ETV Bharat / state

গৰুৰ মাংস যদি নাখাই গৰুৱে মানুহ খাব ! আন এক যুক্তি - ASSAM BEEF BAN

গো-মাংস বিতৰ্ক সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে । ৰকিবুল হুছেইনক সমগ্ৰ বিতৰ্কৰ বাবে জগৰীয়া কৰিছে অধিবক্তাগৰাকীয়ে ।

Assam Beef Ban
গৰুৰ মাংস যদি নাখায় গৰুৱে মানুহ খাব:আবুল হাচেম খন্দকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 8:33 AM IST

নগাঁও : ৰাজ্যৰ ৰজনীতিত সৃষ্টি হোৱা গো-মাংস সম্পৰ্কীয় বিতৰ্কৰ পাছতেই অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে গো-মাংস । হোটেল, ৰেস্তোৰাঁকে আদি কৰি ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে ই টিভি ভাৰতৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে ।

ৰকিবুল হুছেইন জগৰীয়া

গৰুৰ মাংস যদি নাখায় গৰুৱে মানুহ খাব:আবুল হাচেম খন্দকাৰ (ETV Bharat)

ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাটো চৰকাৰৰ উচিত সিদ্ধান্ত হোৱা নাই বুলি উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে কয়,"ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাৰ বাবে মূলতঃ জগৰীয়া কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন । পুত্ৰ তানজিল হুছেইন চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত পৰাজিত হোৱা বাবেই বিজেপিৰ বিৰুদ্ধে গো-মাংসৰ ভোজভাতৰ অভিযোগ কৰি গো-মাংসৰ বিতৰ্কৰ সূত্ৰপাত কৰিছিল ৰকিবুল হুছেইনে । প্ৰাৰ্থী তানজিল হুছেইনে নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ বিপৰীতে পিতৃ ৰকিবুল হুছেইনে সংবাদমেলৰ জৰিয়তে গো-মাংস সম্পৰ্কীয় অভিযোগ উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল ।"

অসমত গো-মাংস নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনকে জগৰীয়া কৰি অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত পৰৱৰ্তী সময়ত আইনত পৰিণত কৰিব বুলিও আশংকা ব্যক্ত কৰে জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে । লগতে গো-মাংস নিষিদ্ধ কৰাক লৈ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিলে ন্যায়ালয়ে বিবেচনা কৰিব বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

গৰুৱে মানুহ খাব, চিৰিয়াখানাৰ বাঘক কি দিব ?

প্ৰসংগক্ৰমে ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুৰ খাদ্যৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত ল'ব বুলিও প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ অধিবক্তা খন্দকাৰে । আনহাতে গৰুৰ বংশবৃদ্ধিৰ প্ৰসংগও উল্লেখ কৰি মানুহে গৰু নাখালে এদিন গৰুৱে মানুহ খাব বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খন্দকাৰে ।

লগতে পঢ়ক :গো-মাংস নিষিদ্ধৰ আঁৰৰ ৰহস্য বুজাই দিলে লুৰীণজ্যোতি গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.