ETV Bharat / state

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসৎ উপায় ল'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, ১০ কোটিলৈকে জৰিমনা - Assam Direct Recruitment Exam 2024

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 9:15 PM IST

Assam grade III and IV exam: ১৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা । নিযুক্তি পৰীক্ষাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কি কি নিব পাৰিব আদি বিভিন্ন বিষয়ক লৈ নিযুক্তি আয়োগে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷

Assam Grade III and IV exam
ADRE নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: ১৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সন্দৰ্ভত বুধবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰা হয় ৷ নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে এই সংবাদমেলখন সম্বোধন কৰি নিযুক্তি পৰীক্ষা সন্দৰ্ভত সবিশেষ দাঙি ধৰে ৷ অজয় তিৱাৰীয়ে এইবাৰ পূৰ্বৰ তুলনাত দুগুণতকৈ বেছি প্ৰাৰ্থীয়ে আবেদন কৰাৰ কথা ব্যক্ত কৰি অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ নিযুক্তি পৰীক্ষা পাতিবলৈ সাজু হোৱা বুলি উল্লেখ কৰে ৷

নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে সংবাদমেলত উল্লেখ কৰা মতে, ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পদৰ বাবে আৰু ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব । তিৱাৰীয়ে সংবাদমেলত উল্লেখ কৰা মতে-

১৫ ছেপ্টেম্বৰত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা

১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাত ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হ’ব । বৰ্তমানলৈকে প্ৰায় ৯ লাখ এডমিট কার্ড ডাউনলোড কৰা হৈছে । পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৮ খন জিলাত ২৩০৫ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ তাৰ ভিতৰত ৪৩৯ টা স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । এই পৰীক্ষা কেন্দ্ৰৰ বাবে প্ৰায় ৭০ হাজাৰ নিৰীক্ষকক নিয়োগ কৰা হ’ব । মুঠ ১৫০ টা প্ৰশ্ন থাকিব । প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব । Negative marking থাকিব ।

ইফালে ২৯ ছেপ্টেম্বৰত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাত ৫ লাখ ২৯ হাজাৰ প্ৰাৰ্থী আৰু ২৭ অক্টোবৰ চতুৰ্থ বৰ্গত ১৩ লাখ ৮০ হাজাৰ প্ৰাৰ্থী অৱৰ্তীণ হ’ব ।

লগতে পঢ়ক: ADRE ৰ বাবে সাজু নে ? পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই কথাখিনি জানি লওক - Assam Direct Recruitment Exam 2024

পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে বিপদ হ'ব প্ৰাৰ্থীৰ

নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যাৰ বাবে নতুন আইন অনা হৈছে । অসৎ উপায় অৱলম্বন কৰা প্ৰাৰ্থীৰ ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে । কোনোবা ধৰা পৰিলে পিছত চাকৰি নাপাব । সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ১০০ মিটাৰলৈ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হ’ব । পৰীক্ষা কেন্দ্ৰত CCTV স্থাপন কৰা হৈছে । য’ত CCTV নাই তাত Videography কৰা হ’ব । তিনিজন ব্যক্তিয়ে কৰিব Videography ।

স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হ’ব । ষ্ট্ৰং ৰূমত পৰীক্ষাৰ প্ৰশ্ন কাকত, বহী ৰখা হ'ব । তৃতীয় বৰ্গৰ পদৰ বাবে ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ দুয়োটা দিন দেওবাৰ পৰিছে ৷ দেওবাৰে বহু ঠাইত বজাৰ বহে, গতিকে ৰাতিৰ ভাগত ব্যাপক ভিৰ হয় । সেয়ে সেইদিনা বজাৰসমূহ বেলেগ এটা দিনত দিব পাৰি নেকি, সেই দিশটো চোৱাৰ বাবে নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক: উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড : ইয়াত পাব পোনপটীয়া লিংক - Assam Direct Recruitment Exam 2024

পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কি কি নিব পাৰিব প্ৰাৰ্থীয়ে

পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কেৱল এডমিট কাৰ্ড, কলম, নগদ ধনক বাদ দি পৰীক্ষাৰ্থীয়ে আন একো নিব নোৱাৰিব ৷ আনকি পানীৰ বটলো পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিবলৈ দিয়া নহয় । কেন্দ্ৰৰ ভিতৰত পানীৰ ব্যৱস্থা কৰা হ’ব । পৰীক্ষাৰ্থীসকলক প্ৰায় ২ ঘণ্টাৰ আগত পৰীক্ষা কেন্দ্ৰলৈ অহাৰ আহ্বান অজয় তিৱাৰীৰ ।

পৰীক্ষাৰ বাবে ৰাজ্যত ১২ খন অতিৰিক্ত ৰে’ল চলিব

পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত অতিৰিক্তভাৱে ১২ খন ৰে’ল চলিব ৷ বাছ আৰু ৰাজহুৱা পৰিবহণ সুচল কৰাৰ বাবে জিলা আয়ুক্তক নিৰ্দেশনা দিয়া হৈছে ।নিযুক্তি আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে সংবাদমেলত জানিবলৈ দিয়া মতে, গুৱাহাটীত মুঠ ৩২৯ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ প্ৰতিটো কেন্দ্রত প্ৰায় ৫০০ কৈ প্ৰাৰ্থী অৱৰ্তীণ হ’ব পাৰিব ৷

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা - ADRE Exam Date

প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম - Recruitment in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.