ETV Bharat / state

'কা' বাতিলৰ দাবীত যোৰহাটত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - Protest Against CAA

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:12 PM IST

Protest in Jorhat : জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 'কা'ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসমৰ পৰা 'কা' বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাই সংগঠনটোৰ নেতৃত্বই ৷

AJYCP PROTEST IN JORHAT
'কা' বিৰোধী প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাট, 18 জুলাই : ৰাজ্যত পুনৰ আৰম্ভ হৈছে 'কা' বিৰোধী প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ জিলাই জিলাই আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়েও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 'কা'ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰে এই আইন সন্দৰ্ভত জাৰি কৰা জাননীৰ প্ৰতিলিপি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অসমৰ পৰা 'কা' বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনায় সংগঠনটোৰ নেতৃত্বই ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 'কা' বিৰোধী প্ৰতিবাদ (ETV Bharat Assam)

আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই কয় যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলন আৰম্ভ হৈছিল ৷ ফলশ্ৰুতিত অসম চুক্তি ৰূপায়ণ হৈছিল ৷ কিন্তু কালক্ৰমত অসমৰ পৰা বিদেশী বিতাড়িত হোৱাৰ পৰিৱৰ্তে 'কা'ৰ জৰিয়তে অসমত বিদেশীক বৰপীৰা পাৰি দিয়া হৈছে ৷

লগতে পঢ়ক : কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA

যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে লগতে কয় যে, পূৰ্বতে অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 60 শতাংশ আছিল ৷ কিন্তু সেয়া বৰ্তমান বহু পৰিমাণে হ্ৰাস পাই আহিছে আৰু অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস হোৱাৰ লগতে বাঙালী ভাষা কোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ সেয়েহে অসমৰ পৰা 'কা' বাতিল নকৰিলে অসমতে অসমীয়া ভগনীয়া হ'ব বুলি কয় তেওঁ ৷ লগতে শীঘ্ৰেই অসমৰ পৰা 'কা' বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনায় যুৱ ছাত্ৰ পৰিষদে ৷ অন্যথা পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক : কা বাতিলৰ দাবীত উত্তাল হৈ পৰিল লখিমপুৰ-ধেমাজি - Protest Against CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.