ETV Bharat / state

উন্নয়নত ব্যৰ্থ হোৱা বাবেই খাদ্যক লৈ ব্যস্ত চৰকাৰ: আমিনুল ইছলাম - PUBLIC CONSUMPTION OF BEEF

অৱশেষত ৰাজহুৱা স্থানত নিষিদ্ধ হ'ল গো-মাংস । প্ৰতিক্ৰিয়া প্ৰকাশ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ।

PUBLIC CONSUMPTION OF BEEF
উন্নয়নত ব্যৰ্থ হোৱা বাবেই খাদ্যক লৈ ব্যস্ত চৰকাৰ: আমিনুল ইছলাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 9:10 AM IST

নগাঁও: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত গো-মাংস বিতৰ্কৰ নতুনকৈ সূত্ৰপাত হৈছিল । অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজহুৱা স্থান, হোটেল, ৰেস্তোৰাঁ আদিত বুধবাৰৰ পৰা কাৰ্যৰ্কৰী হোৱাকৈ গো মাংস নিষিদ্ধ কৰা হৈছে ।

গো-মাংসক লৈ অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধানৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ।

উন্নয়নত ব্যৰ্থ হোৱা বাবেই খাদ্যক লৈ ব্যস্ত চৰকাৰ: আমিনুল ইছলাম (ETV Bharat Assam)

অসমৰ উন্নয়নত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আমিনুল ইছলামে কয় যে চৰকাৰে এতিয়া ব্যৰ্থতা ঢাকিবলৈ কোনে কি খাব, কি পিন্ধিব তাকে লৈ ব্যস্ত হৈ পৰিছে । আগন্তুক নিৰ্বাচনত ৰাইজৰ কাষ চাপিবলৈ কোনো ইছ্যু নথকাৰ বাবেই চৰকাৰে এতিয়া নকৰিবলগীয়া কাম কৰি থকা বুলি মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

"বৰ্তমানৰ চৰকাৰখনে এতিয়া কোনে কি খাব, কেতিয়া বিয়া পাতিব, কেতিয়া সন্তান জন্ম দিব এইসমূহ বিষয় লৈ ব্যস্ত হৈ আছে ।" আমিনুল ইছলামৰ মন্তব্য ৷ ৰাজহুৱা স্থানত গো-মাংস বন্ধ কৰা কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাই বিধায়ক আমিনুল ইছলামে ।

উল্লেখযোগ্য যে চামগুৰি সমষ্টিত হৈ যোৱা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে আৰম্ভ কৰা গো-মাংসৰ বিতৰ্কৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনে বিচাৰিলে অসমত গো-মাংস নিষিদ্ধ কৰা হ'ব বুলি এক মন্তব্য কৰিছিল । তাৰ পাছতেই বুধবাৰে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰা হৈছে ।

লগতে পঢ়ক: অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো-মাংস: হোটেল-ৰেস্তোৰাঁতো নচলিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.