ETV Bharat / state

গণিতৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত ছেবাৰ সচিবক সাক্ষাৎ আছু প্ৰতিনিধি দলৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 2:09 PM IST

AASU Delegation meets SEBA : বামুণীমৈদামত অৱস্থিত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সচিবক সাক্ষাৎ আছুৰ প্ৰতিনিধি দলৰ । গণিতৰ প্ৰশ্নকাকত যথেষ্ট জটিল হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আছু নেতৃত্ব উপস্থিত হয় ছেবা কাৰ্যালয়ত ৷ একাংশ ক্ষোভিত অভিভাৱকো পুৱাই উপস্থিত হয় ছেবা কাৰ্যালয়ত ৷

AASU DELEGATION MEETS SEBA SECRETARY OVER IRREGULARITIES DURING HSLC EXAM 2024
গণিতৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত ছেবাৰ সচিবক সাক্ষাৎ আছু প্ৰতিনিধি দলৰ
গণিতৰ প্ৰশ্নকাকত বিসংগতি সন্দৰ্ভত ছেবাৰ সচিবক সাক্ষাৎ আছু প্ৰতিনিধি দলৰ

গুৱাহাটী, 1 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ গণিত বিষয়ৰ প্ৰশ্নত বিসংগতি হোৱা সন্দৰ্ভত বামুণীমৈদামত অৱস্থিত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ড চৌহদত পৰীক্ষাৰ্থীৰ অভিভাৱকসকল উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে আছুৰ প্ৰতিনিধি দলে শিক্ষাৰ্থীৰ ন্যায় দাবী কৰি সাক্ষাৎ কৰে ছেবাৰ অধ্যক্ষক ৷

উল্লেখ কৰা প্ৰয়োজন যে, 29 ফেব্ৰুৱাৰীৰ দিনা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ পৰীক্ষা ৷ পাঠ্যপুথিৰ বাহিৰৰ পৰা প্ৰশ্ন অহাৰ লগতে প্ৰশ্নকাকত যথেষ্ট জটিল হোৱা বুলি পৰীক্ষাৰ্থী-অভিভাৱকসকলে ছেবা বোৰ্ডৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হৈছিল ৷ ছেবাৰ এই বিসংগতিৰ বিৰুদ্ধে শুকুৰবাৰে একাংশ ক্ষোভিত অভিভাৱক পুৱাই উপস্থিত হয় ছেবা কাৰ্যালয়ত ৷

সমান্তৰালভাৱে, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি চৌধুৰীৰ নেতৃত্বত এটা দল উপস্থিত হয় ছেবাৰ কাৰ্যালয়ত ৷ ছেবাৰ কাৰ্যলয়ত অধ্যক্ষ অনুপস্থিত থকাৰ বাবে ছেবাৰ সচিবক লগ কৰি আলোচনাত মিলিত হ’ল আছুৰ প্ৰতিনিধি দল । পৰীক্ষাত হোৱা বিসংগতিৰ বাবে মানসিকভাবে ভাঙি পৰিছে হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ্থীসকল আৰু তাৎক্ষণিকভাবে পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰিবলৈ ছেবাৰ সচিবক আহ্বান জনায় আছুৱে ।

ইয়াৰ লগতে, বিসংগতি হোৱা প্ৰশ্নৰ বিপৰীতে পৰীক্ষাৰ্থীসকলক নম্বৰ দিবলৈও দাবী জনায় আছুৰ প্ৰতিনিধি দলে ৷ সচিবগৰাকীয়ে বিষয়টো সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে বুলি আছুয়ে জনায় । উল্লেখ কৰা প্ৰয়োজন যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে যদিও বাৰাম্বাৰ সফলভাৱে পৰীক্ষা অনুষ্ঠিত কৰাত বিফল হোৱা পৰিলক্ষিত হৈ আহিছে ৷

চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজীৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ ভিতৰতে কাছাৰত ফাদিল হৈছিল প্ৰশ্নকাকত ৷

লগতে পঢ়ক : হাবাইপুৰ হায়াৰ চেকেণ্ডাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.