ETV Bharat / state

১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 10:59 PM IST

Assam trading scam : পলাই থকাৰ কোনো পথ নেদেখি আৰক্ষীৰ ওচৰলৈ আহিল অভিযুক্ত । ইয়াৰ পিচতেই আৰক্ষীয়ে জব্দ কৰিলে বিলাসী বাহনৰ লগতে তিনিখন মটৰ চাইকেল, এখন স্কুটী আৰু বিভিন্ন বেংক একাউন্ট । কোন এইজন মাষ্টাৰ মাইণ্ড ?

baska100 crore trading scam
অভিযুক্তৰ আত্মসমৰ্পণ (ETV Bharat Assam)

বাক্সা, ১৫ ছেপ্টেম্বৰ: বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ঘনিষ্ঠ তথা মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টই অৱশেষত দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ দীৰ্ঘদিন ধৰি এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা দীপাংকৰ ভট্টৰ সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দীপাংকৰে পলাই থকাৰ কোনো পথ নেদেখি আজি পুৱাই মুছলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

অভিযুক্তৰ আত্মসমৰ্পণ (ETV Bharat Assam)

ইয়াৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২/২০২৪ নম্বৰৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখে ৷ জেৰাৰ সময়ত দীপাংকৰে বহু বিস্ফোৰক তথ্য উল্লেখ কৰিছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সদৰী কৰাৰ পৰা বিৰত থাকে ৷ কাইলৈ দীপাংকৰক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে জিম্মালৈ অনাৰ সম্ভাৱনা আছে ৷

  • আৰক্ষীয়ে জব্দ কৰিলে বাহন

উল্লেখ্য যে, ইতিমধ্যে বাক্সাৰ ১০০ কোটি টকীয়া ট্রেডিং কেলেংকাৰীৰ মূল অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ সৈতে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আইচিআইচিআই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক'লা বৰণৰ ফৰচুনাৰ বাহনখনৰ লগতে তিনিখন মটৰ চাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউন্ট আৰু এটিএম কার্ড জব্দ কৰে ৷

  • চাৰি বছৰতেই পালে আলাউদ্দিনৰ চাকি

প্ৰণিধানযোগ্য যে দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্রেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেইবা ঠাইতো নামে-বেনামে মাটি ক্রয় কৰিছে । তদুপৰি কেইবাখনো ব্যৱসায় প্রতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । আজি মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টই আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে মুছলপুৰ আৰক্ষী থানাৰ সম্মুখত বহুলোকে ভিৰ কৰে ।

উল্লেখ্য যে দুদিন পূৰ্বে দীপাংকৰ ভট্টৰ দুই সহযোগী তথা আইচিআইচিআইচি বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী ক্ৰমে মঙলদৈৰ জ্যোতিষ্মান শৰ্মা আৰু নিকাচীৰ চুমিত বৰ্মনক আৰক্ষীয়ে বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰিছিল । সম্প্ৰতি এই দুই সহযোগীক আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈ - Gaurav Gogoi on trading scam

চুমী-তাৰ্কিকে কাৰ গাড়ীৰে পলায়ন কৰিছিল ? - Sumi Tarkik

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.