ETV Bharat / state

সমৰ্থ পৰ্টেল চলোৱাৰ ন্যূনতম ধাৰণাও নাই শিক্ষা বিভাগৰ : উৎপল শৰ্মা - SAMARTH Portal

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:42 PM IST

AASU on SAMARTH Portal disturbance : সমৰ্থ পৰ্টেলৰ বিসংগতিৰ সন্দৰ্ভত সৰৱ হৈছে আছু ৷ পৰ্টেলটো কিদৰে চলাই তাৰ ন্যূনতম ধাৰণাও শিক্ষা বিভাগৰ নাই বুলি কয় ছাত্ৰ সংগঠনটোৰ সভাপতিয়ে ৷

AASU on SAMARTH Portal disturbance
সমৰ্থ পৰ্টেল বিসংগতিৰ সন্দৰ্ভত আছু (ETV Bharat Assam)

গুৱাহাটী, ২২ জুন : নামভৰ্তিৰ নামত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনক লৈ শিক্ষা বিভাগে হেতালি খেলাৰ অভিযোগ তুলি বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্যাগৰ দাবীও উত্থাপন কৰিছে আছুৱে ৷

বিসংগতিপূৰ্ণ ‘সমৰ্থ’ পৰ্টেলযোগে শিক্ষানুষ্ঠানত স্নাতকৰ নামভৰ্তিৰ নামত ৰাজ্যৰ শিক্ষাৰ্থীসকলে চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পিচতো সমৰ্থ পৰ্টেলত কোনো ত্ৰুটি নাই বুলি দাবী কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্যাগৰ দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । শনিবাৰে পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘শিক্ষা বিভাগ উদ্ভাৱন নামত ‘সমৰ্থ’ হ’লেই নহ’ব ৷ যিগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগটো চলাই আছে, তেওঁৰো বিভাগটো চলাবলৈ সামৰ্থ থাকিব লাগিব ৷ সমৰ্থ পৰ্টেলটো কিদৰে চলাব লাগে তাৰ ন্যূনতম ধাৰণা শিক্ষা বিভাগৰ আছেনে নাই তাৰ ওপৰত সন্দেহ আছে ।’’

উৎপল শৰ্মাই লগতে কয়, ‘‘এই শিক্ষামন্ত্ৰীগৰাকীৰ দিনত অসমৰ ৰাজহুৱা শিক্ষাখণ্ডটো একেবাৰে ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে । শেহতীয়াকৈ ‘সমৰ্থ’ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বেলিকা মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভুগিবলগীয়া হৈছে ।’’

লগতে পঢ়ক: সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ

আছুৰ সভাপতিগৰাকীয়ে কয়, ‘‘এটা নামভৰ্তিৰ কাৰণে ৪ খনকৈ জাননী ওলাব পাৰে নেকি ? পৰ্টেলৰ বিসংগতিৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত হ’বলগীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ল’বনে ?’’

শিক্ষামন্ত্ৰীক অহংকাৰী আখ্যাৰে হৰিচন্দ্ৰৰ লগত তুলনা কৰি আছুৰ সভাপতিগৰাকীয়ে স্পষ্টভাৱে কয় যে ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক ন্যায় পাবই লাগিব । যিসকল ছাত্ৰ-ছাত্ৰীয়ে সমৰ্থ পৰ্টেলৰ বিফলতাৰ বাবে শৈক্ষিক অন্যায়ৰ সন্মুখীন হ’ল, তেওঁলোকৰ যাতে কোনো কাৰণত শৈক্ষিক বর্ষ নষ্ট নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই আছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.