ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট

Anti CAA Protest: ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট ৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:26 PM IST

Anti CAA Protest in Jorhat
‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট
‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট

যোৰহাট, ৫ মাৰ্চ: বিজেপি চৰকাৰে ধৰ্মৰ ভিত্তিত ভোটবেংক সুৰক্ষিত কৰিবলৈ নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰিছিল ৷ ‘কা’ৰ নিয়মাৱালী মাৰ্চৰ ভিতৰতে সমগ্ৰ দেশতে বলৱৎ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।

উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই কয়, ‘‘নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ধৰ্মৰ ভিত্তিত বিভাজন সৃষ্টি কৰি ধৰ্মক প্ৰাধান্য দি নাগৰিকত্ব সংশোধনী আইন সমগ্ৰ দেশজুৰি বলৱৎ কৰিবলৈ বিচাৰিছে ৷ এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু কা নামৰ আইনখনৰ জৰিয়তে এক ষড়যন্ত্ৰতহে লিপ্ত হোৱা দেখা পোৱা গৈছে ৷’’

দল-সংগঠন আৰু দেশৰ বিভিন্ন লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়লয়ত গোচৰ দাখিল কৰিছিল আৰু ন্যায়ালয়ত বৰ্তমান সেই সম্পৰ্কে শুনানি আৰম্ভ হৈছে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ আজিকোপতি কেন্দ্ৰীয় চৰকাৰে তিনি বছৰ ধৰি মহামান্য আদালতত শপতনামাই দাখিল কৰিব পৰা নাই বুলি মন্তব্য কৰে শিৱ কলিতাই ।

মঙলবাৰে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত যুৱ ছাত্ৰ পৰিষদৰ সহস্ৰাধিক কৰ্মীয়ে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়’, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই’, ‘কা আমি নামানো’ আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে । উক্ত প্ৰতিবাদীৰ কাৰ্যসূচীস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

তাৎপৰ্যপূণ যে প্ৰধানমন্ত্ৰীৰ যোৰহাট ভ্ৰমণৰ পূৰ্বে জিলাখনত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীয়ে যোৰহাট জিলা প্ৰশাসনক বাৰুকৈ চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক: কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.