নিউজ ডেস্ক, ৩০ আগষ্ট: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আৰু স্থায়ী সমাধানৰ দাবীত শুকুৰবাৰে আছুৱে ৰাজ্য়জুৰি সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী ৷ ৰাজ্য়ৰ আন জিলাৰ লগতে তিনিচুকীয়া,লখিমপুৰ,মাজুলী,গোলাঘাট,মৰিগাঁও,নগাঁও আৰু ধেমাজিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অসমক মাহী আইৰ চকুৰে চোৱা বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ দিয়ে ।
তিনিচুকীয়াত চৰকাৰ বিৰোধী শ্লোগান :
আজি তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা আছুৱে তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ পৰা থানা চাৰিআলিলৈ এক সমদল উলিয়াই 'বান-গৰাখহনীয়া সমস্যা সমাধান কৰক', 'বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক' আদি শ্লোগান কৰে ।
প্ৰতিবাদৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোঁহাই আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি সত্য বৰগোঁহাইয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, " অসমৰ সম্পদ লুণ্ঠন কৰিলেই নহ’ব,কেন্দ্ৰই অসমৰ সমস্যাসমূহো সমাধান কৰিব লাগিব । বিহাৰ,উত্তৰ প্ৰদেশক বানপানীৰ বাবে বিশেষ অনুদান ঘোষণা কৰিব আৰু অসমে মাত্ৰ আশ্বাস লৈ থাকিব সেয়া কেতিয়াও হ’ব নোৱাৰে ৷ অসমক মাহীআইৰ চকুৰে চোৱা বিজেপি চৰকাৰক ওফৰাই দিয়া হ’ব ৷"
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অতি সোনকালে বানপানী,গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে স্থায়ী সমাধান কৰাৰ দাবী জনায় ৷ লগতে নদীত পানী কম হোৱাৰ সময়তে ততাতৈয়াকৈ ছিগা মথাউৰি আৰু গৰাখহনীয়াসমূহ মেৰামতি কৰিবলৈ দাবী জনায় ।
মাজুলীত বিক্ষোভ কাৰ্যসূচী :
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধান আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত আজি মাজুলী জিলা ছাত্র সন্থাই মাজুলীৰ কমলাবাৰীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাজুলী জিলা ছাত্র সন্থাৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞাই কয়," অসমৰ বানপানীয়ে অসমৰ যি আর্থ-সামাজিক উন্নয়ন ধ্বংস কৰি দিছে । বানপানী আৰু গৰাখহনীয়াই অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, কিন্তু চৰকাৰে তাৰ বাবে একো প্ৰদক্ষেপ গ্ৰহণ কৰা নাই । বিহাৰ আৰু গুজৰাটত ধুমুহাতো চৰকাৰে বিভিন্ন পেকেজ ঘোষণা কৰে,কিন্তু অসমক মাহী আইৰ চকুৰে চাই চৰকাৰে ।"
গোলাঘাট জিলা ছাত্ৰ সন্থাৰ গৰ্জন:
আজি গোলাঘাট জিলা ছাত্ৰ সন্থায়ো বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত 'জলসম্পদ বিভাগ হাই হাই', 'অসম চৰকাৰ হাই হাই' আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয়," বানপানীৰ সমস্যাৰ বাবে অসমৰ জনসাধাৰণ যথেষ্ট পৰিমাণে সমস্যাৰ সম্মুখীন হৈ আহিছে । লগতে বহু লোকৰ মৃত্যু হৈছে । অসমত অলপতে হৈ যোৱা বানপানীত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল য'ত গোলাঘাট জিলাৰ দেৰগাঁৱত বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকক বানপানীয়ে উটুৱাই নিছিল । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বানপানীৰ স্থায়ী সামাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । গৰাখহনীয়া সামাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু চৰকাৰে কৰা নাই । গতিকে চৰকাৰে অতি সোনকালে বানপানী আৰু গৰাখহনীৰ স্থায়ী সামাধানৰ ব্যৱস্থা কৰিব লাগে ।"
তেওঁ পুনৰ কয়," বিহাৰত যেতিয়া বানপানী হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে হাজাৰ হাজাৰ কোটি টকা সাহায্য আগবঢ়ায়, কিন্তু অসমত যেতিয়া বানপানী হয় তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা ফোন কৰি নিজৰ দায়িত্ব সামৰে । গতিকে আমি দাবী উত্থাপন কৰিছো অতি সোনকালে বানপানীৰ স্থায়ী সামাধান কৰাৰ লগতে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক ।" আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈ, সম্পাদক চিৰঞ্জীৱ বৰা দিয়ে অংশগ্ৰহণ কৰে ।
মৰিগাঁও জিলাৰ আছুৰ নেতৃত্বত বিক্ষোভ :
বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আৰু স্থায়ী সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁৱত জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শ্লোগানেৰে মৰিগাঁৱৰ আকাশ-বতাহ কপাই তোলে । আছুৰ মৰিগাঁও জিলাৰ সভাপতিগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰীকাক সমালোচনা কৰি কয়, "মন্ত্ৰী পীযুষ হাজৰীকাই মৰিগাঁৱত হোৱা বানপানী দুৰ্যোগৰ সময়ত ৰাইজৰ কাষতে অহা নাই । ভুৰাগাঁও, লাহৰীঘাট, ধৰমতুলত হোৱা ভয়ংকৰ বানপানীয়ে মানুহৰ অৱস্থা বেয়া কৰিছিল । মৰিগাঁও জিলাৰ বান আৰু গৰা খহনীয়াই হেজাৰ হেজাৰ হেক্টৰ শস্য পথাৰ ঘৰ-বাৰী খহাই নিছে । শ শ বিঘা কৃষি ভূমি নিশ্চিন্ন হৈ আছে । "
কিয় অসমৰ বান সমস্যাক আওঁকান কেন্দ্ৰৰ ?
বাৰিষা হ’লে ভয়ংকৰ বানপানীৰ গ্ৰাসত পৰা অসমৰ বানপানী সমস্যাক লৈ নিৰুদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ ৷ যাৰ ফলস্বৰূপে আজিকোপতি বানপানীৰ সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি জিলা ছাত্ৰ সন্থাই জলসম্পদ বিভাগৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । ধেমাজি নগৰত এক সমদল উলিয়াই জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ শতাধিক কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধী ভিন্ন শ্ল’গানে উত্তাল কৰি তোলে । এই প্ৰতিবাদত অংশ লয় অসম সংগঠনটোৰ জিলা সমিতিৰ উপদেষ্টা দীপক শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ৷
নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ :
"বছৰ বছৰ ধৰি বান গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰি অহা অসমক মাহী আইৰ দৃষ্টিৰে চাইছে কেন্দ্ৰই। " এই মন্তব্য সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ । অসমৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবীত শুক্ৰবাৰে নগাঁৱত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি কেন্দ্ৰৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে নগাঁও জিলা ছাত্ৰ সন্থা । দেশৰ অন্য ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে হাজাৰ কোটিৰ পেকেজ দিয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যা সমাধানৰ নামত কোনো পেকেজ নিদিয়া বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি ।