ETV Bharat / state

ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 10:20 PM IST

AATSA Press Meet : ডিব্ৰুগড়ৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলীৰ সন্মুখত এটাৰ পাছত আন এটা প্ৰত্যাহ্বান ৷ ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ কামত ক্ষোভিত আটছাৰ সংবাদমেল ৷ বিজেপিয়ে ৰামেশ্বৰ তেলীক পুনৰ প্ৰাৰ্থিত্ব দিলে চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

AATSA Press Meet
সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ক্ষোভ আটছাৰ
ডিব্ৰুগড়ত আটছাৰ সংবাদমেল

ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী : ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলাৰ মাজতে সাংসদ গৰাকীৰ সন্মুখত আহি পৰিছে এটাৰ পাচত আন এটা প্ৰত্যাহ্বান ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে গৰজি উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা ৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীয়ে বিগত দহ বছৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ সাংসদ তেলীৰ বিগত কাৰ্যকালক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আটছাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজি ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনত আটছাই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াই কয় যে, বিগত দহ বছৰে ডিব্ৰুগড় সমষ্টিৰ সাংসদ হৈ আছে ৰামেশ্বৰ তেলী ৷ লগতে তেওঁ বৰ্তমান এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ ইয়াৰ পিচতো আজিও চাহ জনগোষ্ঠীটো বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু তেওঁৰ পৰা জনগোষ্ঠীটোৱে যথেষ্ঠ আশা কৰিছিল ৷ কিন্তু তেওঁ চাহ জনগোষ্ঠীৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বাবে যি কৰিলে সেইয়া একেবাৰেই শূণ্য বুলি সংবাদমেলত উল্লেখ কৰে আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই ৷

তেওঁলোকে পুনৰ কয় যে, চাহ জনগোষ্ঠীয় লোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰামেশ্বৰ তেলীৰ দৰে ব্যক্তিক বিজেপিয়ে যদি পুনৰ টিকট দিয়ে তেন্তে বাগিচাত তেলীৰ লগতে বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব ৷ অন্যহাতে তেলীৰ বিকল্প চিন্তা নকৰিলে বিজেপিয়ে নিৰ্বাচনত আটছাৰ প্ৰৱল বিৰোধিতাৰ বাবে সাজু থাকক বুলিও হুংকাৰ প্ৰদান কৰে ৷ অন্যহাতেদি তেলীক যদি আকৌ টিকট দিয়ে বাগিচাই বাগিচাই বিজেপিৰ বিৰুদ্ধে আটছাই প্ৰতিবাদ কৰিব বুলিও কয় তেওঁলোকে ৷

সংগঠনটোৰ বিষয়ববীয়া সকলে কয় যে, চাহ বাগিচাৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত 10 বছৰে নিমাত তেলী ৷ লগতে খণ্ড খণ্ড কৰি হাজাৰ হাজাৰ বিঘা মাটি বিক্ৰী হৈ আছে, মাটি দালালৰ কবলত বাগিচাৰ শ্ৰমিকৰ শ শ বিঘা মাটি, তেলীয়ে জনগোষ্ঠীটোক প্ৰতাৰণা কৰি নিমাতে থকা বুলিও উল্লেখ কৰে তেওঁলোকে ৷ লগতে চাহ শ্ৰমিকৰ মজুৰিক লৈ কেতিয়াও সাংসদ গৰাকীয়ে গুৰুত্ব নিদিলে বুলি অভিযোগ কৰে আটছাই ৷

লগতে পঢ়ক : ভাটৌ কোন ? কাৰ বাবে বিজেপিত ঠাই নাই বুলি ক’লে জয়ন্ত মল্লবৰুৱাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.