ETV Bharat / state

সোণাপুৰত আৰক্ষীয়ে গুলীওৱাটো অন্যায়: এ আই ইউ ডি এফৰ লগতে আব্দুল খালেকেও বিচাৰিছে উচিত তদন্ত - Sonapur firing incident

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 2:03 PM IST

Violence during eviction : ‘‘মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অশান্তি হোৱাটো বিচাৰে । প্ৰত্যক্ষভাৱে মানৱাধিকাৰ উলংঘন হৈছে । উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তইহে মানৱ অধিকাৰ উলংঘনৰ এই ঘটনাক ন্যায় দিব পাৰে ।" সোণাপুৰকাণ্ডৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত এই মন্তব্য কৰে প্ৰাক্তন সাংসদ আব্দুল খালেকে ৷ লগতে AIUDF য়েও এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ৷

Violence during eviction
সোণাপুৰকাণ্ড (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : সোণাপুৰৰ কচুতলিত উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে । আৰক্ষীৰ গুলীত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দাবী উত্থাপন কৰে প্ৰাক্তন সাংসদগৰাকীয়ে । বৃহস্পতিবাৰে সোণাপুৰৰ কচুতলিত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীৰ লগতে এ আই ইউ ডি এফ দলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

উচ্চ পৰ্যায়ৰ তদন্ত দাবী আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ (ETV Bharat Assam)

উল্লেখ্য যে, সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলি থকাৰ মাজতে বৃহস্পতিবাৰে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা একাংশ লোকৰ ঘৰ উচ্ছেদ চলাবলৈ যাওতেই সূত্ৰপাত হয় সংঘৰ্ষৰ । বেদখলকাৰীয়ে প্ৰথমে উচ্ছেদ চলাবলৈ যোৱা ৰাজহ চক্ৰ বিষয়াসহ আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ।

এই আক্ৰমণত চক্ৰ বিষয়াসহ আৰক্ষীৰ কেইবাজনো লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলী চলাই যদিও পিছৰ পৰ্যায়ত সংঘৰ্ষ তীব্ৰতৰ হোৱাত আৰক্ষীয়ে গুলী চালনা কৰাত 2 জন লোক নিহত হয় । মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী । আনহাতে, এই ঘটনাত আন 13 জন প্ৰতিবাদকাৰী আহত হয় । ইফালে প্ৰতিবাদকাৰীৰ আক্ৰমণত 22 গৰাকীকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীও গুৰুতৰভাৱে আহত হয় ৷

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন সাংসদ আব্দুল খালেকে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, "সোণাপুৰৰ কচুতলিৰ দুৰ্ভাগ্যজনক ঘটনাক গৰিহণা দিয়াৰ ভাষা নাই । দুৰ্ভাগ্যজনক পৰিস্থিতিত হাইদৰ আলী আৰু জুৱাহিদ আলীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু বহুজন আহত হ'ব লগা হ'ল ।’’

তেওঁ লগতে কয়, ‘‘আৰক্ষীয়ে পৰিস্থিতি বেলেগ ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেতেন । কন্দুৱা গেছ, ৰবৰ বুলেট নাইবা পানীৰ ব্যৱহাৰ কৰিব পাৰিলহেতেন । কিন্তু সেইবোৰ নকৰিলে, হয়টো মুখ্যমন্ত্ৰীৰ নিৰ্দেশ থাকিব পাৰে যে এটা বিশেষ সম্প্ৰদায় হ'লে প্ৰত্যক্ষভাৱে গুলী চলাই দিয়াৰ । কাৰণ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত এনেকুৱা এটা অশান্তি বিচাৰে ।’’

খালেকে আৰু কয়, ‘‘কি হৈছে মই নাজানো । কিন্তু সোণাপুৰৰ কচুতলিত ঘটনাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো । আমি এই ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিছো । কাৰণ ইয়াত প্ৰত্যক্ষভাৱে মানৱাধিকাৰ উলংঘন হৈছে । উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তইহে মানৱ অধিকাৰ উলংঘনৰ এই ঘটনাক ন্যায় দিব পাৰে ।’’

লগতে পঢ়ক : সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

আনহাতে এ আই ইউ ডি এফৰ বিধায়ক তথা মুখপাত্ৰ হাফিজ ৰফিকুল ইছলামে কয়, ‘‘সোনাপুৰৰ কচুতলিত নিৰীহ লোকৰ ওপৰত সংঘটিত হোৱা অমানৱীয় উচ্ছেদ, হত্যা, নিৰ্যাতন আদি বৰ্বৰ ঘটনাক আমি এ আই ইউ ডি এফ দলে তীব্ৰ ভাষাৰে গৰিহণা দিছো । এই উচ্ছেদ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছো । লগতে যুগ যুগ ধৰি বসবাস কৰি থকা নিৰীহ লোক সকলক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ তথা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছো ।’’

তেওঁ কয়, ‘‘৫০-৬০ বছৰ ধৰি মানুহখিনি তাত আছে । যদি অবৈধভাৱে আছিল, তেন্তে কিয় ৰাস্তা-ঘাট বনাই দিছিল, বিদ্যুৎ সংযোগ দিছিল তথা বিদ্যালয় বনাই দিছিল । চৰকাৰী ভূমিত যদি বসবাস কৰি আছিল তেন্তে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল । তাকে নকৰি অমানৱীয়ভাৱে উচ্ছেদ আৰু গুলীয়াই হত্যা কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । অতি শীঘ্ৰে এই কাৰ্য বন্ধ হ'ব লাগে ।’’

তেওঁ কয়, ‘‘এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে । চৰাই-চিৰিকতিৰ বাহ ভাঙিলেও আক্ৰমণ কৰিবলৈ ওলাই আহে । সেইসকল লোক দৰিদ্ৰ আৰু কঠোৰ পৰিশ্ৰম কৰি নিজৰ ঘৰ-বাৰী বনাইছে । নিশাৰ ভিতৰতে সেই ঘৰ-বাৰী ভাঙি দিলে তেওঁলোক হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাটো স্বাভাৱিক কথা । মানুহবোৰে লাঠি লৈ ওলাই আহিছে আৰু পুলিচে লাঠি লৈ অহা মানুহখিনিৰ ওপৰত গুলীচালনা কৰাটো অতি দুৰ্ভাগ্যজনক । এই কাৰ্য বন্ধ কৰক ।"

লগতে পঢ়ক : সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.