ETV Bharat / state

ৱাকফ সম্পত্তি অন্য ধৰ্মৰ মানুহক দিয়াৰ বাবে বিধেয়ক অনা হৈছে : বদৰুদ্দিন আজমল - Waqf Amendment Bill 2024

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 5:38 PM IST

Badruddin Ajmal on Waqf Amendment Bill 2024 : ৱাকফ সম্পত্তি বিধেয়কৰ সংশোধনীৰ বিৰোধিতা কৰিছে বদৰুদ্দিন আজমলে ৷ এই বিধেয়ক গৃহীত হ’লে পূৰ্বপুৰুষে দি যোৱা সম্পত্তি মুছলমানৰ পৰা আঁতৰাই অন্য ধৰ্মৰ মানুহৰ হাতত দি দিব বুলি মন্তব্য এ আই ইউ ডিৰ সভাপতিগৰাকীৰ ৷

Badruddin Ajmal on Waqf Amendment Bill 2024
এ আই এউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল (ETV Bharat Assam)

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : ৱাকফ সম্পত্তি বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফৰ সভাপতি, জমিয়ত উলামা অসমৰ সভাপতি তথা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সদস্য মৌলানা বদৰুদ্দিন আজমলে ৷ সংসদত উত্থাপন হোৱা ৱাকফ সম্পত্তি সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত আজমলে কয়, ‘‘বিধেয়কখনত চৰকাৰে ৭০টাতকৈ অধিক সংশোধনী আনিছে ৷ এই বিধেয়ক গৃহীত হ'লে আমাৰ পূৰ্বপুৰুষসকলে দি যোৱা হাজাৰ হাজাৰ বছৰ পুৰণি ৱাকফ সম্পত্তি মুছলমানৰ পৰা আঁতৰাই অন্য ধৰ্মৰ মানুহৰ হাতত দি দিব ৷ আমি সজাগ হ'ব লাগিব ৷’’

তেওঁ কয়, ‘‘অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হাজাৰ হাজাৰ বিঘা ভূমি আছে ৷ ৱাকফৰ সম্পত্তি আমি আমাৰ অধিকাৰ হিচাপে ল'ব লাগিব ৷ মই সকলো বিৰোধী দললৈ চিঠি দিছো ৷ চৰকাৰে লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰিছিল যদিও বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ বাবে গৃহীত কৰিব পৰা নাছিল আৰু এতিয়া ইয়াক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিছে ৷ যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত ৰাইজৰ মতামত বিচাৰিছে ৷’’

আজমলে লগতে কয়, ‘‘এই বিধেয়কখন ৱাকফৰ সুৰক্ষা আৰু উদ্দেশ্যৰ সম্পূৰ্ণ বিপৰীত ৷ এই বিধেয়কখন ইমানেই বিপজ্জনক যে কেইবছৰমানৰ ভিতৰতে ৱাকফৰ বৃহৎ সংখ্যক সম্পত্তি মুছলমান সকলৰ হাতৰ পৰা গুচি যাব পাৰে ৷ সেয়ে মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ লগতে সকলো নাগৰিক আৰু বহু ন্যায়িক সংস্থাই চৰকাৰক এই বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷ মুছলিম ল’ ব’ৰ্ডে এটা QR CODE জাৰি কৰিছে, যাৰ জৰিয়তে মানুহে সহজেই নিজৰ মতামত যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব পাৰে ৷ গতিকে সকলো মুছলমানলৈ আহ্বান জনাইছো যে আপোনালোকে নিজৰ মতামত প্ৰদান কৰক ৷"

লগতে পঢ়ক : অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়কৰ বিৰোধিতা এআইইউডিএফৰ

বিধানসভাত গৃহীত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ অধিনিয়ম 2024: হেৰিটেজ বেল্টত বৰপেটা-বৰদোৱা

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? প্ৰশ্ন ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.