ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ : আছু - GU Cash for marks Scam

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 5:51 PM IST

AASU on Gauhati university marksheet scam : গুৱাহাটী বিশ্ববিদ্যালয়ৰ নম্বৰ কেলেংকাৰীত জড়িত ৰৌ-বৰালিক গ্ৰেপ্তাৰৰ দাবী আছু ৷ ৰাজনৈতিক ৰাজনৈতিক পৃষ্ঠপোষকতাৰে পৰিপুষ্ট কোনো লোক জড়িত আছে যদি বিচাৰি উলিওৱাৰ দাবী ছাত্ৰ সংগঠনটোৰ ৷

AASU on Gauhati university marksheet scam
মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তিনিচুকীয়া, 30 জুন : ‘‘জাতীয় আন্দালনৰ ফলত প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ বঢ়াই দিয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংঘটিত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীক এ পি এছ চি কেলেংকাৰীৰ সমপৰ্যায়ৰ হিচাপে গণ্য কৰিব লাগে ৷’’ গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰৰ ক্ষেত্ৰত ধনৰ বিনিময় হোৱাৰ ভয়ংগৰ অভিযোগৰ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়ালে আছুৰ সভাপতি উৎপল শৰ্মাই ৷

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে ধনৰ বিনিময়ত শিক্ষাৰ্থীক নম্বৰ বঢ়াই দিয়াৰ অভিযোগ ৷ পোহৰলৈ আহিছে কোটি কোটি টকাৰ বৃহৎ কেলেংকাৰী ৷ কোনো এটা বিষয়ত নম্বৰ বঢ়োৱাৰ লগতে বেক উঠোৱাৰ নামতো লাখ টকাপৰ্যন্ত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত ইতিমধ্যে বৰপেটাৰ আজিজুল হক নামৰ এজন ছাত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ৷ সম্প্ৰতি অব্যাহত ৰখা হৈছে তদন্ত ৷

বিষয়টোৰ সন্দৰ্ভত দেওবাৰে তিনিচুকীয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থা সভাপতি-সাধাৰণ সম্পাদকদ্বয়ে ৷ ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কেলেংকাৰীক অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ সমপৰ্যায়ৰ বুলি অভিহিত কৰে ৷ তেওঁ কয় যে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে দিনে-নিশাই কষ্ট কৰি পৰীক্ষাত বহে, কিন্তু তাৰ বিপৰীতে কোনোৱে কোনো কষ্ট নকৰাকৈ ঘোচ দি নম্বৰ বঢ়ায় ৷ তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ’ব নোৱাৰে ৷

লগতে পঢ়ক: চি আই ডি-আৰক্ষীৰ যুটীয়া অভিযান : মাৰ্কশ্বীট কেলেংকাৰীৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ

বিশ্ববিদ্যালয়ৰ এই কেলেংকাৰীৰ সন্দৰ্ভত কেৱল পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি যাতে তদন্ত নাসামৰে, তাৰ প্ৰতি দাবী জনায় উৎপল শৰ্মাই ৷ তেওঁ কয় যে বিয়াগোম প্ৰশাসনৰ নাকৰ তলত ঘটি থকা এই কাণ্ড কোনেও গম নোপোৱাকৈ থকা নাছিল বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে ৷ কেলেংকাৰীটোৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি প্ৰতিগৰাকী দোষীক কঠোৰতম শাস্তিৰ দাবী জনায় উৎপল শৰ্মাই ৷

আনহাতে এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ সপোন থাকে ৷ আমাৰ সপোন আছে ৷ এইখন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীয়ে এনে কাম কৰাটো নাভূত-নাশ্ৰুত কাণ্ড ৷’’ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিয়াগোম কেলেংকাৰীটোৰ সন্দৰ্ভত ইতিমধ্যে আঠগৰাকী লোকক কৰায়ত্ত কৰাৰ কথা উল্লেখ কৰি শংকৰজ্যোতি বৰুৱাই কয় যে এই কাণ্ডত যদিহে ৰাজনৈতিক পৃষ্ঠপোষকতাৰে পৰিপুষ্ট কোনো উচ্চপদস্থ লোক জড়িত আছে, তেওঁলোককো চিনাক্ত কৰিব লাগে ৷

লগতে পঢ়ক: মাৰ্কশ্বীট কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, আৰক্ষীৰ জালত আঠটা অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.