ETV Bharat / state

সৰ্প দংশনত ছাত্ৰীৰ মৃত্যু : ছিপাঝাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসকৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী আছুৰ - AASU protest

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:47 PM IST

AASU demands judicial inquiry: ছিপাঝাৰৰ প্ৰিন্সি নামৰ ছাত্ৰীগৰাকীৰ সৰ্প দংশনত মৃত্যুৰ পিচতে চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন ৷ ন্যায়িক তদন্তৰ দাবী আছুৰ ৷

AASU protest
AASU demands judicial inquiry (ETV Bharat Assam)

মঙলদৈ, 25 জুন: অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰিলেও কেতবোৰ ঘটনাই বিভাগটোৰ ভিতৰৰ ছবিখন মাজে-সময়ে উদঙাই দিয়ে ৷ দৰং জিলাৰ ছিপাঝাৰত সংঘটিত সৰ্প দংশনৰ এক ঘটনাই শেহতীয়াকৈ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ এগৰাকী দহবছৰীয়া নাবালিকাৰ সৰ্প দংশনত মৃত্যু ঘটাৰ পিচত চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উঠিছে ৷

চিকিৎসকৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী আছুৰ (ETV Bharat Assam)

অভিযোগ মতে, দেওবাৰে সৰ্পই দংশন কৰা ছিপাঝাৰৰ সোণাপুৰৰ প্ৰিন্সি নামৰ নাবালিকাগৰাকীক ভৰ্তি কৰোৱা হৈছিল ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ কিন্তু চিকিৎসকে সাধাৰণ চিকিৎসা প্ৰদান কৰি আধা ঘন্টা ধৰি প্ৰিন্সিক বহুৱাই ৰাখে চিকিৎসালয়ত ৷ লাহে লাহে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আত্মীয়ই তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷

লগতে পঢ়ক: উপযুক্ত চিকিৎসাৰ অভাৱ : কৰুণ মৃত্যু কণমানি প্ৰিন্সিৰ - Girl dies of snake bite

তাত চিকিৎসকে এন্টিভেনম প্ৰদান কৰি প্ৰিন্সিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু আধা বাটতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তাতেই চিকিৎসকে প্ৰিন্সিক মৃত ঘোষণা কৰে ৷

ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰিন্সি চহৰীয়া নামৰ কণমানিজনী অকালতে হেৰাই যাব লগা হোৱাত গৰজি উঠে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

উক্ত ঘটনাৰ পিচতে জিলা স্বাস্থ্য বিভাগৰ পৰা ন্যায়িক তদন্তৰ দাবীত ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে চিকিৎসালয়খনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে সংশ্লিষ্ট চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে । আনহাতে চিকিৎসালয়খনত সাব্যস্ত কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ঘাৰোৱা-সোণাপুৰৰ একাংশ মহিলায়ো ।

উল্লেখযোগ্য যে বিভিন্ন সময়ত চিকিৎসালয়খনত আসোঁৱাহপূৰ্ণ কাম-কাজ চলি থকা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উঠি আছিল । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো কৰি আহিছে আছুকে ধৰি বিভিন্ন দল-সংগঠনে । কিন্তু প্ৰশাসনে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

দেওবাৰে প্ৰিন্সি নামৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিচত স্বাস্থ্য বিভাগে গুৱাহাটীৰ পৰা ডাঃ এফ এ লস্কৰ আৰু দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ডাঃ মালবিকা গগৈ ডেকা আৰু ডাঃ দিল্লীৰাম অধিকাৰীৰ নেতৃত্বত তিনিজন চিকিৎসকক তদন্তৰ দায়িত্ব দিছে ৷ তেওঁলোকে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু এই তদন্তৰ প্ৰক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি আছুৱে ন্যায়িক তদন্তৰ দাবী কৰিছে ৷

লগতে পঢ়ক: মাজুলীত সৰ্প দংশনত এজন লোকৰ মৃত্যু - Snake bite

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.