ETV Bharat / state

বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 11:27 AM IST

Biggest ever recruitment exam in Assam : পুৱা ১০:৩০ বজাৰৰ লগতে লগে আৰম্ভ হৈছে অসমৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা ৷ প্ৰায় ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত ৷ ৰাজ্যত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা । গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও ৷

Biggest ever recruitment exam in Assam
সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা (ETV Bharat Assam)

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত আজি অনুষ্ঠিত হৈছে সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা । ১০ বজাৰ লগে লগে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা আৰু ১০:৩০ বজাৰ পৰা আৰম্ভ হৈছে লিখিত পৰীক্ষা । তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থী ।

এ ডি আৰ ইৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আজি ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ১১,২৩,২০৪ গৰাকী । ইফালে পৰীক্ষাৰ বাবে পুৱা ১০ বজাৰ পৰা ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । দিনৰ ১:৩০ বজালৈ অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ সময়লৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব ।

  • সৰ্ববৃহৎ পৰীক্ষা :

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সৰ্ববৃহৎ পৰীক্ষাত ৩১২৭ টা পদৰ বিপৰীতে অৱতীৰ্ণ হৈছে ১১ লক্ষাধিক প্ৰার্থী । অর্থাৎ একোটা পদৰ বাবে গড় হিচাপত ৩৬০ গৰাকী প্ৰার্থী অৱতীর্ণ হৈছে । তিনি সহস্ৰাধিক পদৰ বিপৰীতে ১১ লক্ষাধিক প্ৰার্থী অৱতীর্ণ হ'বলগীয়া হোৱা ঘটনাই অসমৰ নিবনুৱা সমস্যাৰ জটিল ৰূপটো স্পষ্টভাৱে উদঙাই দিছে ।

  • যান-জঁটৰ সৃষ্টি :

ইফালে পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত যিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিছে প্ৰায় সিমান সংখ্যক প্ৰাৰ্থীৰ লগত অহা অভিভাৱকে বাহিৰত ভিৰ কৰিছে । যাৰ ফলত আজি বাট-পথত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে । গুৱাহাটী মহানগৰীত পুৱাৰ পৰাই অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত প্ৰাৰ্থীসকলৰ অভিভাৱকে অৱস্থান কৰাত অধিক ভিৰ পৰিলক্ষিত হৈছে । অৱশ্যে ইয়াৰ ফলত পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে থকা ব্যৱসায়ীসকল যথেষ্ট লাভবান হৈছে ।

  • পৰীক্ষাত নকল নিষেধ :

লক্ষণীয় বিষয় যে এইবাৰ নিযুক্তি পৰীক্ষাত নকল কৰা, প্ৰশ্নকাকত ফাদিলকে ধৰি অন্যান্য অসৎ উপায় অৱলম্বন কৰাটো প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন, ২০২৪ ৰূপায়ণ কৰিছে । এই আইনৰ অধীনত নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে সংশ্লিষ্ট প্ৰার্থীয়ে ন্যূনতম তিনি বছৰৰ পৰা সৰ্বোচ্চ ১০ বছৰ পর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ'ব ।

একেদৰে আইনৰ অধীনত ন্যূনতম ১ লাখ টকাৰ পৰা সৰ্বোচ্চ ১০ কোটি টকা পর্যন্ত জৰিমনা বিহাৰ বিধান আছে । আনহাতে সমাজ বিৰোধী চক্ৰৰ ওপৰতো আৰক্ষীয়ে এইবাৰ চোকা দৃষ্টি ৰাখিছে । ইফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত কৰা এইবাৰৰ পৰীক্ষাত পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত আন লোকৰ প্ৰৱেশত বাধা নিষেধ আৰোপ কৰা হৈছে । পৰীক্ষাৰ্থীৰ বাহিৰে কোনো লোক পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰিব ।

আৰক্ষীৰ তালাচীৰ মাজেদিহে পৰীক্ষাৰ্থীসকল পৰীক্ষা গৃহৰ ভিতৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে । প্ৰার্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম'বাইল, বেগ, পানীৰ বটল, ঘড়ী আদি নিবলৈ দিয়া হোৱা নাই । আনহাতে চি চি টিভি কেমেৰা নথকা পৰীক্ষা কেন্দ্ৰত তিনিজনকৈ ভিডিঅ'গ্ৰাফাৰৰ ব্যৱস্থা কৰা হৈছে । পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে আযুক্ত-সচিব, সচিব পর্যায়ৰ একোজন বিষয়া নিয়োগ কৰা হৈছে ।

তদুপৰি প্ৰত্যেকটো কেন্দ্ৰত এজন ৰাজপত্ৰিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক ছুপাৰভাইজৰ হিচাপে নিযোজিত কৰা হৈছে । আনহাতে দেওবাৰৰ দিনটোত অনুষ্ঠিত হোৱা বজাৰসমূহ পৰীক্ষাৰ্থীসকলৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত বন্ধ কৰি দিয়া হৈছে আৰু বহু ঠাইত স্থান সলনি কৰি দিয়া হৈছে ।

  • পৰীক্ষাৰ প্ৰশ্ন :

উল্লেখ্য যে, পূৰ্বে পৰীক্ষাত ১০০ টা প্ৰশ্ন আছিল । কিন্তু এইবাৰ ১৫০ টা প্ৰশ্ন আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে এক নম্বৰকৈ আছে । আনহাতে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাও ১৫০ নম্বৰৰ হ'ব যদিও ইয়াত ১২৫ টা প্ৰশ্ন ১ নম্বৰৰ আৰু বাকীখিনি প্ৰশ্নৰ বাবে থাকিব ২ নম্বৰ । ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদৰ বাবে ১৩৫ টা প্ৰশ্ন থাকিব । নিযুক্তি পৰীক্ষাত এইবাৰ নিগেটিভ নম্বৰৰ ব্যৱস্থা কৰা হৈছে ।

আজিৰ পিছত ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া স্নাতক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত ৫,২৯,৯৮৯ জন, তৃতীয় বৰ্গৰ চালকৰ পদত ২,০৪০৯১ জন, ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পর্যায়ৰ চতুৰ্থ গোট পৰীক্ষাত ৮,২৭,১৩০ জন, অষ্টম শ্ৰেণী পৰ্যায়ৰ পৰীক্ষাত ৫,৫২,০০২ জন প্ৰার্থী অবতীর্ণ হ'ব । অর্থাৎ তৃতীয়-চতুর্থ বৰ্গৰ মুঠ ১২,৬০০ পদৰ বাবে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা ৩২ লাখৰো অধিক ।

লগতে পঢ়ক : অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা: চাৰে তিনিঘণ্টাৰ বাবে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা - ADRE 2024

লগতে পঢ়ক : ADRE ৰ বাবে সাজু নে ? পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই কথাখিনি জানি লওক - Assam Direct Recruitment Exam 2024

লগতে পঢ়ক : তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা; কেনে প্ৰস্তুতি চলাইছে তিনিচুকীয়া প্ৰশাসনে ? - ADRE 2024

লগতে পঢ়ক : তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে শোণিতপুৰৰ কেইবাখনো বজাৰ বন্ধৰ নিৰ্দেশ - ADRE 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.