ETV Bharat / state

কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে আছুৱে: তীব্ৰতৰ কৰিব ‘কা’বিৰোধী আন্দোলন

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:28 PM IST

Lok Sabha Election 2024: ‘কা’ৰ প্ৰসংগত বিৰোধী দলসমূহৰ লগত সহমত থাকিলেও কোনো ৰাজনৈতিক দলৰ প্ৰতি সমৰ্থন আগনবঢ়ায় আছুৱে ৷ ই টিভি ভাৰতৰ সন্মুখত স্পষ্ট কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ সমগ্ৰে উত্তৰ-পূৰ্বাঞ্চত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰা হ’ব বুলিও উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টাই ৷

ASSU Against CAA
সদৌ অসম ছাত্ৰ সন্থা

দিল্লী, 19 মাৰ্চ: সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে পুনৰ কয় যে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে ৷ তাৰ পৰিৱৰ্তে আছুৱে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব । নতুন দিল্লীত ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "উত্তৰ-পূব ছাত্ৰ সংগঠনৰ সহযোগত আমি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিম । যিকোনো মূল্যৰ বিনিময়ত আমি অসম আৰু উত্তৰ-পূবত কা কাৰ্যকৰী হ’বলৈ নিদিওঁ ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

আছুৰ মুখ্য উপদেষ্টাগৰাকীক সোধা হৈছিল যে ‘কা’ৰ বিৰোধিতা কৰি থকাৰ বাবে তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়াব নেকি ? উত্তৰত ভট্টাচাৰ্যই কয়, ‘‘ যিসকলেই ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকক আমি স্বাগতম জনাইছো । কিন্তু, আমি কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰো । আমি অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে যুঁজি আছো ৷’’

উল্লেখ্য যে নেছ’ই ‘কা’ৰ বিৰুদ্ধে সোমবাৰে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে আৰু ‘কা’ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ আহ্বান জনায় ৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই কয় যে কা ৰূপায়ণৰ বিৰোধিতা কৰিবলৈ ১৬ দলীয় বিৰোধী ঐক্যমঞ্চ, অসম গঠন কৰা হৈছিল । অসমৰ ৰাইজে কা গ্ৰহণ নকৰে । ‘কা’ৰ সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি স্পষ্ট বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে তেওঁলোকে আইনখন গ্ৰহণ নকৰে ৷

বৰাই কয় যে ‘কা’ৰ বিৰুদ্ধে থকা তেওঁলোকৰ স্থিতিক মূল ইছ্যু হিচাপে লৈ ৰাইজৰ ওচৰলৈ যাব । তেওঁ কয় যে সকলো বিৰোধী মিত্ৰশক্তিয়ে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ‘কা’ প্ৰসংগ উত্থাপন কৰিব ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কিদৰে বিতৰ্কিত আইনখন কাৰ্যকৰী কৰাৰ চেষ্টা কৰি সেই সন্দৰ্ভতো ৰাইজৰ সন্মুখত আলোকপাত কৰিব ৷

লগতে পঢ়ক: চিএএ গোচৰ, চৰকাৰক ৩ সপ্তাহৰ ভিতৰত আবেদনৰ সঁহাৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.