ETV Bharat / state

খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ আছুৰ - Food and Economic Agitation

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 5:11 PM IST

Food and Economic Agitation: ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । মৰিগাঁৱত কেন্দ্ৰীয়ভাৱে আছুৱে শ্বহীদ দিৱস উদযাপন কৰে । শ্বহীদ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী আছুৰ ।

Food and Economic Agitation
খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ আছুৰ (ETV Bharat)

মৰিগাঁও,১০ জুন : অসমৰ ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনে ৫০ বছৰত ভৰি দিলে । এই বিশেষ দিনটোত খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে । এই উপলক্ষে মৰিগাঁও জিলাৰ ভূৰবন্ধাত সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱসৰ আয়োজন কৰে । আছুৱে ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ ক্ৰমে পুতুল শইকীয়া আৰু গজেন ইংতিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ দুই শ্বহীদ পৰিয়ালক চৰকাৰীভাৱে ৫ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰো দাবী জনায় আছুৱে ।

শ্বহীদ দিৱসৰ কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে । কাৰ্যসূচীত অংশ লৈ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে জাতীয় শ্বহীদৰ ত্যাগক কেতিয়াও অথলে যাবলৈ দিয়া নহ'ব । তেওঁৰ মতে অসমত আজিও পৰিকল্পিত অৰ্থনৈতিক অন্দোলনৰ প্ৰয়োজন ৷ মুখ্য উপদেষ্টাগৰাকীৰ মতে অসমত আন্দোলন নোহোৱাকৈ একোৱে পোৱা নাযায় ৷ ১৯৭৪ চনত হোৱা আন্দোলন প্ৰাসংগিক আছিল আৰু আছুৱে ইয়াক আগুৱাই লৈ যাব বুলি আশ্বাস দিয়ে ৷ আনহাতে খাদ্য আন্দোলনৰ দুই শ্বহীদৰ পৰিয়ালৰ দায়িত্ব চৰকাৰে বহন কৰিব লাগে বুলিও তেওঁ দাবী জনায় ।

একেটা কাৰ্যসূচীতে উপস্থিত থাকি আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে দুবছৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে এই শ্বহীদ পৰিয়ালক ৫ লাখকৈ সাহায্য প্ৰদানৰ আশ্বাস দিছিল । কিন্তু আজিলৈকে চৰকাৰে এই ক্ষেত্ৰত একোৱে নকৰিলে বুলি আছুৰ সভাপতিগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে । সেয়েহে উৎপল শৰ্মাই শীঘ্ৰে পৰিয়ালকেইটাক সাহায্য প্ৰদানৰ দাবী জনায় ।

ইয়াৰ উপৰিও আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয় যে খাদ্য আন্দোলনৰ বিষয়সমূহ এতিয়াও প্ৰাসংগিক হৈয়েই আছে । চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে নিৰ্বাচন যোৱাৰ পিচতেই চৰকাৰে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে । তেওঁৰ অভিযোগ চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰিবৰ বাবে আজিৰ তাৰিখটো জনসাধাৰণক অৰ্থনৈতিকভাৱে টনকিয়াল নকৰি হিতাধিকাৰী সৃষ্টি কৰিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেহে পৰাজিত হ’ল বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ ! - Dibrugarh Lok Sabha constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.