ETV Bharat / state

বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ আছু - AASU Protest

Protest in Tinsukia : তিনিচুকীয়াত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তি বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷

PROTEST AGAINST APDCL
তিনিচুকীয়াত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 4:28 PM IST

তিনিচুকীয়া, 17 আগষ্ট : হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰৰ দিনত 1200 টকা লাভ কৰা হিতাধিকাৰীয়ে এতিয়া বিদ্যুতৰ মাচুল দিব লগা হৈছে এহেজাৰ টকা ৷ এই অভিযোগ উত্থাপন কৰে তিনিচুকীয়া জিলা আছুৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে ৷ বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই অভিযোগ উত্থাপন কৰে আছু নেতাজনে ৷

বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

শনিবাৰে তিনিচুকীয়াত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়াৰ থানা চাৰিআলিত জিলা আছুৱে বিক্ষোভ কায্যসূচী হাতত লয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তি বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷

চহৰৰ মাজেৰে সমদল কৰি আহি তিনিচুকীয়া বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিদ্যুৎ মাচুল হ্ৰাস কৰক, বিদ্যুৎ বিভাগ হায় হায়, বিজেপি হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জনতাৰ ওপৰত শোষণ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়া চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ অতি সোনকালে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাক শোষণ কৰাক কাৰ্যক ধিক্কাৰ দিয়ে তিনিচুকীয়া জিলা আছুৰ সভাপতি সত্য বৰগোহাঁয়ে ৷

উল্লেখ্য যে, বিদ্যুৎ মাচুল বৃদ্ধি আৰু বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰে দীৰ্ঘদিন ধৰি জলা-কলা খুৱাই আহিছে ৰাজ্যৰ জনতাক ৷ স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাইজ তথা বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰি আহিছে যদিও এতিয়াও কোনো সদুত্তৰ দিয়া নাই বিভাগ তথা চৰকাৰে ৷

লগতে পঢ়ক : মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা : ন্যায়ৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য - RG Kar Medical College rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.