ETV Bharat / state

ৰাজ্য চৰকাৰক কিয় সকীয়ালে অসম জাতীয় পৰিষদে ? - Assam Jatiya Parishad

Player attack case in Sivasagar: শিৱসাগৰত বহিৰাগত বণিয়াৰ আক্ৰমণৰ বলি হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ন্যায় প্ৰদান দাবীত উত্তাল শিৱসাগৰ । বহিৰাগত বণিয়াৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ ।

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:45 PM IST

Player attack case in Sivasagar
ৰাজ্য চৰকাৰক কিয় সকীয়ালে অসম জাতীয় পৰিষদে ?t (Etv Bharat)

গুৱাহাটী, ১৯ আগষ্ট: অসমৰ খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰিব পৰা পৰিৱেশ সৃষ্টিৰ সুযোগ কোনো শক্তিক নিদিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছে অসম জাতীয় পৰিষদে । শিৱসাগৰত এগৰাকী কিশোৰী খেলুৱৈক অলপতে দুস্কৃতিকাৰীয়ে নিগৃহীত কৰাৰ পিচত আৰক্ষী-প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাই সমগ্ৰ ৰাজ্যজুৰি খিলঞ্জীয়া জনগণৰ মনত ব্যাপক ক্ষোভ পুঞ্জীভূত হোৱা বুলি মন্তব্য় কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ।

অসমবিৰোধীৰ হাতত খিলঞ্জীয়া নিগৃহীত হৈছে :

সোমবাৰে এক বিবৃতিত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়," বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সময়ে সময়ে অসমবিৰোধী মানসিকতাৰ ব্যক্তিৰ হাতত খিলঞ্জীয়া লোক নিগৃহীত হোৱাৰ অসংখ্য ঘটনা ঘটিছে ৷ আনকি তেনে ব্যক্তিৰ হাতত জাতীয় সংগঠনৰ নেতা-কৰ্মীও নিগৃহীত হৈছে ৷ কিন্তু এনেবোৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষী তথা চৰকাৰৰ পক্ষপাতমূলক আচৰণে খিলঞ্জীয়া জনগণৰ মনত ক্ষোভৰ সৃষ্টি কৰি আহিছে ৷ শিৱসাগৰত জাতীয় সংগঠনসমূহ শেহতীয়াকৈ প্ৰতিবাদমুখৰ হোৱাৰ কাৰণ এইটোহে ৷"

চৰকাৰী যন্ত্ৰৰ পক্ষপাতমূলক আচৰণৰ অভিযোগ :

জাতীয় পৰিষদৰ নেতাদ্বয়ে পুনৰ কয়," অসমত সকলো বৈধ ভাৰতীয় জাতি-জনগোষ্ঠীৰ লোক সমিলমিলেৰে থকাটো কাম্য ৷ কোনো জাতি-জনগোষ্ঠীৰ মাজত বিভেদ কোনো অৱস্থাতে সমৰ্থন কৰিব নোৱাৰি ৷ বৰং তেনে বিভেদ সৃষ্টিৰ যিকোনো প্ৰয়াস কলিতে নাইকীয়া কৰিব লাগিব ৷ কিন্তু খিলঞ্জীয়া জনগণৰ প্ৰতি কিছু অসমবিদ্বেষী মানসিকতাৰ লোকৰ আচৰণৰ প্ৰতি চৰকাৰী যন্ত্ৰৰ পক্ষপাতমূলক আচৰণ যেতিয়া ৰাইজে অসহায়ভাৱে প্ৰতক্ষ্য কৰি থাকিবলগীয়া হয়, তেতিয়া ৰাইজৰ মনত ক্ষোভ পুঞ্জীভূত হোৱাটো স্বাভাৱিক ৷ " তেনে ক্ষোভ নিৰসনেৰে শান্তি-সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰাটো চৰকাৰৰ দায়িত্ব ৷ কিন্তু তাকে নকৰি বিজেপি চৰকাৰ জনগোষ্ঠীসমূহৰ মাজত বিভেদ বৃদ্ধি হোৱাৰ পৰিৱেশ সৃষ্টিত উদগণি যোগোৱাহে পৰিলক্ষিত হৈছে ৷"

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসমৰ খিলঞ্জীয়া জনগণে অসুৰক্ষিত অনুভৱ কৰিব পৰা পৰিৱেশ নাইকীয়া কৰাৰ স্বাৰ্থত আৰক্ষী তথা প্ৰশাসনক নিৰপেক্ষ আৰু আইনসিদ্ধভাৱ পৰিচালনা কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক:খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

হিন্দু বাংলাদেশীক কৰা আক্ৰমণৰ বিৰুদ্ধে লণ্ডনৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ - BANGLADESH VIOLENCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.