ETV Bharat / state

5 লাখ টকা মুক্তিপণ দাবীৰে অপহৰণ এজন লোকক; আৰক্ষীৰ অভিযানত সুকলমে উদ্ধাৰ

Kidnap on Assam Manipur border: অসম-মণিপুৰ সীমান্তৰ পৰা অপহৃত ব্যক্তিক উদ্ধাৰ আৰক্ষীৰ ৷ আন্ধাৰৰ সুযোগ লৈ অপহৰণকাৰীৰ পলায়ন ৷

Assam Manipur border
অসম-মণিপুৰ সীমান্তত অপহৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

শিলচৰ : অসম-মণিপুৰ সীমান্তত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা । দুয়োখন ৰাজ্য়ৰ সীমান্তৰ পৰা মণিপুৰৰ এজন লোকক অপহৰণ ৷ এই লোকজনক কোনে কি কাৰণে অপহৰণ কৰিছিল সেইবিষয়ে এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই তথ্য় । লোকজনক অপহৰণ কৰাৰ বিষয়ে জানিব পাৰি অসম-মণিপুৰ আৰক্ষীয়ে চলায় যুটীয়া অভিযান ।

অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাট কাটাখালত অপহৰণ

ঘটনাৰ বিৱৰণী অনুসৰি ছাইয়ুব উদ্দিন নামৰ মণিপুৰৰ জিৰিবামৰ এজন লোকক মঙলবাৰে নিশা অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ জিৰিঘাট কাটাখালৰ পৰা অপহৰণ কৰে এটা দুৰ্বৃত্তৰ দলে । এই দুৰ্বৃত্তৰ দলটোত কিমানজন সদস্য় আছিল সেইবিষয়ে জানিব পৰা হোৱা নাই । অপহৰণ পাছত অপহৰণকাৰীয়ে পৰিয়ালক ফোনযোগে ৫ লাখ টকা মুক্তিপণ দাবী কৰে ৷ অপহৰণকাৰীয়ে ফোন কৰাৰ পিচতেই কাছাৰৰ জিৰিঘাট আৰক্ষী চকীত অপহৃত লোকজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ।

অসম-মণিপুৰ সীমান্তত অপহৰণ (ETV Bharat Assam)

কাছাৰ আৰক্ষীৰ মণিপুৰ আৰক্ষীৰ সহযোগত অভিযান

এই গোচৰ ৰুজু কৰাৰ পাছতেই কাছাৰ আৰক্ষীয়ে মণিপুৰ আৰক্ষীৰ সহযোগত দুয়োখন ৰাজ্যৰ সীমান্তত অভিযান আৰম্ভ কৰে । এই অভিযানৰ নেতৃত্বত দিয়ে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই । উক্ত অভিযানত যোৱা মঙলবাৰে নিশা অপহৃত লোকজনক জিৰিঘাটৰ বাঘখালৰ পৰা উদ্ধাৰ কৰে কাছাৰ আৰক্ষীয়ে ।

আন্ধাৰৰ সুযোগ লৈ পলাল অপহৰণকাৰী

লোকজনক সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেও অপহৃতৰ কোনো সন্ধান নাপালে আৰক্ষীয়ে । আন্ধাৰ আৰু দুৰ্গম পাহাৰীয়া ঠাইৰ সুবিধা লৈ পলায়ণ কৰে অপহৰণকাৰী দলোৱে । অপহৰণ কাৰীৰ সন্ধানত সীমান্তত অসম আৰু মণিপুৰ আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: স্বামীৰ সন্মুখতেই অভিনেত্ৰী পত্নীক অপহৰণ গুৱাহাটীত - Actor Jiya Deka kidnapping incident

বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰী অপহৰণৰ অপচেষ্টা, গ্ৰেপ্তাৰ দুই অভিযুক্ত - Attempt to kidnap

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.