ETV Bharat / state

অনলাইন ট্ৰেডিং কেলেংকাৰী: লুৰীণজ্য়োতি গগৈয়ে সন্দেহ কৰা মুখ্য়মন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীগৰাকী কোন ? - Online Trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:30 PM IST

Lurinjyoti Gogoi on online trading scam: অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠা একাংশ অভিযুক্ত এতিয়াও পলাতক হৈ থকা ঘটনাক লৈ মুখ্যমন্ত্ৰীক সমালোচনা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এগৰাকী মন্ত্ৰীৰ পত্নীও জড়িত থকাৰ সন্দেহ লুৰীণজ্য়োতি গগৈৰ ৷

Online Trading scam
অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত লুৰীণজ্য়োতি গগৈৰ মন্তব্য (ETV Bharat)

মৰাণ, 6 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কপালত তুলিছে । অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ লাগিছে । একাংশ লোকক অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভ দেখুৱাই প্ৰৱঞ্চনা কৰি আহিছিল অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহুকেইটা প্ৰৱঞ্চক ৷ কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন কৰি আছে আন বহু প্ৰৱঞ্চকে ।

অনলাইন ট্ৰেডিঙৰ ব্যৱহাৰ কঠোৰভাৱে বন্ধ কৰিবলৈ দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । তেওঁ কয়, ‘‘এইটো এটা ভয়াৱহ ঠগ-প্ৰৱঞ্চনাৰ বিষয় । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুন্ঠন কৰি লৈ গৈছে । এই বিষয়টো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে । প্ৰয়োজন সাপেক্ষে ই ডি আৰু কেন্দ্ৰীয় ইনকম টেক্স ডিপাৰ্টমেন্টে গোটেই বিষয়টো চাই ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’’

অজাপৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘এতিয়াও এই ঘটনাৰ লগত জড়িত বহু অপৰাধী মুকলি আকাশৰ তলত । চৰকাৰৰ ইমান স্মাৰ্ট আৰক্ষী বিষয়া থকাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাকৰ তলতে ঘূৰি ফুৰিছে অপৰাধী । মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰ-পাজৰে অপৰাধী ঘূৰি ফুৰিছে । এই বিষয়টোত চৰকাৰৰ পৃষ্ঠপোষকতা আছে নেকি ? ৰাজনৈতিক নেতাৰ হস্তক্ষেপ ৰক্ষণাবেক্ষণত এইসকল অপৰাধী মুকলি আকাশৰ তলত ঘূৰি আছে নেকি ৰাইজৰ সন্দেহ হৈছে । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নী ইয়াত জড়িত আছে, যাৰ ফলত ট্ৰেডিঙৰ প্ৰৱঞ্চক মুকলি আকাশৰ তলত থাকিব পাৰিছে ৷’’

ৰাজ্যত চলি থকা ইমান ভয়ংকৰ কেলেংকাৰী মুখ্যমন্ত্ৰীয়ে কিয় গম পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চি আই ডিৰ লেন্সনায়ক - online trading scam

অনলাইন ট্ৰেডিং কাণ্ড: বিশাল-চুমীৰে ঘনিষ্ঠতা নাই দীপলীনাৰ, মানসিক কষ্ট হৈছে যতীন বৰাৰ - ONLINE TRADING SCAM

অনলাইন মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা: মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ কোন অভিযুক্তই আগবঢ়াইছিল ধন ? - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.