা ১৯৬৫ চনৰ ভিতৰত নিৰ্মাণ হোৱা ৫ হাজাৰ কিলোমিটাৰ মাথাউৰি আজি দুৰ্বল । কিন্তু সেই দুৰ্বল মাথাউৰিৰ কাম চৰকাৰে কিয় কৰিব পৰা নাই বুলি ওলোটাই চৰকাৰক প্ৰশ্ন কৰে অখিল গগৈয়ে । মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে বানমুক্ত অসমৰ নামত ৰাইজক আঁভুৱা-ভাৰিছে বুলি তেওঁ উল্লেখ কৰে । ইফালে জলসম্পদ মন্ত্ৰীক নামনি অসমৰ বান পৰিস্থিতিৰ শীঘ্ৰেই বুজ ল'বলৈ আহ্বান জনায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ।

বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে । আজমল সন্দৰ্ভত অখিল গগৈয়ে কয় যে তেওঁলোকৰ ব্যক্তিগত লাভালাভৰ বাবে বিজেপিক বিভিন্ন সময়ত ভোট দিয়ে । আজমল এজন ৰাজনীতিৰ বেপাৰী । আজমলৰ বেপাৰত ঘাটি খাইছে । চিৰদিনৰ বাবে ঘাটি খাইছে । আজমল এতিয়া অপ্ৰাসংগিক । ২০২৬ চনত সাম্প্ৰদায়িক যুগ শেষ হ'ব বুলিও অখিল গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

আনহাতে, অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰসংগত অখিল গগৈয়ে কয় যে এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেহে বিজ্ঞানসন্মতভাৱে কাম কৰিব পৰা যাব । সৰ্বভাৰতীয় পৰ্যায়ত গৱেষণা কৰিলেহে বানমুক্ত অসম সম্ভৱ হ'ব । ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নোহোৱালৈকে বানমুক্ত অসম কেতিয়াও হ'ব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

ইফালে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে । তেওঁ কয়, অসমত ৭৮ জন লোকৰ মৃত্যু আৰু ২৪ লাখ হেক্টৰ কৃষিভূমি বানত বিনষ্ট হোৱাৰ পিচতো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমত বানপানী হোৱা নাই, বানপানীৰ দৰেহে হৈছে বুলি কোৱাটো দুৰ্ভাগ্যজনক । ইয়াৰ দ্বাৰা অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মনোভাব প্ৰকাশ পাইছে বুলি উল্লেখ কৰে অখিল গগৈয়ে ।

বিজেপিৰ ভিতৰচ'ৰাত সৃষ্টি হোৱা বিসম্বাদ প্ৰসংগত অখিল গগৈৰ প্ৰতিক্ৰিয়া

বিজেপিত বিসম্বাদ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য়, "এই মুহূৰ্তত মই ভাবো যে বিজেপি দলটো অস্থিৰ হৈ আছে । পানী উতলি থকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপিত । হিমন্ত বিশ্ব শৰ্মা এতিয়া এটা জ্বলন্ত অগ্নিপিণ্ডৰ ওপৰত বহি আছে । কংগ্ৰেছৰ দিনত হোৱা অৰাজকতা তথা দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে অসমত বিজেপি চৰকাৰ আহিছিল । কিন্তু কংগ্ৰেছৰ দিনত আটাইতকৈ বেছি দুৰ্নীতি, অপশাসন চলোৱাসকলেই এতিয়া বিজেপিৰ নেতা ।"

অসমৰ বিজেপি দলক এইছ বি এছ কোম্পানী প্ৰাইভেট লিমিটেড বুলি কটাক্ষ কৰি অখিল গগৈয়ে কয় যে এই কোম্পানীত কেৱল কংগ্ৰেছৰ পৰা অহা দুই নম্বৰী ৰাজনৈতিক নেতাই কংগ্ৰেছত যিধৰণে অতপালি কৰিছিল, এতিয়া বিজেপি চৰকাৰৰ দিনতো সেয়া কৰিছে । কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজা সকলো পুৰণি বিজেপিক এতিয়া ন-বিজেপিয়ে গ্ৰাস কৰা বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে পুৰণি নেতাসকলৰ মাজত এতিয়া বিদ্ৰোহৰ জুই জ্বলি আছে । আনহাতে, ২০২৬ চনলৈকে এজনো নিষ্ঠাৱান বিজেপি কৰ্মী বিজেপিত নাথাকে বুলিও দাবী কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক :এতিয়াও বানৰ কবলত ১৭ খন জিলা; মৃতকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি - Assam Flood 2024
লগতে পঢ়ক :সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বান-খহনীয়াৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অখিল গগৈৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.