ETV Bharat / state

কংগ্ৰেছৰ QR TEAM ক লৈ কটাক্ষ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন ৷ এতিয়া সৰ্বত্ৰে চৰ্চাত কংগ্ৰেছৰ QR TEAM ৷ প্ৰতিক্ৰিয়া প্ৰকাশ AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ ।

LOK SABHA ELECTION 2024
কংগ্ৰেছৰ QR TEAM ক লৈ কটাক্ষ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 5:23 PM IST

কংগ্ৰেছৰ QR TEAM ক লৈ কটাক্ষ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: "আমাৰ ভূপেন বৰা ডাঙৰীয়াই অন্ততঃ এইবাৰ এটা ভাল কাম কৰিছে, এটা Quick Response Team পাতি দিছে ৷ মই তেওঁক এটা অনুৰোধ কৰিছো, এটা হেল্পলাইন খুলি দিয়ক ৷ কাৰণ কংগ্ৰেছৰ বহুতো শুভাকাংক্ষী আছে, ভোটাৰ আছে, সমৰ্থক আছে ৷ যেতিয়াই তেওঁলোকে এই খবৰসমূহ পাব যে বিধায়কসকলে দল এৰি পলাই আছে ৷ তেতিয়াই কংগ্ৰেছে খবৰ পাই QR TEAM পঠিয়াই দিব ৷" পুনৰ কংগ্ৰেছক আক্ৰমণ কৰে AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছত শেহতীয়াকৈ দেখা দিয়া আভ্যন্তৰীণ কন্দল আৰু দল বিৰোধী কাৰ্যকলাপে দলটোক অস্থিৰ কৰি তুলিছে । যাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দ্ৰুত সঁহাৰি দল গঠন কৰি দিছে ।

দ্ৰুত সঁহাৰি দল গঠন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাল কাম কৰিছে বুলি কটাক্ষ কৰি তেওঁ এটা হেল্পলাইন নম্বৰ দিয়াৰ বাবেও ভূপেন বৰাৰ প্ৰতি আহ্বান জনায় । আনহাতে নতুনকৈ গঠন কৰা টীমটোক লৈ ৰাজীৱ ভৱনত এটা আখৰা কৰাৰ বাবেও তেওঁ আহ্বান জনায় । বিধায়ক পলালে কেনেকে ধৰিব, কেনেকে ৰাখিব তাৰ এটা আখৰা কৰাৰ বাবে তেওঁ ভূপেন বৰাৰ প্ৰতি অহ্বান জনায় বিধায়কগৰাকীয়ে । সেইটো জানিলে বিজেপি বিৰোধী দল হিচাপে এ আই ইউ ডি এফ দলো আশ্বস্ত হ'ব বুলি তেওঁ কয়।

বিধায়কগৰাকীয়ে লগতে কয় যে, ২০২৬ চনত কংগ্ৰেছৰ ছয়জনকৈ বিধায়কে এ আই ইউ ডি এফত যোগদান কৰিব । ইফালে অগপলৈ এজনো বিধায়ক নাযায় বুলি তেওঁ নিশ্চয়তাৰে কয় । কংগ্ৰেছ দলে সদনত মাত নামাতে বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.