ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এ আই ইউ ডি এফৰ

বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান । কেক কাটি উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি এ আই ইউ ডি এফৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

After Supreme Court verdict joy celebrated by cutting cake at AIUDF office
উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি এ আই ইউ ডি এফৰ (ETV Bharat Assam)

গুৱাহাটী,১৭ অক্টোবৰ: বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানক লৈ উৎফুল্লিত এ আই ইউ ডি এফ দল । দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত ন্যায়ালয়ৰ ৰায়দানৰ পাছতে কেক কাটি আনন্দ উদযাপন কৰা হয় । বিধায়ক আমিনুল ইছলামে কেক কাটি উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই আনন্দ প্ৰকাশ কৰে ।

বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় দিয়ে । ভিত্তিবৰ্ষৰ ক্ষেত্রত ১৯৫১, ১৯৬৬ আৰু ১৯৭১ চনৰ প্ৰসংগক লৈ দীৰ্ঘসময় ধৰি চলি অহা বিতৰ্কৰ অৱসান ঘটাই আজি ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ব বুলি ৰ‍ায় দিয়ে । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায় । ন্যায়ালয়ৰ ৰায়ৰ পাছতে এ আই ইউ ডি এফৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । দলীয় নেতা-কৰ্মীসকলে কেক কাটি ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায় ।

ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক আমিনুল ইছলামে কয়,"আমি সুদীৰ্ঘ ১৫ বছৰে অসমৰ ভিত্তিবৰ্ষক কেন্দ্ৰ কৰি অসম সন্মিলিত মহাসংঘৰ চলি থকা গোচৰটোক লৈ শংকা-সংশয়ৰ মাজত আছিলো । ভিত্তিবৰ্ষক লৈ পুনৰ অসম অশান্ত হ'ব নেকি বুলি এটা সংশয়ৰ মাজত আছিলো । আজি উচ্চতম ন্যায়ালয়ে সকলো সন্দেহ আৰু সংশয় আঁতৰাই ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ বাহাল ৰাখিলে । ন্যায়ালয়ৰ এই ৰায়দানত আমি নথৈ আনন্দিত হৈছো । এইটো ন্যায় ব্যৱস্থাৰ বিজয় বুলি ক'ব বিচাৰিছো । অসম চুক্তিৰ বিজয় বুলি ক'ব বিচাৰিছো ।"

তেওঁ লগতে কয়,"ইয়াক লৈ যাতে আৰু ৰাজনীতি নহয় । বিদেশী সমস্যাটোৰ সমাধানৰ ক্ষেত্রত আৰু এখোজ আগুৱাই গ'ল । এতিয়া এন আৰ চিৰ কাম আৰু অধিক ভালদৰে হ'ব । ডি ভোটাৰৰ ক্ষেত্রত যথেষ্টখিনি পৰিৱৰ্তন আহিব যেন আমাৰ অনুভৱ হৈছে । সেইকাৰণে আমি অত্যন্ত সুখী । যাৰ বাবে আজিৰ দিনটো আমি কেক কাটি উদযাপন কৰিছো । উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আমি আদৰণি জনাইছো । এই সিদ্ধান্তৰ জৰিয়তে আমি অসমৰ যিখিনি লাঞ্ছিত, বঞ্চিত আৰু নিষ্পেষিত মানুহ আছে তেওঁলোকক লৈ ভিত্তিবৰ্ষৰ নামত যাতে আৰু ৰাজনীতি নহয় তাৰ সমাধানৰ বাবে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছো ।"

লগতে পঢ়ক: দায়বদ্ধতা প্ৰকাশ কৰি আহিছিলো, তাক আজি চুপ্ৰিম কৰ্টে স্বীকৃতি দিলে: ভূপেন বৰা

১৯৫১ নে ১৯৭১ ? অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিব ৰায়

'৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.