ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ - AASU Protest

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:05 PM IST

AASU Protest: পেট্ৰ'ল-ডিজেলকে ধৰি দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । শেহতীয়াকৈ চৰকাৰে ৩ ৰ পৰা ৫ শতাংশলৈ টোল কৰ বৃদ্ধি কৰিছে ৷ যাৰ বাবে সোমবাৰে ৰাজ্যজুৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

AASU Protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ (ETV Bharat)

ৰঙিয়া/লখিমপুৰ/ধেমাজি,৩ জুন : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । মঙলবাৰে অসমৰ প্ৰায় প্ৰতিখন জিলাতে আছুৱে চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলাৰ ৰঙিয়াত আছুৱে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱৰা যোগান মন্ত্ৰীৰ বিৰুদ্ধে আছুৱে শ্ল'গান দিয়া দেখা যায় ।

প্ৰতিবাদৰ ফলত বহু সময় ধৰি ৰাজপথত যান-বাহন আৱদ্ধ হৈ পৰে । ইফালে যোগান মন্ত্ৰীৰ জলন্ত পুত্তলিকাক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ঠেলা-হেঁচা হোৱাও দেখা যায় । সোমবাৰে ৰঙিয়াৰ হাইৱে চ'কত আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আগন্তুক দিনত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আছুৱে ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ।

ইফালে লখিমপুৰ জিলা ছাত্র সন্থাইও মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জিলা ছাত্র সন্থাই নগৰৰ গাৰ্লচ ৰোড চাৰিআলিত যোগান মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে । আছুৰ কৰ্মীসকলে চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে তীব্ৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰাকে ধৰি আছুৰ কেইবাগৰাকী নেতাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । আছু নেতাসকলে যোগান মন্ত্ৰীক অদক্ষ বুলি সমালোচনা কৰে । আছুৰ নেতাসকলৰ মতে যোগান মন্ত্ৰীয়ে কেৱল শৰীৰচৰ্চাত ব্যস্ত হৈ আছে, বজাৰত কি হৈ আছে তেওঁ গম নাপায় । পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে আছুৱে যোগান মন্ত্ৰীক দোষাৰোপ কৰে ।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধেমাজিতো জ্বলিল যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা । ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদী সমদলৰ অন্তত আছুৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰে ৷ ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । অসম চৰকাৰ, যোগান মন্ত্ৰী লগতে বিজেপিৰ বিৰোধী শ্ল'গানেৰে আছুৱে পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আগন্তুক দিনত আছুৱে চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে আছুৰ প্ৰতিনিধিসকলে ।

লগতে পঢ়ক :যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

লগতে পঢ়ক :বিশ্ব শান্তিৰ কামনাৰে ব্ৰহ্মপুত্ৰত কুইন্টলে কুইন্টলে মাছ এৰি পালন কৰিলে চাকা দাৱা উৎসৱ - Saka Dawa Festival

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.