গুৱাহাটী, 10 মাৰ্চ : পশ্চিমবংগৰ সন্দেশখালীত নাৰীৰ ওপৰত নিৰ্যাতন হোৱাৰ অভিযোগ তোলাৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবীত মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দেওবাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, পশ্চিমবংগৰ সন্দেশখালীত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভোট বেংকৰ সংকীৰ্ণ ৰাজনীতিৰ ফলত মহিলাৰ শ্লীলতাহানিৰ দৰে ঘটনা সংঘটিত হৈছে ৷ তেওঁলোকে কয় যে, পশ্চিম বংগৰ উত্তৰ চৌবীস পৰগনা জিলাৰ সন্দেশখালী অঞ্চলত অধিকাংশ পীড়িত মহিলা অন্যান্য পিছপৰা জাতি তথা অনুসূচিত জাতিৰ ৷ দুৰ্বৃত্তৰ উৎপীৰণত অতিষ্ঠ হৈ সন্দেশখালীৰ বহুতো পৰিয়াল পলায়ন কৰিবলৈ বাধ্য হৈছে ৷ তৃণমূল কংগ্ৰেছৰ নেতাৰ দ্বাৰা হিন্দু পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে নাবালিকা কন্যা আৰু মহিলা সকলক তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়লৈ লৈ গৈ অত্যাচাৰ কৰাৰ দৰে জঘন্য ঘটনা সন্মুখলৈ আহিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷
- " class="align-text-top noRightClick twitterSection" data="">
সেয়েহে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ প্ৰায় প্ৰতিখন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদস্থলীত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ পূৰ্বে এই বিষয়ক লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা জিলা আয়ুক্তৰ জড়িয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে সংগঠনটোৰ অসম প্ৰদেশৰ মিডিয়া সংযোজক জিতুমণি কলিতাই ৷ এই ঘটনা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা উচ্চ স্তৰীয় অনুসন্ধান কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান কৰি নিৰ্যাতিত সকলক ন্যায় প্ৰদান কৰাৰ বাবে বিদ্যাৰ্থী পৰিষদে দাবী জনায় ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ওফৰাই ৰাজ্যজুৰি CAA ৰ বিৰুদ্ধে প্ৰতিবাদ