ETV Bharat / state

ডেৰ লাখতকৈ আধিক ভোটত জয়ী হোৱাৰ দাবী নৱ শৰণীয়াৰ - GSP leader Naba Sarania

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 7:22 PM IST

GSP leader Naba Sarania: উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে ৰাজনীতিৰ পথ প্ৰশস্ত নৱ শৰণীয়াৰ । কোকৰাঝাৰৰ পৰাই নিৰ্বাচন খেলাৰ ইংগিত শৰণীয়াৰ । বেঞ্জামিন বড়ো সন্দৰ্ভতো নলবাৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাগৰাকীয়ে ।

After high court verdict, Naba Sarania hints at contesting in LS elections
উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে ৰাজনীতিৰ পথ প্ৰশস্ত নৱ শৰণীয়াৰ

নলবাৰী,২৭ মাৰ্চ: উচ্চ ন্যায়ালয়ৰ ৰায়ত উৎফুল্লিত সাংসদ নৱ শৰণীয়া । ন্যায়ালয়ৰ ৰায়ৰ লগে লগে কোকৰাঝাৰত নিৰ্বাচন খেলাৰ পথ প্ৰশস্ত হল সাংসদ তথা গণশক্তি পাৰ্টিৰ নেতা নৱ শৰণীয়া ওৰফে হীৰা শৰণীয়াৰ । ন্যায়ালয়ৰ ৰায় পোৱাৰ পিচতেই বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই । কোকৰাঝাৰৰ জনতাৰ আশা পুৰণ হ'ল বুলি মন্তব্য কৰি নৱ শৰণীয়াই ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰে ।

চৰকাৰে শৰণীয়া কছাৰীসকলক বঞ্চিত কৰাৰ এক ষড়যন্ত্ৰ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে নৱ শৰণীয়াই । এইবাৰো নিৰ্বাচনত ডেৰ লাখতকৈ বেছি ভোটত জয়ী হ'ব বুলি দাবী কৰে হীৰা শৰণীয়াই । উল্লেখ্য যে, অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা গঠিত ৫ জনীয়া কমিটিয়ে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিছিল ৷ কমিটিখনে তেওঁ বড়ো/ বড়ো-কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত নহয় বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছিল ৷ ইয়াৰ পিচতেই ন্যায়ালয়ৰ কাষ চাপিছিল শৰণীয়া ।

আনহাতে টকাৰ ওপৰত শুই থকা ফটো ভাইৰেল হোৱা ইউ পি পি এল নেতা বেঞ্জামিন বড়োৰ এই কাণ্ড সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে । ইউ পি পি এলৰ নেতা যে দুৰ্নীতিত লিপ্ত এই ফটোৱে সেই কথা প্ৰমাণ কৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে শৰণীয়াই । তেওঁ কয় যে ভিচিডিচিৰ সভাপতি হৈয়েই পৰ্বতসম ধনৰ গৰাকী হৈছে ইউ পি পি এলৰ নেতাসকল । বৰ্তমান এইবোৰ ধুবলৈহে এইবাৰ বড়োভূমিত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলিব বিচাৰিছে বুলিও মন্তব্য কৰে নৱ শৰণীয়াই । এই সম্পৰ্কত ন্যায়ালয়ৰ কাষ চপাৰ লগতে নিৰ্বাচন আয়োগৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে সাংসদ হীৰা শৰণীয়াই ।

লগতে পঢ়ক: অসমত CAA ৰ কোনো প্ৰয়োজন নাই: নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.