ETV Bharat / state

এফালে মাতৃভাষাত শপতগ্ৰহণ, আনফালে সোণোৱালৰ ঘৰৰ সমীপতে বাঙালীত ওলমিল নামফলক - Bangla banner controversy

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 3:06 PM IST

Banner Written In Bengali Language : ডিব্ৰুগড়ত বহিঃৰাজ্যৰ কোম্পানীয়ে লগালে বাঙালী ভাষাত বেনাৰ আৰু হৰ্ডিং ৷ ফলত ক্ষোভিত হৈ পৰিছে দল-সংগঠনৰ লগতে ডিব্ৰুগড়বাসী ৷ বাঙালী ভাষাত লিখা নামফলক এৰুৱাই এনে কাম দুনাই নকৰিবলৈ সকীয়নি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

Bangla banner controversy
আকৌ এবাৰ অসমী আইক অপমান (ETV Bharat Assam)

ডিব্ৰুগড়, ২৫ জুন : আকৌ এবাৰ অসমীয়া ভাষাক অপমান ৷ এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় ৷ আইৰ মুখৰ ভাষাটোক ৰক্ষাৰ স্বাৰ্থত অসমত অসমীয়া ভাষাক অধিক প্ৰাধান্য আৰু গুৰুত্ব দিবলৈ দাবী জনাই আহিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে । অসমৰ সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ লগতে কাৰ্যালয়সমূহৰ নাম ফলকত কেৱল অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাই আহিছে অসম সাহিত্য সভাকে আদি কৰি বিভিন্ন পক্ষই ।

বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমীয়াৰ সলনি বিভিন্ন ভাষাৰ নামফলক লগোৱাৰ বিৰুদ্ধে দল-সংগঠনে অভিযান চলাই সেইসমূহ আঁতৰাই দিয়াৰ লগতে বিভিন্ন পক্ষৰ সৈতে সংঘাতত লিপ্ত হোৱা ঘটনাও সংঘটিত হৈ আহিছে । এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত এই ঘটনাৰ পুনৰাবৃত্তি দেখিবলৈ পোৱা গ'ল ডিব্ৰুগড়ত ।

খোদ সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সমীপত বহিঃৰাজ্যৰ কোম্পানীয়ে লগালে বাঙালী ভাষাত বেনাৰ-হৰ্ডিং । ডিব্ৰুগড়ৰ বাণীপুৰত নতুনকৈ কৰ্ণাটকৰ ভি আৰ এল লিমিটেড নামৰ এটা কোম্পানীয়ে প্ৰকল্প নিৰ্মাণৰ নামত বাঙালী ভাষাত বেনাৰ আৰু হৰ্ডিং লগোৱা দেখা যায় ৷ অসমীয়া জনবসতিপূৰ্ণ এলেকাটোত অসমীয়া ভাষাক অপমান কৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

ইয়াৰ পাচতে সোমবাৰে বিয়লি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ এটা সঁজাতি দলে বেনাৰ-হৰ্ডিং এৰুৱাই পেলোৱাৰ লগতে এনে কাম ভৱিষ্যতে নকৰিবলৈ কোম্পানীটোত কৰ্মৰত লোকসকলক সকীয়নি প্ৰদান কৰে । লগতে ডিব্ৰুগড়ত এনে কাৰ্য যাতে কোনেও নকৰে, তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সকীয়নি প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ।

উল্লেখ্য যে, সোমবাৰে লোকসভাত মাতৃভাষাত শপতগ্ৰহণ কৰিছিল ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালে মাতৃভাষাত শপতগ্ৰহণ কৰাৰ ২৪ ঘন্টা নৌহওতেই তেওঁৰ বাসগৃহৰ সমীপতে বাঙালী ভাষাত ওলমিল নামফলক ৷

লগতে পঢ়ক : শীঘ্ৰে কাছাৰত আশ্ৰয় গ্ৰহণ কৰা মণিপুৰৰ লোকসকলৰ কৰা হ'ব জৰীপ : আৰক্ষী মহাপৰিদৰ্শক পি কে ভূঞা - IGP P K Bhuyan on Manipuri refugees

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.