ETV Bharat / state

সহকাৰী অধ্যাপক নিযুক্তিৰ নতুন নিয়ম হঠকাৰী,গৱেষণাক মূল্যহীন কৰাটো মানি লোৱা নহ'ব: আছু - APPOINTMENT OF ASSISTANT PROFESSORS

প্ৰাদেশীকৃত মহবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ ব্যাপক সালসলনি । নিযুক্তিৰ নতুন খচৰাক লৈ সৰৱ আছু ।

AASU On new Rule Of Assistant Professor
সহকাৰী অধ্যাপক নিযুক্তিৰ নতুন নিয়মৰ বিৰোধিতা আছুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 3:38 PM IST

গুৱাহাটী: অসমৰ প্ৰাদেশীকৃত মহবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ ব্যাপক সালসলনি ঘটোৱা হৈছে । নিযুক্তিৰ নতুন খচৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ সভাপতি উৎপল শৰ্মাই ।

সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নিয়মৰ ব্যাপক সালসলনি ঘটোৱা সন্দৰ্ভত তেওঁ কয়," সহকাৰী অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত প্ৰকাশ কৰা নতুন নিয়মৰ খচৰা অপ্ৰয়োজনীয় আৰু হঠকাৰী । এই খচৰা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । যিখিনি সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গৱেষণাভিত্তিক শিক্ষাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে সেই সময়তে অসম চৰকাৰে এই খচৰাৰ জৰিয়তে পি এইচ ডি ডিগ্ৰীক মূল্যহীন কৰি তুলিছে । এয়া ৰাজ্যখনৰ বাবে এক শৈক্ষিক আত্মহনন ।"

তেওঁ পুনৰ কয়," ইতিমধ্যে পি এইচ ডি ডিগ্রী লাভ কৰা আৰু গৱেষণাত ব্ৰতী হৈ থকা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক এই খচৰাই দুঃচিন্তাত পেলাইছে, মানসিক নির্যাতন চলাইছে । এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি । পি এইচ ডি ডিগ্ৰীৰ বৰ্তমানৰ মান্যতা বাহাল থাকিবই লাগিব ।"

তেওঁ লগতে কয়,"তাৰ সমান্তৰালভাৱে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে বাছনি পৰীক্ষা পাতিব বিচৰা কথাটোও আসোঁৱাহপূর্ণ । ইতিমধ্যেই CUET, NET, SLET আদি সৰ্বভাৰতীয় আৰু ৰাজ্যিক ভিত্তিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বাধ্য কৰোৱাটো কিমানদূৰ যুক্তি সংগত ? যি বাছনি পৰীক্ষাৰ প্ৰক্ৰিয়া নতুন খচৰাই নিৰ্ধাৰণ কৰিছে সেয়া মুঠেই মানি ল'ব নোৱাৰি । নিজৰ বিষয়টোৰ পৰিৱর্তে আন আন বিষয়তহে দক্ষতা জুখি শিক্ষক নিযুক্তি দিব বিচৰা চিন্তাটোৱেই অবিজ্ঞানসন্মত আৰু মাৰাত্মক ।"

প্ৰশাসনিক বিষয়া নিযুক্তিৰ দৰে পৰীক্ষাত কিয় অৱতীৰ্ণ হ'ব লাগে ?

আছুৰ সভাপতি উৎপল শৰ্মাই পুনৰ কয়,"সহকাৰী অধ্যাপক হ'বলৈ প্ৰশাসনিক বিষয়া নিযুক্তিৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কোনো প্রয়োজন আৰু প্ৰাসংগিকতা নাই । এই সিদ্ধান্ত বাতিল কৰিব লাগে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাৱলীৰ ভিত্তিতেই সহকাৰী অধ্যাপক নিযুক্তি হ'ব লাগিব । বিভিন্ন বিশ্ববিদ্যালয়ে প্রদান কৰা নম্বৰৰ ক্ষেত্ৰত সমতা স্থাপন কৰিবলৈ যদি কোনো বিশেষ পৰীক্ষা পাতিবও লাগে তেন্তে এইক্ষেত্ৰত বিশিষ্ট শিক্ষাবিদ, শিক্ষক সংগঠন, ছাত্র সংগঠন আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰিহে আগবাঢ়িব লাগে ।"

তেনেক্ষেত্রতো এই কথা স্পষ্ট যে পি এইচ ডি ডিগ্ৰীৰ বৰ্তমানৰ মান্যতা বাহাল থাকিব লাগিব বুলি দাবী কৰি তেওঁ কয়, "তেনে পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰশাসনিক পৰীক্ষাৰ দৰে নহৈ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা নির্দিষ্ট বিষয়টো কেন্দ্রিকহে হ'ব লাগিব । এই খচৰা পুনৰ বিবেচনা কৰি বাতিল কৰিব লাগে । ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ বিষয়টোত আগবাঢ়িব লাগে ।"

লগতে পঢ়ক:শিক্ষা বিভাগৰ বিভিন্ন পদত ৪১ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি-পত্ৰ প্ৰদান - Assam CM Himanta Biswa Sarma

নাম-ইতিহাস সলনি কৰাৰ বিজেপিৰ প্ৰৱণতাক নকল কৰিছে মুখ্যমন্ত্রীয়ে: আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.