ETV Bharat / state

কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - NEET ২০২৪ results

Ajmal Super 40: NEET ২০২৪ ত আজমল ছুপাৰ ৪০ৰ ঐতিহাসিক সফলতা ৷ ৭১০ নম্বৰ প্ৰাপ্তিৰে উত্তৰ-পূৰ্বাঞ্চলত আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীয়ে ৰচিলে অভিলেখ ।

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 6:38 PM IST

AJMAL SUPER 40
NEET ২০২৪ RESULTS (ETV Bharat Assam)

হোজাই, ৬ জুন: দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্বনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ ৪০ নামেৰে এক অভিলাষী পদক্ষেপ ৷ সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল ছুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ঐতিহাসিক ফলাফল প্ৰদৰ্শনেৰে জিলিকি উঠে ৷ NEET-২০২৪ বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীয়ে এক যুগান্তকাৰী সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হয় ৷

NEET ২০২৪ ত আজমল ছুপাৰ ৪০ৰ ঐতিহাসিক সফলতা (ETV Bharat Assam)

NEET ২০২৪ৰ বাছনি পৰীক্ষাত আজমল ছুপাৰ ৪০ৰ শীৰ্ষস্থানত থকা নাজমুছ চাকিবে ৭২০ নম্বৰৰ ভিতৰত ৭১০ নম্বৰ লাভ কৰে, মেহদি হাচানে ৭০৫, স্বাহিনা বেগম লস্কৰে ৭০০, ছয়িদ আখতাৰে ৭০০ আৰু আলিমুল ইছলাম আল হাদিয়ে ৭০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । আনহাতে ৯০ গৰাকী শিক্ষাৰ্থীয়ে ৬৫০ ৰো অধিক নম্বৰ আৰু ৩৩০ ৰো অধিক শিক্ষাৰ্থীয়ে ৬০০ ৰো অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - NTA RELEASED RESULT OF NEET UG 2024

সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশই আৰ্থিকভাৱে পিচপৰা ৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেশ্বনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেশ্বনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল ৷ আজমল ফাউণ্ডেশ্বনৰ জৰিয়তে বিনামূলীয়া কোচিঙৰো ব্যৱস্থা কৰা হৈছিল ৷ লগতে প্ৰদান কৰা হৈছিল জলপানি ৷

ইয়াৰ উপৰিও অতি দুখীয়া মেধাৱী শিক্ষাৰ্থীসকলক থকা-খোৱাৰ ব্যৱস্থাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিছিল আজমল ফাউণ্ডেশ্বনে । উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ চিকিৎসক হোৱাৰ সপোন পূৰণৰ বাবে সুযোগ প্ৰদান কৰিছিল আজমল ছুপাৰ ৪০ এ ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল ৷ আজমল ছুপাৰ ৪০ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিন-ৰাতি একাকাৰ কৰি শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰিবলৈ অহৰহ চেষ্টা কৰিছিল ৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: Ajmal Super 40 : NEET ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষত চুপাৰ ৪০ৰ ছাত্ৰ

আজমল ছুপাৰ ৪০ৰ এই যুগান্তকাৰী সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল । আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেশ্বনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেশ্বনৰ সঞ্চালক ড৹ খচৰুল ইছলাম আৰু মহা প্ৰবন্ধক ড৹ এম আৰ এইচ আজাদৰ উপৰিও আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে আজমল ছুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল ছুপাৰ ৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে ৷

সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনায় আজমল গ্ৰুপ অৱ কোম্পানীয়ে । আজমল ফাউণ্ডেশ্বনৰ সঞ্চালক ড৹ খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল ছুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়ণতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: ৫০ কেজি ওজনৰ কেক কাটি আজমল সুপাৰ ৪০ ত বিজয় উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.