ETV Bharat / state

অবৈধ কয়লাখনিত জীৱন্তে ভূগৰ্ভস্থ আৰু দুই শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ - Ledo illegal coal mine

Trapped in Ledo coal mine : ২৪ মে’ৰ নিশা লিডুৰ অবৈধ কয়লা খনিত আৱদ্ধ হৈছিল তিনি শ্ৰমিক ৷ এগৰাকীৰ মৃতদেহ ১ জুনত উদ্ধাৰ কৰাৰ পিচত শনিবাৰে আন দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

Trapped in Ledo coal mine
অবৈধ কয়লাখনিত জীৱন্তে ভূগৰ্ভস্থ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:43 PM IST

তিনিচুকীয়া, ৮ জুন: সম্পূৰ্ণ ১৪ দিনৰ অন্তত উদ্ধাৰ হ’ল লিডুৰ অবৈধ কয়লাখনিত জীৱন্তে ভূগৰ্ভস্থ হোৱা আন দুগৰাকী শ্ৰমিকৰ মৃতদেহ ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে চলোৱা দুই সপ্তাহজোৰা যৌথ অভিযানত উদ্ধাৰ হ’ল মেঘালয়ৰ জন আৰু ফিনাল নামৰ শ্ৰমিক দুগৰাকীৰ মৃতদেহ ৷

অবৈধ কয়লাখনিত জীৱন্তে ভূগৰ্ভস্থ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

উল্লেখযোগ্য যে, ২৪ মে’ৰ নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷ লিডুৰ ৰেট হ’ল মাইনিঙত জীৱন্তে ভূগৰ্ভস্থ হৈছিল কয়লা খনন কৰি থকা তিনিগৰাকী শ্ৰমিক ৷ শ্ৰমিক তিনিগৰাকীৰ সন্ধানত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৎপৰতাত অব্যাহত ৰখা হৈছিল ব্যাপক উদ্ধাৰ অভিযান ৷ উদ্ধাৰকাৰী দলৰ সহযোগত 26 মে’ৰ পৰাই চলি আছিল উদ্ধাৰ অভিযান ৷ অৱশ্যে প্ৰতিকুল বতৰৰ বাবে অভিযানত কিছু ব্যাঘাত জন্মাও পৰিলক্ষিত হৈছিল ৷

সমান্তৰালভাৱে আৰক্ষীয়েও সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত । ক’ল ইণ্ডিয়া, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যৌথ অভিযানৰ ফলত ১ জুনত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচত শনিবাৰে অবিৰতভাৱে চলাই থকা অভিযানৰ সময়ত আন দুগৰাকী শ্ৰমিকৰ মৃতদেহ সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷

ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনৰ তৎপৰতাত তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও উক্ত ঘটনাৰ সৈতে জড়িত কোনো এজন লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে এগৰাকী কয়লা মাফিয়াৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান ৷ সেই অভিযানত প্ৰায় তিনি কোটি টকা জব্দ কৰিবলৈ আৰক্ষী সক্ষম হৈছিল যদিও এতিয়াও সেই কয়লা মাফিয়াটোক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

লগতে পঢ়ক: পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি : ৩ জন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.