ETV Bharat / state

ধুবুৰীৰ বিলাসীপাৰাত চলিল প্ৰশাসনৰ বুলড'জাৰ - Bilasipara eviction

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 2:01 PM IST

Bilasipara eviction: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পূৰ্বে বিলাসীপাৰাত প্ৰশাসনৰ উচ্ছেদ । উচ্ছেদৰ পূৰ্বে জাননী নিদিয়াৰ অভিযোগ ৰাইজৰ । প্ৰশাসনৰ মতে পৰিয়ালকেইটাই চৰকাৰী ভূমি দখল কৰি আছিল ।

Bilasipara eviction
ধুবুৰীৰ বিলাসীপাৰাত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat)

বিলাসীপাৰা, ২ আগষ্ট : ধুবুৰী জিলাৰ বিলাসীপাৰাত পুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলায় । চিৰাকুটাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ১৭ টাকৈ পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান ।

বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান :

চাপৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত চলা উক্ত উচ্ছেদস্থলীত আৰক্ষী, অৰ্ধসামৰিকে ধৰি বিশাল বাহিনী মোতায়েন কৰা হয় । চাৰিখনকৈ এক্সভেটৰেৰে কেইবাটাও পকী ঘৰ ভাঙি দিয়া হয় । চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত চিৰাকুটা প্ৰথম খণ্ড গাঁৱৰ পট্টা নম্বৰ ৫ আৰু ১১ ৰ ১৫৫, ২৫৬, ২৬৭ আৰু ২০৮ নম্বৰ দাগৰ প্ৰায় ৪ বিঘা মাটিত বসবাস কৰি থকা পৰিয়ালকেইটাক প্ৰশাসন উচ্ছেদ কৰে ।

প্ৰশাসনৰ অভিযোগ :

ৰাজহ চক্ৰ বিষয়াই দাবী কৰি কয়, "ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে চিৰাকুটাৰ পৰা চাপৰ বজাৰলৈ মাটি অধিগ্ৰহণ কৰা হৈছে । এইসকল লোকে চৰকাৰী ভূমি লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি দখল কৰি আছিল । আমাৰ হাতত থকা তথ্য মতে ৩০০ৰো অধিক পৰিয়াল আছে । তেওঁলোকৰ হাতত কোনো বৈধ নথি-পত্ৰ নাই, যাৰ বাবে তেওঁলোকক উচ্ছেদ কৰা হৈছে ।’’

‘‘প্ৰায় দুমাহ পূৰ্বে এই অভিযান চলোৱাৰ কথা আছিল যদিও বানৰ বাবে এই অভিযান পিছুৱাই দিয়া হৈছিল । উচ্ছেদিত লোকসকলক কেইবাবাৰো জাননী দিয়া হৈছে । ব্যক্তিগতভাৱেও মণ্ডলে প্ৰতিটো পৰিয়ালক উচ্ছেদৰ কথা কৈছে । উচ্ছেদৰ কথা তেওঁলোক সকলো অৱগত । যিসকলৰ ম্যাদী মাটি লোকসকলে ইতিমধ্যে ক্ষতিপূৰণ পাইছে ।" ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে কয় ৷

উচ্ছেদিত লোকৰ অভিযোগ :

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পিচতে অঞ্চলটোত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । চকুৰ সন্মুখতে সপোনৰ ঘৰখন ভাঙি যোৱা দেখি শোকত ভাগি পৰিছে লোকসকলে । ইফালে প্ৰশাসনৰ অভিযোগৰ বিপৰীতে তেওঁলোকে কয়, "বিগত প্ৰায় ৫০ বছৰ ধৰি আমি ইয়াতে আছো । মাটিৰ খাজনাও দি আছো । উচ্ছেদ সম্পৰ্কে আমাক কোনো ধৰণৰ জাননী দিয়া নাই ।’’

উচ্ছেদি লোকসকলে কয়, ‘‘আমাক চৰকাৰে ইয়াত মাটি আৱণ্টন দিছে, আমাক এইখন চৰকাৰেই ঘৰ দিছে, বিদ্যুৎ সংযোগ দিছে । চৰকাৰে সকলো দি আকৌ উচ্ছেদ কৰি আছে । এয়া আমাৰ লগত চৰম অন্যায় কৰা হৈছে ।" উচ্ছেদিত লোকসকলে চৰকাৰৰ পৰা ক্ষতিপূৰণৰো দাবী কৰে ।

লগতে পঢ়ক :শিলচৰ পৌৰসভাৰ বিৰুদ্ধে পূজা কমিটিক উচ্ছেদ কৰি ভূ-মাফিয়াক ভূমি গতোৱাৰ অভিযোগ - Eviction in Silchar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.