ETV Bharat / state

ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সামাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী - DFO Arrested for taking bribe

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 8:16 AM IST

Corrupted officer arrested in Golaghat : গোলাঘাটত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল গোলাঘাট সমাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাস ৷ আজি হাজিৰ কৰোৱাৰ সম্ভাৱনা আদালতত ৷

AFS DFO SOCIAL FORESTRY OF GOLAGHAT CAUGHT WITH TAKING BRIBE RS 30000
ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সামাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী (ETV Bharat Assam)

গোলাঘাট, 21 জুন : ঠিকাৰ বিল আদায় দিয়াৰ নামত ঘোচ বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ধৰা পৰে গোলাঘাট জিলাৰ সামাজিক বনানিকৰণ সংমণ্ডলৰ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাস । গুৱাহাটীৰ পৰা অহা ভিজিলেঞ্চ এণ্ড এন্টিকৰাপছনৰ এটা দলে বৃহস্পতিবাৰে দিনৰ প্ৰায় দুই বজাত বন সংমণ্ডলৰ প্ৰাধিকাৰী জ্ঞান ৰঞ্জন দাসক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

এক বিশেষ সূত্ৰে জানিব পৰা মতে জোনাকী নগৰস্থিত সামাজিক বনানিকৰণ সংমণ্ডল কাৰ্যালয়ৰ গাতে লাগি থকা এখন নাৰ্চাৰী আৰু বোকাখাতত এখন নাৰ্চাৰীৰ ঠিকা কৰা এজন ঠিকাদাৰক ধন আদায় দিয়াৰ নামত বন বিষয়া জ্ঞান ৰঞ্জন দাসে ধন দাবী কৰিছিল ।

অভিযোগ মতে, ধৃত বন বিষয়াগৰাকীয়ে ঠিকাদাৰগৰাকীৰ বিল প্ৰস্তুত কৰাৰ সময়ত তিনি লাখ টকাৰ উৎকোচ দাবী কৰিছিল । পাচত ঠিকাদাৰগৰাকীয়ে এই সমগ্ৰ ঘটনা দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰোৱাত বিভাগটোৱে পৰিকল্পনা কৰি বৃহস্পতিবাৰে ঘোচখোৰ বন বিষয়াগৰাকীক জোনাকী নগৰস্থিত চৰকাৰী বাসগৃহৰ পৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

উক্ত সময়ছোৱাত ঠিকাদাৰ বিশ্বজিৎ খাউণ্ডক দাবী কৰা ধনৰ 30 হাজাৰ টকা অভিযুক্ত দাসে হাতে-লোটে গ্ৰহণ কৰি আছিল বুলি অভিযানকাৰী বিষয়াই জনায় ।

উল্লেখনীয় যে, বৃহস্পতিবাৰে বন বিষয়া জ্ঞান ৰঞ্জন দাসে নিজ কাৰ্যালয়ৰ পৰা নিজ বাসভৱনলৈ উভতি অহাৰ পাচতে ঠিকাদাৰগৰাকীৰ পৰা ঘোচ লৈছিল । সেই সময়তে ভিজিলেঞ্চ এণ্ড এন্টিকৰাপছনৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু দুগৰাকী পৰিদৰ্শকৰ নেতৃত্বত অহা 8 জনীয়া এটা দলে ঘোচ লোৱা ধনসহ বন বিষয়া জ্ঞান ৰঞ্জন দাসক আটক কৰে ।

ইয়াৰোপৰি, অভিযানকাৰী দলটোৱে বন বিষয়া জ্ঞান ৰঞ্জন দাসৰ চৰকাৰী বাসগৃহত তন্ন তন্নকৈ তালাচী চলোৱাৰ লগতে কেইবাঘন্টা ধৰি মাৰাথান জেৰা অব্যাহত ৰাখে । গুৱাহাটীৰ বেলতলা নিবাসী জ্ঞান ৰঞ্জন দাস দুটা বৰ্ষৰ পূৰ্বে গোলাঘাট জিলাৰ সামাজিক বনানিকৰণ বিভাগৰ প্ৰাধিকাৰী হিচাপে যোগদান কৰিছিল বুলি জানিব পৰা গৈছে ।

বৃহস্পতিবাৰৰ নিশাই ভিজিলেঞ্চৰ দলটোৱে ধৃত বন বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ যায় আৰু শুকুৰবাৰে বিশেষ আদালতত হাজিৰ কৰোৱাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব: মুখ্যমন্ত্ৰী - Ranger Iqbal Ahmed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.