ETV Bharat / state

অসমত এতিয়া আইন-শৃংখলা বুলি একো নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ : আছুৰ সভাপতি - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 5:54 PM IST

Utpal Sarma in Dhing : দুমাহত ২২ গৰাকী কিশাৰী-যুৱতী নিৰ্যাতিত-ধৰ্ষিতা হোৱা বুলি মুখ্যমন্ত্ৰীয়ে ক’বলৈ লাজ পাব লাগিছিল ৷ এই মন্তব্য উৎপল শৰ্মাৰ ৷ ৰাজ্যত আইন-শৃংখলা বুলি এতিয়া একো নাই ৷ এই মন্তব্যও আছুৰ সভাপতিগৰাকীৰ ৷

Utpal Sarma in Dhing
ধিঙৰ প্ৰতিবাদস্থলীত আছুৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)

ধিং, ২৪আগষ্ট : কিশোৰীক ধৰ্ষণ কৰি এটা অভিযুক্ত পানীত পৰি মৃত্যু হোৱাৰ পিচতো ধিঙত অব্যাহত আছে প্ৰতিবাদ ৷ কাৰণ আন দুটা অভিযুক্তক এতিয়াও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই ৷ ধিং বজাৰৰ মাজমজিয়াত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল মহিলাসহ আছু ।

শনিবাৰে ধিঙৰ প্ৰতিবাদস্থলীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ লগতে কেবাসহস্ৰাধিক মহিলায়ো ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছুৰ সভাপতিগৰাকীয়ে কয়, ‘‘অসমত গৃহ বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ধিঙৰ ঘটনাটোৱে অসমৰ প্ৰতিগৰাকী অসমীয়াৰ মন, মগজু, আত্মা জোঁকাৰি গৈছে ৷ কিন্তু কেৱল ধিঙৰ ঘটনাটোকে আমি বিক্ষিপ্ত ঘটনা হিচাবে চাব নোৱাৰোঁ ৷ কিয়নো এনেধৰণৰ ঘটনা যোৱা কেবামাহত অসমত কেবাটাও ঘটি গৈছে ৷’’

‘‘মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা দুমাহত ২২ গৰাকী মহিলা নিৰ্যাতিত-ধৰ্ষিতা হৈছে ৷ তেওঁ এই কথা ক’বলৈ লাজপোৱা উচিত ৷ তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা অৱস্থাত দুমাহত ২২ গৰাকী কিশোৰী-যুৱতী যদি নিৰ্যাতিতা হৈছে, তেন্তে অসমত যে আইন-শৃংখলা বুলিবলৈ একো নাই, অসমত যে অপৰাধীয়ে আৰক্ষী-প্ৰশাসনলৈ ভয় নকৰা হৈছে সেইকথা প্ৰমাণিত হৈছে ৷’’ উৎপল শৰ্মাই কয় ৷

তদুপৰি আছু নেতাগৰাকীয়ে কয়, ‘‘ধিঙৰ মানুহ ক্ষোভত আছে ৷ ধিং আঞ্চলিক ছাত্ৰ সন্থাই নেতৃত্ব লৈছে, ধিঙৰ নাৰীসমাজ ওলাই আহিছে, ব্যৱসায়িক সন্থা ওলাই আহিছে, যুৱক-যুৱতী, আবাল-বৃদ্ধ-বণিতা ৰাজপথত বহি আছে ৷ সকলোৰে এটাই দাবী যে যি দুটা নৰপিশাচক আৰক্ষীয়ে এতিয়াও কৰায়ত্ত কৰিব পৰা নাই, সিহঁতক শীঘ্ৰেই কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ৷’’

লগতে পঢ়ক : জানাজা নিদিয়ে, ৰাজহুৱা কবৰস্থানতো ঠাই নিদিয়ে; ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত

আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি

তেজপুৰত যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.