ETV Bharat / state

তিনি বছৰে পূৰণ নহ’ল প্ৰতিশ্ৰুতি: নিবনুৱাৰ নাম পঞ্জীয়নক লৈ নিত্য-নতুন নিয়ম - Employment Exchange Portal

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 7:40 PM IST

Employment exchange registration of Assam : নিবনুৱাক লৈ চৰকাৰৰ বহুৱালি ৷ এবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰা চৰকাৰখনৰ নিবনুৱাৰ নাম পঞ্জীয়নক লৈ নিত্য-নতুন নিয়ম । নিয়োগ বিনিময় কেন্দ্ৰৰ পিচত এইবাৰ পুনৰ প'ৰ্টেলত পঞ্জীয়নৰ নিৰ্দশনা । অন্যথা বাতিল হ'ব পঞ্জীয়ন । প্ৰতিশ্ৰুতি আছিল এবছত এক লাখ চৰকাৰী চাকৰি দিয়া, তিনি বছৰতো পূৰণ নহ’ল প্ৰতিশ্ৰুতি ।

Employment exchange registration of Assam
নিবনুৱাৰ নাম পঞ্জীয়নক লৈ নিত্য-নতুন নিয়ম (ETV Bharat Assam)

গুৱাহাটী, ২১ জুলাই : এবছৰ-দুবছৰ নহয়, তিনি বছৰ সম্পূৰ্ণ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । প্ৰতিশ্ৰুতি আছিল এবছৰত এক লাখক চাকৰি দিয়াৰ । কিন্তু তিনি বছৰ পাৰ হ’ল যদিও প্ৰতিশ্ৰুতিৰ এক লাখ চাকৰি নহ’ল ৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ চৰকাৰ হ’লে প্ৰথমটো বছৰতে এক লাখ চৰকাৰী চাকৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল । বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণি গণি এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি সদম্ভে ঘোষণা কৰিছিল । সেইমতে চৰকাৰ গঠন কৰিয়েই ২০২১ বৰ্ষৰ ১১ মে’ৰ প্ৰথমখন কেবিনেট বৈঠকতে সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

Employment exchange registration of Assam
অসম চৰকাৰৰ জাননী (ETV Bharat Assam)

চৰকাৰৰ ২০২১-২২ বৰ্ষৰ প্ৰথমখন বাজেটতো একেটা ঘোষণা কৰি নতুন পদৰ সৈতে পূৰণ কৰিবলগীয়া খালী পদৰ তালিকাও প্ৰকাশ কৰা হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিটা বছৰ পাৰ কৰিলে । কিন্তু আজিলৈকে ঘোষিত এক লাখ নিযুক্তি সম্পূৰ্ণ নহ'ল । লক্ষ্যণীয় বিষয় যে এতিয়া তিনি বছৰ পিচত প্ৰতিশ্ৰুতিৰ এক লাখৰ বিপৰীতে ডেৰ লাখ নিযুক্তি দিয়াৰ কথা কোৱা হৈছে । কিন্তু সময়সীমা স্পষ্টকৈ কোৱা হোৱা নাই ।

প্ৰতিশ্ৰুতিৰ নামত পুনৰ প্ৰতিশ্ৰুতি । চৰকাৰী চাকৰিৰ কথা বাদেই সংস্থাপনৰ বাট মুকলি কৰিব পৰাকৈ চৰকাৰখনে পৰিৱেশ সৃষ্টি কৰিব নোৱৰাত ৰাজ্যখনৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে । ৰাজ্যখনত দিনকদিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ২২ লাখ অতিক্ৰম কৰিলে ।

ইফালে সংস্থাপন দিবলৈ অসমৰ্থ হোৱা চৰকাৰখনে নিবনুৱাসকলক লৈ ল’ৰাধেমালি কৰি আছে । চাকৰি দিব নোৱাৰি চৰকাৰখনে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ নিত্য-নতুন নিয়ম কৰি ৰাজ্যখনৰ লাখ লাখ নিবনুৱাক ভেঙুচালি কৰি আছে ৷ তাৰেই অন্যতম উদাহৰণ হৈছে শেহতীয়া এটা বিজ্ঞাপন ৷

যিটো বিজ্ঞাপনযোগে চৰকাৰে নিবনুৱাসকলৰ বাবে নতুন নিয়ম আৰোপ কৰিছে । অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে দিয়া বিজ্ঞাপনটোত কোৱা হৈছে যে স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ নতুন সংস্কৰণ । যিসকল প্ৰাৰ্থীয়ে চলিত বৰ্ষৰ ২ জানুৱাৰীৰ আগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল তেওঁলোকে ১৫ আগষ্টৰ ভিতৰত সেৱাসেতু প’ৰ্টেলত পুনৰ পঞ্জীয়ন কৰিব লাগিব । অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ’ব । সংস্থাপনৰ পথ নিৰ্দেশনা দিয়াৰ বিপৰীতে চৰকাৰে পঞ্জীয়নৰ নামত এনেদৰে নিবনুৱাসকলক হাৰাশান্তি কৰিছে ।

উল্লেখ্য যে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজ্যখনৰ পৰা কৰ্মসংস্থানৰ বাবে বহিঃৰাজ্যলৈ যোৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ ‘ইনষ্টিটিউট ফৰ হিউমেন ডেভলপমেন্ট’ৰ প্ৰকাশ পোৱা ‘ভাৰতৰ নিয়োগ প্ৰতিবেদন-২০২৪, যুৱ সংস্থাপন, শিক্ষা আৰু দক্ষতা’ শীৰ্ষক প্ৰতিবেদনত এটা বছৰতে ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ প্ৰব্ৰজন ঘটা ২৩.৭ শতাংশ লোকৰ ৫৪.৭ শতাংশই হৈছে কর্মসংস্থানৰ সন্ধানত যোৱা ৷ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত বাদেই তিনিবছৰত এক লাখ চৰকাৰী চাকৰি দিবলৈ সক্ষম হোৱা নাই ৷ ৰাজ্যখনত সংস্থাপনৰ কোনো সুবিধা নাপাই প্ৰায় প্ৰতিদিনেই কর্মসংস্থান বিচাৰি দেশৰ ভিন্ন ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে শ শ যুৱক-যুৱতীয়ে ।

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন নোহোৱাৰ পৰিপ্ৰেক্ষিতত নিবনুৱাৰ সংস্থাপনৰ হাৰো তুলনামূলকভাৱে দ্ৰুতগতিত হ্ৰাস পাইছে ।

লগতে পঢ়ক : অসমত ভয়াৱহ নিবনুৱা সমস্যা : সংস্থাপনৰ আশাত ৫৫ শতাংশৰ বহিঃৰাজ্যলৈ ঢাপলি

লগতে পঢ়ক : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত: ছেপ্টেম্বৰত ৩০ হাজাৰ যুৱক-যুৱতীয়ে পাব নিবনুৱা ঋণ

লগতে পঢ়ক : নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.