ETV Bharat / state

উপ-নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ ইংগিত : বিৰোধী ঐক্য মঞ্চৰ অংকত আউল - AJP LEADER LURINJYOTI GOGOI

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 6:35 PM IST

AJP Leader Lurinjyoti Gogoi : প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকৰ মাজতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ ৷ বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্যবদ্ধ হৈ থকাৰ পৰামৰ্শ ৷

AJP LEADER LURINJYOTI GOGOI
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

গুৱাহাটী, ১৭ জুলাই: বিজেপিক প্ৰতিহত কৰাৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চৰ অৱস্থা এতিয়া থৰক-বৰক ৷ কাৰণ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলে অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়াৰ পাচতে বিৰোধী ঐক্যত লাগিছে আউল ৷ ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বিষয়ত প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

জীতেন্দ্ৰ সিঙক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

অখিল গগৈৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত উপস্থিত হয় বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ গগৈৰ উদ্দেশ্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সাক্ষাৎ লাভ ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰাৰ পাচত লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে, আলোচনা হ'ল যদিও আৰু হ'বলগীয়া আছে ৷ বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্যবদ্ধ হৈ থাকিব লাগিব ৷ এইখিনি কথা তেওঁ কংগ্ৰেছ নেতৃত্বক সদৰী কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ বিৰোধী ঐক্য মঞ্চ এক হৈ থকাটো বিচাৰো বুলি সদৰী কৰি লুৰীণে কয় যে, শেহতীয়া লোকসভা নিৰ্বাচনতো বিৰোধী ঐক্যক ৰাইজে সমৰ্থন কৰিছে ৷

আনহাতে, জাতীয়তাবাদী শিবিৰিৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি সদৰী কৰি গগৈয়ে কয় যে, লোকসভা নিৰ্বাচনত আঞ্চলিকতাবাদী দলসমূহে ২০০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ কয় যে, আমি ব্যক্তিগত স্বাৰ্থ, অহংকাৰ পৰিত্যাগ কৰি সামূহিক স্বাৰ্থত গুৰুত্ব দিব লাগে ৷ সেই বিষয়ে কংগ্ৰেছ নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

তৃণমূলৰ কৰ্মীৰ আবেগ থাকিব পাৰে বুলি উল্লেখ কৰি এৰা-ধৰাৰ মাধ্যমেৰে কাম কৰিব লাগিব বুলিও লুৰীণজ্যোতি গগৈয়ে ব্যক্ত কৰে ৷ অসমৰ মানুহৰ মুখলৈ চাই প্ৰয়োজনীয় সিদ্ধান্ত ল'ব লাগিব ৷ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলে খেলিব বুলি কোনো কথা জনোৱা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

আজিৰ তাৰিখত বিৰোধী ঐক্য মঞ্চৰ অস্তিত্ব দাবী কৰি বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াৰ প্ৰসংগত দলত যোগদান কৰাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক আলোচনা নোহোৱা বুলিয়েই মন্তব্য কৰে লুৰীণে ৷ তদুপৰি জাতীয়তাবাদৰ প্ৰতি আগ্ৰহী বহুতেই দলত যোগদানৰ সন্দৰ্ভত যোগাযোগ অব্যাহত ৰখা বুলি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: লুৰীণজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ মৃণাল শইকীয়াৰ পুত্ৰ : ’২৬ ৰ পূৰ্বে ৰাজনৈতিক দলত যোগদানৰ ইংগিত - Bobrubahon Saikia

যুঁজ এখন হ’ব ! চৰকাৰক সমালোচনা কৰি ক’লে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে - APCC in charge Jitendra Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.