ETV Bharat / state

আদালত কক্ষতে ঢলি পৰি চিৰ বিদায় ল’লে অধিবক্তা লুটফুৰ ৰহমানে - ADVOCATE LUTFUR RAHMAN

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:46 PM IST

Lutfur Rahman passes away : মঙলদৈ আদালত চৌহদত থকা অৱস্থাতে সোমবাৰে দুপৰীয়া মঙলদৈ উকীল সন্থাৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা লুটফুৰ ৰহমানৰ আকস্মিকভাৱে মৃত্যু হয় ৷ সকলোৰে প্ৰিয় অধিবক্তা লুটফুৰ ৰহমানৰ আকস্মিক মৃত্যুৰ বাতৰি পাই স্বাভাৱিকতে মঙলদৈ আদালত চৌহদৰ লগতে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

LUTFUR RAHMAN PASSES AWAY
চিৰ বিদায় ল’লে অধিবক্তা লুটফুৰ ৰহমানে (ETV Bharat Assam)

মঙলদৈ, 22 জুলাই : জ্যেষ্ঠ অধিবক্তা লুটফুৰ ৰহমানৰ দেহাৱসান ৷ মঙলদৈ উকীল সন্থাৰ সদস্য তথা জ্যেষ্ঠ অধিবক্তা লুটফুৰ ৰহমানৰ মঙলদৈ আদালত চৌহদত থকা অৱস্থাতে দুপৰীয়া আকস্মিকভাৱে মৃত্যু হয় ৷ অধিবক্তাগৰাকীয়ে আজি মঙলদৈৰ 2 নং কনিষ্ঠ দেৱানী ন্যায়াধীশৰ আদালত কক্ষৰ ভিতৰত থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰে ৷ লগে লগে তেওঁক সহকৰ্মী অধিবক্তাই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

মৃদুভাষী, সকলোৰে প্ৰিয় অধিবক্তা লুটফুৰ ৰহমানৰ আকস্মিক মৃত্যুৰ বাতৰি পাই স্বাভাৱিকতে মঙলদৈ আদালত চৌহদৰ লগতে অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিচতে মঙলদৈ অসামৰিক চিকিৎসালয় অধিবক্তা, পৰিয়ালৰ লোক, শুভাকাংক্ষীৰে ভৰি পৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 53 বছৰ ৷ মঙলদৈ চহৰৰ 2 নং ৱাৰ্ডৰ নিবাসী লুটফুৰ ৰহমানৰ পত্নী চাবিনা ইয়াছমিনো মঙলদৈ উকীল সন্থাৰ এগৰাকী সদস্য আৰু কৰ্মৰত অধিবক্তা ৷

মৃত্যুৰ সময়ত অধিবক্তা লুটফুৰ ৰহমানে পত্নীৰ লগতে এগৰাকী কন্যা সন্তান, আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ অধিবক্তা ৰহমানৰ আকস্মিক মৃত্যুত মঙলদৈ উকীল সন্থা, আমছুৰ কেন্দ্ৰীয় নেতা আইনুদ্দিন আহমেদ, মঙলদৈ প্ৰেছ ক্লাব, মঙলদৈ তৰণী সংঘ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : বিশিষ্ট পৰিচালক-নাট্যকাৰ, প্রবীণ সাংবাদিক শৈলেন কুমাৰ নাথৰ দেহাৱসান - Sailen Kumar Nath passes away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.